গুৱাহাটী: বিহুৰ বতৰ ৷ চাৰিওফালে ব’হাগক আদৰাৰ প্ৰস্তুতি এতিয়া অসমত ৷ ইতিমধ্যে আৰম্ভ হৈ গৈছে বিহুৰ আখৰা ৷ প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান চাবলৈ উৎসুক হৈ আছে বিহুবলীয়া ৰাইজ ৷ শেহতীয়াকৈ বিহুৰ মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখি উৎফুল্লিত হৈ পৰে শ্ৰোতা-দৰ্শক ৷
দেওবাৰে ৰঙালীৰ মঞ্চত জুবিনৰ নতুন ৰূপে মুহিলে দৰ্শকক ৷ মিছন চাইনা, কাঞ্চনজংঘাৰ পাছতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অন্য এখন চিনেমা শীঘ্ৰেই আহি আছে, নাম ‘ৰৈ ৰৈ বিনালে’ ৷ ইতিমধ্যে পূৰ্ণগতিত চলি আছে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । দেওবাৰে হাতত লাখুটি লৈ ৰঙালীৰ মঞ্চত নতুন ৰূপত দেখা গ’ল জুবিন গাৰ্গক । আচলতে এই নতুন ৰূপেৰে ছবি ‘ৰৈ ৰৈ বিনালে’ ৰ প্ৰচাৰ চলাইছে জুবিনে ।
দেওবাৰে ৰঙালীৰ মঞ্চত ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰে জুবিনে । ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি জুবিন গাৰ্গে কয়, “নতুন ৰূপ আৰু নতুন ছবি ৷ এইটো ৰৈ ৰৈ বিনালেৰ ৰূপ । মই প্ৰতিখন ছবিতে ৰূপ সলনি কৰি থাকো, ক'ৰবাত টকলা হৈ যাওঁ, ক'ৰবাত চুলি থাকে । এইখনত এনেদৰে ওলাইছো । ৰৈ ৰৈ বিনালেত মই অন্ধ হৈ ওলাম । সেই ৰূপটো আৰু বেলেগ । মঞ্চত সেই ৰূপটো কৰিবলৈ অকণমান দিগদাৰ । আজি ৰঙালীৰ মঞ্চত প্ৰথম পোষ্টাৰ মুকলি কৰিছো । ৰঙালী আমাৰ বাবে এটা ভাল প্লেটফৰ্ম । ছেপ্টেম্বৰত ছবিখন মুক্তি দিয়া হ'ব ।”

উল্লেখ্য যে, "ৰৈ ৰৈ বিনালে" অসমৰ প্ৰথমখন মিউজিকেল ছবি । ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিব কণ্ঠশিল্পী আচুর্য বৰপাত্ৰ, নীল আকাশৰ লগতে কেইবাগৰাকী কণ্ঠশিল্পীয়ে । ছবিখনৰ পৰিচালনা কৰিব ৰাজেশ ভূঞাই । চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ । ছবিখনৰ কাহিনী জুবিন গাৰ্গৰ । ইতিমধ্যে ছবিখনৰ দুটা গীতৰ শ্বুটিং সম্পন্ন কৰা হৈছে শ্ৰীলংকাত ।

ঝীল ক্ৰিয়েশ্যনছ আৰু আই ক্ৰিয়েশ্যনছ বেনাৰত নিৰ্মিত ছবিখনক লৈ উৎসাহী এতিয়া অসমবাসী ।

লগতে পঢ়ক : দুমাহ ধৰি কিয় অন্ধ হৈ আছিল জুবিন গাৰ্গ ?