গুৱাহাটী : পুনৰ অসুস্থ হৈ পৰিছে শিল্পী জুবিন গাৰ্গ ৷ মাজনিশা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক । জানিব পৰা অনুসৰি, নিশা 1 বজাত হঠাৎ পেটৰ বিষ অনুভৱ কৰাত নেমকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয় জুবিনক ৷ চিকিৎসকে ভৰ্তি হোৱাৰ পৰামৰ্শ দিয়ে কণ্ঠশিল্পীগৰাকীক । বৰ্তমান বিশেষজ্ঞ চিকিৎসক দল এটাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে জুবিন গাৰ্গ ।
জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতা সন্দৰ্ভত তেওঁৰ সহযোগী ৰাজু বৰুৱাই জনাই, “কেইদিনমান ধৰি জ্বৰ-চৰ্দিত ভূগি আছিল জুবিন গাৰ্গ । বুধবাৰে নিশা নতুন অসমীয়া ছবি ‘‘ভাইমন দা’’ৰ প্ৰিমিয়াৰ শ্ব'ত উপস্থিত আছিল জুবিন গাৰ্গ । প্ৰিমিয়াৰ শ্ব'ত থকাৰ সময়তে সামান্য পেটৰ বিষ অনুভৱ হোৱাত নিশাই হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁক । বৰ্তমান তেওঁ সুস্থ । খুব সম্ভৱ কিছু সময়ৰ পাছতে তেওঁক ঘৰলৈ যাবলৈ দিয়া হ'ব ।”
জুবিন গাৰ্গৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে অনুৰাগীসকল । সকলোৱে এতিয়া কণ্ঠশিল্পীগৰাকীৰ আশু-আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ভাৰত-পাকিস্তানৰ মাজত আৰম্ভ হোৱা যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 10 মে’ ৰ পৰা সকলো বিহুৰ অনুষ্ঠান বাতিলৰ নিৰ্দেশ দিয়ে ৷ তাৰ পূৰ্বে কণ্ঠশিল্পীসকলে বিহুৰ অনুষ্ঠানৰ বাবে অসমৰ ইমূৰ সিমূৰ ঘূৰি ফুৰিছিল ৷ জুবিনো ব্যস্ত আছিল বিহুৰ অনুষ্ঠানত ৷ অনুৰাগীসকলে অনুমান কৰিছে কাম কৰি ভালপোৱা তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীয়ে নিশ্চয় এই সময়ত লোৱা নাছিল প্ৰয়োজনীয় জিৰণি ৷
ইয়াৰ পূৰ্বেও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কণ্ঠশিল্পীগৰাকীক । বৰ্তমানলৈকে জুবিনৰ স্বাস্থ্যৰ সন্দৰ্ভত নেমকেয়াৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ মন্তব্য অহা নাই ৷ কণ্ঠশিল্পীগৰাকীৰ স্বাস্থ্যৰ যিসমূহ যাৱতীয় পৰীক্ষা সেইসমূহ কৰি থকা হৈছে বুলি জানিব পৰা গৈছে ।
পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱাৰ সময়ত চিকিৎসকে বাৰম্বাৰ এটা কথাই উল্লেখ কৰিছিল যে কণ্ঠশিল্পীগৰাকীক যথেষ্ট জিৰণিৰ প্ৰয়োজন ৷ প্ৰায়ে ৰাতি দেৰীলৈকে কাম কৰাৰ বাবে টোপনি ক্ষতি হয় জুবিনৰ । যাৰ বাবে সঘনাই বেমাৰত পৰে বুলি এতিয়া মত প্ৰকাশ কৰিছে বহুজনে ৷
লগতে পঢ়ক : জী চিনে বঁটা ২০২৫ ত এক্সপাৰ্ট ছাউণ্ড ডিজাইনাৰ হৈ ধৰা দিলে অসমৰ কিংশুকে