গুৱাহাটী: বুধবাৰে মাজনিশা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় সংগীতশিল্পী জুবিন গাৰ্গক । হঠাৎ পেটৰ বিষ অনুভৱ কৰাত নিশাই নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় কণ্ঠশিল্পীগৰাকীক । বৰ্তমানে তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷
জুবিন গাৰ্গৰ শেহতীয়া স্বাস্থ্যৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই কয়, “কালি নিশা ভাইমন দাৰ প্ৰিমিয়াৰ শ্ব’ চাই থকা অৱস্থাতে তেওঁ অকণমান অসুস্থ অনুভৱ কৰিছিল । নিশাই তেওঁক হাস্পতালত ভৰ্তি কৰি যাৱতীয় পৰীক্ষাসমূহ কৰা হয় । বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই যদিও তেওঁ চিকিৎসকৰ নিৰীক্ষণত থকাৰ প্ৰয়োজন আছে । বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ দল এটাৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে । কাইলৈ আৰু এটা পৰীক্ষা কৰা হ'ব তাৰ পাছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হ'ব ।”
কি হৈছিল জুবিন গাৰ্গৰ ?
এই সন্দৰ্ভত চিকিৎসকগৰাকীয়ে কয়, “বিগত তিনি-চাৰিদিনৰ পৰা তেওঁৰ জ্বৰ আৰু কাহ হৈ আছিল । সেইটোক লৈ ইমান চিন্তা কৰাৰ কথা নাই । ইতিমধ্যে ঔষধ আৰম্ভ কৰা হৈছে । তাৰ উপৰিও অকণমান গেছৰ সমস্যা হৈছিল । তাৰ বাবেও ইতিমধ্যে ঔষধ দিয়া হৈছে । বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই ।”
জিৰণি লোৱাৰ প্ৰয়োজন আছে জুবিন গাৰ্গে
“বিগত তিনি-চাৰি দিন ধৰি টোপনিৰ অভাৱ হৈ আছে কণ্ঠশিল্পীগৰাকীৰ । হয়তো কাম কৰি থকাৰ বাবে তেওঁৰ টোপনি ক্ষতি হৈছে । লগতে বিগত এমাহ ধৰি বিহুৰ অনুষ্ঠান কৰি আছে তেওঁ, সেয়ে তেওঁক জিৰণিৰ প্ৰয়োজন আছে । দুদিনমান জিৰণি ল'লে সকলো ঠিক হৈ যাব । মানুহক মানসিক আৰু শাৰীৰিক দুয়োটা বিশ্ৰামৰে প্ৰয়োজন । মানসিকভাৱে জিৰণি ল'লে আৰু কাম কৰিব পাৰিব আৰু আমি জুবিন গাৰ্গৰ পৰা আৰু ভাল ভাল কাম পাব পাৰিম”, এই ভাষ্য আগবঢ়াই জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই ।
লগতে পঢ়ক : বিহু-প্ৰিমিয়াৰ শ্ব’-অত্যধিক ব্যস্ততা... হাস্পতালত জুবিন