পিতৃ-মাতৃৰ কাষত মৰমৰ ৰেম্বো: স্বস্তিৰে উশাহ লৈছে জুবিন-গৰিমাই
সংগীতশিল্পী জুবিন গাৰ্গৰ মৰমৰ কুকুৰ ‘ৰেম্বো’ আহি ঘৰ ওলালহি । সোমবাৰে পুৱাৰে পৰাই শুংসূত্ৰ নাছিল ‘ৰেম্বো’ৰ । ফেচবুক যোগে খবৰ শ্বেয়াৰ কৰিছিল জুবিন-গৰিমাই ।

By ETV Bharat Entertainment Team
Published : March 25, 2025 at 10:36 AM IST
গুৱাহাটী: প্ৰকৃতিৰ প্ৰতি জুবিনৰ প্ৰেম সকলোৰে জ্ঞাত ৷ প্ৰকৃতিৰ সমান্তৰালকৈ সংগীতশিল্পীগৰাকীয়ে ভাল পাই জীৱ-জন্তু, চৰাই-চিৰিকতিও ৷ এই আটাইৰে মাজত জুবিনৰ প্ৰতিগৰাকী অনুৰাগীয়ে জানে কুকুৰৰ প্ৰতি তেওঁৰ কিমান হেঁপাহ ৷ কালি অকস্মাতে জুবিন আৰু গৰিমাৰ বুকু সুদা কৰি নাইকিয়া হৈছিল তেওঁলোকৰ এটা পোহনীয়া কুকুৰ ৰেম্বো ৷
ছ’চিয়েল মিডিয়াত খবৰ শ্বেয়াৰ কৰি জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গ ৰৈ আছিল ৰেম্বোৰ অপেক্ষাত ৷ অৱশেষত যেনিবা তেওঁলোকৰ মুখলৈ পানী আহিল, ৰেম্বো আহি ঘৰ পালেহি ৷

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে পুৱাই শ্বেয়াৰ কৰিছিল মৰমৰ কুকুৰ ‘ৰেম্বো’ সন্ধানহীন হৈ থকাৰ খবৰ । সোমবাৰে পুৱাৰে পৰাই কোনো শুং-সূত্ৰ নাছিল ‘ৰেম্বো’ৰ । মহানগৰীৰ জোনালীত থকা ষ্টুডিঅ’ৰ পৰা পুৱাৰ ভাগতে নাইকিয়া হৈছিল ‘ৰেম্বো’ ।
জুবিনৰ অতিকে মৰমৰ কুকুৰ ‘ৰেম্বো’ৰ বয়স মাথোঁ ৬ মাহ । ‘ৰেম্বো’ সন্ধানহীন হোৱাৰ সন্দৰ্ভত ফেচবুক যোগে এটা পোষ্ট দিছিল শিল্পীগৰাকীয়ে ৷ পোষ্টটোত জুবিন গাৰ্গে লিখিছিল, “মোৰ নতুন কুকুৰ মিষ্টাৰ ‘ৰেম্বো’ হেৰাইছে । অনুগ্ৰহ কৰি ইয়াক মোৰ ওচৰলৈ লৈ আহক ।”
আনহাতে সোমবাৰে নিশা গৰিমা শইকীয়া গাৰ্গেও এই বিষয়ে অৱগত কৰে জনসাধাৰণক ৷ এটা ফেচবুক পোষ্টত গৰিমা শইকীয়া গাৰ্গে লিখিছিল, “আজি পুৱাৰে পৰা আমাৰ Rambo (a cross breed of Cocker Spaniel and Cockapoo), বয়স ৬ মাহ... হঠাতে জোনালীৰ ষ্টুডিঅ’ৰ পৰা নাইকীয়া হ'ল । গোটেই অঞ্চলটোত বিচাৰি চলাথ কৰাৰ পিছতো একো শুংসূত্ৰ পোৱা নাই এতিয়ালৈকে । ১২ ঘণ্টা পাৰ হ’ল । কোনো সদাশয় ব্যক্তিয়ে যদি কৰবাত কেনেবাকৈ দেখা পায়, অথবা কিবা খবৰ পায়, শীঘ্ৰেই আমাক জনাবলৈ অনুৰোধ জনাইছো ।”
পোষ্টটোৰ লগতে 9707242290 আৰু 6003215353 দুটা ফোন নম্বৰো উল্লেখ কৰিছিল গৰিমা শইকীয়া গাৰ্গে । এতিয়া প্ৰায় এঘণ্টামান পূৰ্বে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমযোগে ৰেম্বো আহি ঘৰ পোৱাৰ কথা উল্লেখ কৰে ৷ জুবিনে সাধাৰণভাৱে সকলোকে ধন্যবাদ জনাই ৰেম্বো ইজ বেক বুলি লিখে ৷ আনহাতে গৰিমাই সবিশেষ বৰ্ণনাৰ সৈতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৷

