জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি নাম-প্ৰসংগ
জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে লোৱাই নাই অসমবাসীয়ে ৷ ডিব্ৰুগড়ৰ খোৱাঙত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আৰু সদগতি কামনা কৰি নামঘৰত আইসকলৰ নাম প্ৰসংগ ৷

By ETV Bharat Entertainment Team
Published : September 25, 2025 at 5:01 PM IST
ডিব্ৰুগড়: অসমৰ পৰিচয় জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী । প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ এই মৃত্যু স্বাভাৱিক নহয় বুলি বহুত জল্পনা-কল্পনা চলিছে । শিল্পীগৰাকীৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগে আৰু দোষীয়ে শাস্তি পাব লাগে বুলি সমগ্ৰ ৰাজ্যতে দাবী উত্থাপিত হৈছে ৷
এই দাবীৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাং দলনিকুৰৰ শ্ৰী মধুসূদন নামঘৰ, শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । নামঘৰটোত আইসকলে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰি অনুষ্ঠিত কৰিছে নাম প্ৰসংগ । শতাধিক মহিলাই একেলগে প্ৰাৰ্থনা গাই প্ৰিয় শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰিছে ভগৱানৰ ওচৰত ।
আইসকলে জানিবলৈ দিয়া মতে নামঘৰটোত ভাদ মাহত অনুষ্ঠিত কৰা নাম সামৰিবলৈকে নাপালে তেওঁলোকে । হঠাৎ আহিল জুবিন গাৰ্গৰ অনাকাংক্ষিত ঘটনাটোৰ খবৰ । তাৰ পিছত কোনো অনুষ্ঠানেই অনুষ্ঠিত নহ'ল নামঘৰটোত । সেয়ে নামঘৰটোৰ আইসকলে একত্ৰিত হৈ নাম সামৰাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নাম-প্ৰসংগৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ।

অনুষ্ঠানত উপস্থিত থাকে খোৱাং সমষ্টিৰ সমাজকৰ্মী তথা বিজেপিৰ যুৱ নেতা পৰাগ দত্ত, শিক্ষক উত্তম ভৰালী, দলনিকুৰ ৰাস লীলা উদযাপনৰ মুখ্য উপদেষ্টা নৱজিত ভৰালী, গেৰগেৰী দলনিকুৰ সূৰ্যোদয় সংঘৰ সভাপতি ৰঞ্জিত ভৰালীকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।
ভৱিষ্যতে আৰু এনে সম্পদ নাপাম :
এগৰাকী আই মাতৃয়ে কয়, "প্ৰতিবছৰে ভাদ মাহৰ নাম লওঁ । এইবাৰো লৈছিলোঁ । কিন্তু এইবাৰ আপোন শিল্পীগৰাকী হেৰাই যোৱাত আমি নাম স্থগিত ৰাখিলোঁ । আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই নাম সামৰিছো । তেওঁৰ আত্মাৰ সদগতি হওক । সমগ্ৰ ভাৰতবৰ্ষই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে উচিত তদন্তৰ দাবী জনাইছে, আমিও উচিত তদন্তৰ দাবী জনাইছোঁ । জুবিন শিল্পী নহয়, অসমৰ সম্পদ আছিল । ভৱিষ্যতে আৰু এনে সম্পদ নাপাম, সেয়ে আজি আমি এই নাম প্ৰসংগ অনুষ্ঠিত কৰিছোঁ ।”

জুবিন গাৰ্গ কায়িকভাৱে গৈছে, তেওঁৰ সৃষ্টিৰাজি সদায় থাকিব :
নাম প্ৰসংগত উপস্থিত থাকি অঞ্চলটোৰ শিক্ষক উত্তম ভৰালীয়ে কয়, "জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ বিশ্ব দুখত বিভোৰ হৈ পৰিছে । খোৱাং গেৰগেৰী আৰু দলনিকুৰৰ ৰাইজে তেওঁৰ মৃত্যুৰ খবৰ লাভ কৰা পাছৰে পৰা চাকি বন্তি জ্বলাই আহিছে । জুবিন গাৰ্গ কায়িকভাৱে গৈছে, তেওঁৰ সৃষ্টিৰাজি সদায় থাকিব । তেখেতৰ সৎকাৰ হৈ যোৱাৰ পাছত তেওঁৰ আত্মাৰ সদগতি কামনাৰে আইসকলে এই নাম-প্ৰসংগ অনুষ্ঠিত কৰিছে । জুবিন গাৰ্গৰ মৃত্যু আমাৰ পৰিয়ালৰ এজনৰ মৃত্যু হোৱাৰ দৰে হৈছিল, সেয়ে আইসকলে নামঘৰত লৈ থকা নাম স্থগিত কৰিছিল । এই অনুষ্ঠানৰ পৰা তেওঁৰ মৃত্যুৰ উচিত তদন্ত যাতে কৰা হয় চৰকাৰলৈ দাবী জনাইছোঁ । তেওঁৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ বাবে যাতে সংৰক্ষণ কৰিব পাৰি তাৰো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ ।”
লগতে পঢ়ক : ২০০৫ চনতে জুবিনে গাৰো ভাষাত গীত গাইছিল মেঘালয়ৰ এগৰাকী শিল্পীৰ সৈতে

