ETV Bharat / entertainment

প্ৰৱাসী অসমীয়াই বুজিব লাগে মানুহখিনি কিমান অধৈৰ্যৰে ৰৈ আছে : শতাব্দী বৰা

কাক নৰপিশাচ আখ্যা দি জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰিলে সংগীতশিল্পীগৰাকীৰ বান্ধৱীয়ে শুনক-

zubeen Garg co artist Satabdi Borah is hopeful about justice friend Prayashi Baruah addressed accused as vampire
জুবিন গাৰ্গ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 13, 2025 at 5:50 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : “আমি মানি ল'ব পৰা নাই । ছিংগাপুৰলৈ সুস্থ মানুহ এজন লৈ গৈ আমাক এনেদৰে ঘূৰাই দিলে । যিসকলে এই কাম কৰিলে শাস্তি পাব লাগে । তেওঁলোক নৰপিশাচ-নৰপিশাচ ।” এই মন্তব্য জুবিন গাৰ্গৰ বান্ধৱী প্ৰয়াসী বৰুৱাৰ ।

সোমবাৰে চি আই ডিৰ কাৰ্যালয়ত ভাষ্য প্ৰদান কৰে জুবিন গাৰ্গৰ বান্ধৱী প্ৰয়াসী বৰুৱাই ৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “মই যিখিনি ক’ব লাগে এছ আই টিৰ আগত ক’লো । অভিযুক্তসকলে শাস্তি পাব লাগিব । প্ৰকৃতি, জীৱ-জন্তু, মানুহক ভাল পোৱা, কেৱল মানুহক দিবলৈ শিকা জুবিনক শেষ কৰি দিলে । ন্যায় আমাক লাগে । মানুহক বহুত বিশ্বাস কৰা জুবিনে ভুল মানুহক বিশ্বাস কৰিলে ।”

সংগীতশিল্পীগৰাকীৰ বান্ধৱী আৰু সহ-কণ্ঠশিল্পী ভাষ্য (ETV Bharat Assam)

আনহাতে আজি জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰাই আদালতত ভাষ্য লিপিবদ্ধ কৰিব । চি আই ডি কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত শতাব্দী বৰাই কয়, “আমি ন্যায় পাম যেন লাগিছে । সকলোৱে ইমান কষ্ট কৰিছে এছ আই টিয়ে কষ্ট কৰিছে । মুখ্যমন্ত্ৰীয়ে কৈছে । আমি আশাবাদী । সোনকালে হ'লে আৰু বেছি ভাল পাম । যিখিনি ক’ব লগা আছে কৈছো । জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ডিজিটেল যুঁজ আৰম্ভ হৈছে, সেইটো ভাল কথা আমি সকলোৱে ন্যায় পোৱাটো বিচাৰো । ন্যায় আমি সোনকালে পাম বুলি আশাবাদী । যিসকল প্ৰৱাসী অসমীয়া আছে তেওঁলোক ইয়ালৈ আহিব লাগে । তেওঁলোকৰ বাবেই দাদা পাৰ্টীলৈ গ'ল । তেওঁলোকে সেইখিনি কথা বুজি পাব লাগে ইয়াত মানুহখিনি কিমান অধৈৰ্যৰে বাট চাই আছে ।”

লগতে পঢ়ক : আমি নেভাগৰো... আমি নেপাহৰো! ন্যায় আমাক লাগিবই... শিল্পী সমাজে আৰম্ভ কৰিলে ডিজিটেল প্ৰতিবাদ