জী চিনে বঁটা ২০২৫ ত এক্সপাৰ্ট ছাউণ্ড ডিজাইনাৰ হৈ ধৰা দিলে অসমৰ কিংশুকে
অসমৰ কিংশুক মৰাণে স্ত্ৰী ২ ত কৰা কামৰ বাবে এক্সপাৰ্ট ছাউণ্ড ডিজাইন শাখাত জী চিনে বঁটা ২০২৫ লাভ কৰে ৷

By ETV Bharat Entertainment Team
Published : May 20, 2025 at 2:13 PM IST
হায়দৰাবাদ: জী চিনে বঁটা-২০২৫ ত জিলিকি উঠিল অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ কিংশুক মৰাণ ৷ জী চিনে এৱাৰ্ড ২০২৫ ত এক্সপাৰ্ট ছাউণ্ড ডিজাইনিঙৰ বঁটা লাভ কৰি ৰাজ্যখনক গৌৰৱান্বিত কৰিলে মৰাণে ।
অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মিত হৰৰ-কমেডী ব্লকবাষ্টাৰ ছবি স্ত্ৰী ২ত কিংশুকৰ অসাধাৰণ কামৰ বাবে তেওঁক সন্মান জনোৱা হয় । ছবিখনত ৰাজকুমাৰ ৰাও, শ্ৰদ্ধা কাপুৰ, পংকজ ত্ৰিপাঠী, অভিষেক বেনাৰ্জী আৰু অপৰশক্তি খুৰানাই অভিনয় কৰিছে ।
২০২৪ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয় স্ত্ৰী ২ । ছবিখনৰ সফলতাৰ কৃতিত্ব কেৱল অভিনেতা-অভিনেত্ৰী বা কাহিনীটোকেই দিব নোৱাৰি, আঁৰত কাম কৰা ব্যক্তিসকলৰ কথাও উল্লেখ কৰিব লাগিব ৷ ব্যতিক্ৰমী গুণগত মান, অতুলনীয় শব্দ ডিজাইনৰ কথাও সফলতাৰ ক্ষেত্ৰত আহি পৰে ।
ছবিখনত ভয়ংকৰ অথচ হাস্যৰসৰ পৰিৱেশ গঢ়ি তোলাত কিংশুকৰ শব্দ ডিজাইনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁৰ এই কামে সমালোচক আৰু দৰ্শক উভয়ৰে ব্যাপক প্ৰশংসা লাভ কৰে ।
ডিব্ৰুগড় জিলাৰ এখন সৰু নগৰ নাহৰকটীয়াৰ পৰা অহা মৰাণে ২০১১ চনৰ পৰা বলীউডত শব্দ ডিজাইনাৰ হিচাপে কাম কৰি আছে । বলীউডৰ ৪০ খনতকৈও অধিক ছবিত শব্দ ডিজাইনাৰ হিচাপে কাম কৰিছে তেওঁ আৰু তাৰে বহু ছবি হিট হৈছে ।
সঞ্জয় লীলা ভাঞ্চালীৰ দুখন ছবি বাজীৰাও মস্তানী আৰু পদ্মাৱততো তেওঁ শব্দ ডিজাইনাৰ হিচাপে কাম কৰিছে । কিংশুক মৰাণে শব্দ ডিজাইনাৰ হিচাপে কাম কৰা আন কেইখনমান ছবিৰ ভিতৰত আছে দংগল, মেৰীকম, হাউছফুল ২, দাবাংগ ২, তনু ৱেডছ মনু ৰিটাৰ্ণছ, এজেণ্ট বিনোদ, দংগল ইত্যাদি ।
লগতে পঢ়ক : "জয় আই অসম" ধ্বনি দি অসমলৈ আহিবলৈ ওলাইছে বলীউডৰ জনপ্ৰিয় অভিনেতা দূৰ্গেশ কুমাৰ

