ETV Bharat / entertainment

ৰহস্যময় কেপশ্যনেৰে পোষ্ট ! ধনশ্ৰী-চাহালৰ বিচ্ছেদৰ মাজত আৰ জে মাহৱশৰ কাণ্ড - YUZVENDRA CHAHAL LIKES MAHVASH POST

সংগীৰ পৰা অচিনাকি হোৱা চাহাল-ধনশ্ৰীৰ বিষয়টো চৰ্চাত আছে ৷ ইয়াৰ মাজতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা আৰ জেই এডিট কৰিলে পোষ্টৰ কেপশ্যন !

yuzvendra chahal reacts to rj mahvash cryptic post
ধনশ্ৰী-চাহালৰ বিচ্ছেদৰ মাজত আৰ জে মাহৱশৰ কাণ্ড (photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 20, 2025 at 3:45 PM IST

Updated : March 20, 2025 at 3:52 PM IST

2 Min Read

হায়দৰাবাদ : ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ খবৰ বৰ্তমান শিৰোনামত । এফালে ধনশ্ৰীৰ সৈতে বিবাহ বিচ্ছেদ, আনফালে প্ৰেয়সী বুলি চৰ্চিত এগৰাকী নাৰীৰ ৰহস্যময় পোষ্টত চাহালৰ লাইক ৷ ছ’চিয়েল মিডিয়াত জনসাধাৰণে চাহাল আৰু ৰেডিঅ’ জকী মাহৱশৰ মাজত থকা সম্পৰ্কক লৈ জল্পনা-কল্পনা আৰম্ভ কৰিছে । শেহতীয়াকৈ ডুবাইত ভাৰতৰ আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ জয়ত তেওঁৰ উপস্থিতিয়ে জল্পনা-কল্পনাত ইন্ধন যোগায় ।

এতিয়া মাহৱশৰ শেহতীয়া পোষ্টটোৱে শিৰোনাম দখল কৰিছে । চাহালে ধনশ্ৰীক ৪.৫ কোটি টকা ভৰণ-পোষন হিচাপে দিবলৈ সন্মত হোৱা বুলি ওলোৱা বাতৰিৰ পিছতে তেওঁৰ এই ৰহস্যময় পোষ্টটো আহিছে । ১৯ মাৰ্চত আৰ জে মাহৱশে তেওঁৰ নতুন ফটোশ্বুটৰ বহুকেইখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে । ফটোবোৰত ৰেড হাৰ্ট ইম’জী সজ্জিত বগা পোছাক পিন্ধিছে আৰ জেই । লগতে ক’লা বেল্ট মৰাৰ লগতে পনিটেইল কৰি নিজৰ লুকটো সম্পূৰ্ণ কৰিছে মাহৱশে । এই পোষ্টটোৰ ৰহস্যময় কেপশ্যনে মানুহৰ দৃষ্টি আকৰ্ষণ কৰে ।

yuzvendra chahal reacts to rj mahvash cryptic post
আৰ জে মাহৱশৰ কাণ্ড (Photo : Instagram)

মাহৱশে কেপশ্যনত লিখে, “ঝুঠ, লালচ ঔৰ ফৰেব সে পৰে হে...খুদা কা শুকৰ আইনে আজ ভি খড়ে হে… ৷” পোষ্টটো ইনষ্টাগ্ৰামত আপলোড দিয়াৰ পাছতে লাইক কৰে চাহালে । সমান্তৰালকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও মন্তব্য কৰিবলৈ আৰম্ভ কৰে ।

চাহালৰ লাইকে দৃষ্টি আকৰ্ষণ কৰিলে ইউজাৰৰ

এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, “চাহালে ১০ ছেকেণ্ডত লাইক কৰিছিল ।” অন্য এজন ব্যৱহাৰকাৰীয়ে ধেমালিতে লিখিছে, “এতিয়া চাওক আই পি এলত চাহাল ভাইয়াৰ কামবেক ।” আৰু এজনে লিখিছে, “ইউ জি ভাইৰ লাইক ১০ ছেকেণ্ডত আহিল ।”

পিছে সকলোকে আচৰিত কৰি আৰ জে মাহৱশে এতিয়া সলাই দিলে পোষ্টৰ কেপশ্যন ৷ ‘ঝুঠ, লালচ ঔৰ...’ পৰা কেপশ্যন সলনি কৰিলে ‘পেইণ্টিং দ্য টাউন...’ বুলি ! আৰ জেৰ এই কামে সকলোকে ভাবিবলৈ বাধ্য কৰাইছে যে তেওঁলোকৰ মাজত দৰাচলতে চলি কি আছে ?

লগতে পঢ়ক : বিবাহ বিচ্ছেদ নোহোৱাকৈ পৃথকে থাকিবলৈ লোৱা বলীউড যুটিবোৰৰ কথা জানেনে ?

Last Updated : March 20, 2025 at 3:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.