আনুষ্ঠিকভাৱে স্বামী-স্ত্ৰীৰ সম্পৰ্ক শেষ ধনশ্ৰী বাৰ্মা-ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ
পৃথকে বাট বুলিলে ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহাল আৰু নৃত্যশিল্পী ধনশ্ৰী বাৰ্মাই ৷ বিয়াৰ চাৰিবছৰৰ পাছত ল’লে এই সিদ্ধান্ত ৷

By ETV Bharat Entertainment Team
Published : March 20, 2025 at 4:38 PM IST
হায়দৰাবাদ: ইউটিউবাৰ-ক’ৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ আনুষ্ঠিকভাৱে বিবাহ বিচ্ছেদ ঘটিছে । আই পি এল ২০২৫ ৰ ছিজন আৰম্ভ হোৱাৰ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ৰ জাননীৰ পিছত বান্দ্ৰা ঘৰুৱা আদালতে ২০ মাৰ্চত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আদেশ মঞ্জুৰ কৰে ৷ ক্ৰিকেটাৰগৰাকীৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰে যে তেওঁলোক দুয়ো আজিৰে পৰা স্বামী-স্ত্ৰী নহয় ৷
ধনশ্ৰী বাৰ্মা ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে বহু সময় ধৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰি আহিছে ৷ দুয়োৱে মাজে মাজে শ্বেয়াৰ কৰা ৰহস্যময় পোষ্টে অনুৰাগীৰ মাজত উৎকণ্ঠা বঢ়াই ৰাখিছিল ৷ কিন্তু আজি অৱশেষত এই সম্পৰ্কৰ অন্ত পৰিল ৷
#WATCH | Mumbai: On the divorce of Cricketer Yuzvendra Chahal and Dhanashree Verma, Advocate Nitin Kumar Gupta, representing Chahal, says, "The court has granted the decree of divorce. The court has accepted the joint petition of both parties. The parties are no longer husband… pic.twitter.com/LV1BpFwxIN
— ANI (@ANI) March 20, 2025
২০২০ চনৰ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে বিবাহৰ কেইমাহমানৰ ভিতৰতে বৈবাহিক সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰে । জুন ২০২২ৰ ভিতৰত তেওঁলোকে পৃথকে বাস কৰিবলৈ আৰম্ভ কৰে । বছৰ বছৰ ধৰি ৰাজহুৱা আলোচনাৰ বিষয় হৈ থকা বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া অৱশেষত দুয়োপক্ষ আদালতত হাজিৰ হোৱাৰ পিছত চূড়ান্ত চুড়ান্ত ৰূপ লয় ।
এই নিষ্পত্তিৰ অংশ হিচাপে ধনশ্ৰী বাৰ্মাক মুঠ ৪.৭৫ কোটি টকাৰ ভৰণ-পোষণ আদায় দিবলৈ চাহালক নিৰ্দেশ দিয়া হৈছে । ইয়াৰে ২.৩৭ কোটি টকাৰ প্ৰাৰম্ভিক কিস্তি ইতিমধ্যে প্ৰদান কৰা হৈছে, বাকী ধন স্থায়ী জীৱিকা হিচাপে নিষ্পত্তি কৰা হ’ব । উল্লখ্য যে, ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৫ত চাহাল পঞ্জাৱ কিংছ দলৰ অংশ ।
আজি (২০ মাৰ্চ) চাহাল আৰু ধনশ্ৰী দুয়োৱেই নিজৰ গোপনীয়তা বজাই ৰাখিবলৈ ফেচ মাস্ক পিন্ধি পৃথকে পৃথকে বান্দ্ৰা পৰিয়াল আদালতত উপস্থিত হয় । পুৱাৰ ভাগত আদালতে তেওঁলোকৰ বিবাহ ভংগ হোৱাটো নিশ্চিত কৰে । চাহালৰ হৈ অধিবক্তা নীতিন কুমাৰ গুপ্তাই কয়, "আদালতে বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰিছে । আদালতে দুয়োপক্ষৰ যৌথ আবেদন মানি লৈছে । পক্ষ এতিয়া পতি-পত্নী নহয় ।"
ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ বিচ্ছেদৰ সময়ছোৱাত সামাজিক মাধ্যমত বহু ট্ৰ’লৰ সন্মুখীন হয় । যদিও কোনো পক্ষই বিবাহ বিচ্ছেদৰ বিষয়ে ৰাজহুৱাভাৱে মন্তব্য কৰা নাই, আদালতৰ এই নিষ্পত্তিয়ে দুয়োপক্ষৰ বাবে এক দীঘলীয়া আৰু কঠিন সময়ৰ সমাপ্তিৰ সংকেত দিয়ে ।
লগতে পঢ়ক : ৰহস্যময় কেপশ্যনেৰে পোষ্ট ! ধনশ্ৰী-চাহালৰ বিচ্ছেদৰ মাজত আৰ জে মাহৱশৰ কাণ্ড

