হায়দৰাবাদ: ইউটিউবাৰ-ক’ৰিঅ’গ্ৰাফাৰ ধনশ্ৰী বাৰ্মা আৰু ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ আনুষ্ঠিকভাৱে বিবাহ বিচ্ছেদ ঘটিছে । আই পি এল ২০২৫ ৰ ছিজন আৰম্ভ হোৱাৰ পূৰ্বে বম্বে উচ্চ ন্যায়ালয়ৰ জাননীৰ পিছত বান্দ্ৰা ঘৰুৱা আদালতে ২০ মাৰ্চত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আদেশ মঞ্জুৰ কৰে ৷ ক্ৰিকেটাৰগৰাকীৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰে যে তেওঁলোক দুয়ো আজিৰে পৰা স্বামী-স্ত্ৰী নহয় ৷
ধনশ্ৰী বাৰ্মা ক্ৰিকেটাৰ য়ুজবেন্দ্ৰ চাহালৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে বহু সময় ধৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰি আহিছে ৷ দুয়োৱে মাজে মাজে শ্বেয়াৰ কৰা ৰহস্যময় পোষ্টে অনুৰাগীৰ মাজত উৎকণ্ঠা বঢ়াই ৰাখিছিল ৷ কিন্তু আজি অৱশেষত এই সম্পৰ্কৰ অন্ত পৰিল ৷
#WATCH | Mumbai: On the divorce of Cricketer Yuzvendra Chahal and Dhanashree Verma, Advocate Nitin Kumar Gupta, representing Chahal, says, " the court has granted the decree of divorce. the court has accepted the joint petition of both parties. the parties are no longer husband… pic.twitter.com/LV1BpFwxIN
— ANI (@ANI) March 20, 2025
২০২০ চনৰ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে বিবাহৰ কেইমাহমানৰ ভিতৰতে বৈবাহিক সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰে । জুন ২০২২ৰ ভিতৰত তেওঁলোকে পৃথকে বাস কৰিবলৈ আৰম্ভ কৰে । বছৰ বছৰ ধৰি ৰাজহুৱা আলোচনাৰ বিষয় হৈ থকা বিবাহ বিচ্ছেদ প্ৰক্ৰিয়া অৱশেষত দুয়োপক্ষ আদালতত হাজিৰ হোৱাৰ পিছত চূড়ান্ত চুড়ান্ত ৰূপ লয় ।
এই নিষ্পত্তিৰ অংশ হিচাপে ধনশ্ৰী বাৰ্মাক মুঠ ৪.৭৫ কোটি টকাৰ ভৰণ-পোষণ আদায় দিবলৈ চাহালক নিৰ্দেশ দিয়া হৈছে । ইয়াৰে ২.৩৭ কোটি টকাৰ প্ৰাৰম্ভিক কিস্তি ইতিমধ্যে প্ৰদান কৰা হৈছে, বাকী ধন স্থায়ী জীৱিকা হিচাপে নিষ্পত্তি কৰা হ’ব । উল্লখ্য যে, ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এল ২০২৫ত চাহাল পঞ্জাৱ কিংছ দলৰ অংশ ।
আজি (২০ মাৰ্চ) চাহাল আৰু ধনশ্ৰী দুয়োৱেই নিজৰ গোপনীয়তা বজাই ৰাখিবলৈ ফেচ মাস্ক পিন্ধি পৃথকে পৃথকে বান্দ্ৰা পৰিয়াল আদালতত উপস্থিত হয় । পুৱাৰ ভাগত আদালতে তেওঁলোকৰ বিবাহ ভংগ হোৱাটো নিশ্চিত কৰে । চাহালৰ হৈ অধিবক্তা নীতিন কুমাৰ গুপ্তাই কয়, "আদালতে বিবাহ বিচ্ছেদৰ আবেদন মঞ্জুৰ কৰিছে । আদালতে দুয়োপক্ষৰ যৌথ আবেদন মানি লৈছে । পক্ষ এতিয়া পতি-পত্নী নহয় ।"
ধনশ্ৰী বাৰ্মাই তেওঁলোকৰ বিচ্ছেদৰ সময়ছোৱাত সামাজিক মাধ্যমত বহু ট্ৰ’লৰ সন্মুখীন হয় । যদিও কোনো পক্ষই বিবাহ বিচ্ছেদৰ বিষয়ে ৰাজহুৱাভাৱে মন্তব্য কৰা নাই, আদালতৰ এই নিষ্পত্তিয়ে দুয়োপক্ষৰ বাবে এক দীঘলীয়া আৰু কঠিন সময়ৰ সমাপ্তিৰ সংকেত দিয়ে ।
লগতে পঢ়ক : ৰহস্যময় কেপশ্যনেৰে পোষ্ট ! ধনশ্ৰী-চাহালৰ বিচ্ছেদৰ মাজত আৰ জে মাহৱশৰ কাণ্ড