পাৰ্টীলৈ নিমন্ত্ৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ জনপ্ৰিয় অভিনেতা
‘য়ে ৰিস্তা ক্যা কেহেলাতা হে’ আৰু ‘সসুৰাল সিমৰ কা ২’ৰ দৰে ধাৰাবাহিকৰ বাবে পৰিচিত অভিনেতাগৰাকীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

By ETV Bharat Entertainment Team
Published : September 4, 2025 at 5:24 PM IST
হায়দৰাবাদ: টেলিভিছনৰ জনপ্ৰিয় অভিনেতা আশীষ কাপুৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ‘য়ে ৰিস্তা ক্যা কেহেলাতা হে’ আৰু ‘সসুৰাল সিমৰ কা ২’ ধাৰাবাহিকত অভিনয় কৰা অভিনেতাগৰাকীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
আৰক্ষীৰ সূত্ৰ অনুসৰি পুনেৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিনেতাজনক ৷ দিল্লীৰ চিভিল লাইনছ থানাত অভিনেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে । অভিনেতাজনৰ গতিবিধিও নিৰীক্ষণ কৰা হৈছিল । ইয়াৰ পিছতে পুনেৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতা আশীষক ।
অভিনেতাজনৰ বিৰুদ্ধে অভিযোগ
দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, বিগত মাহত দিল্লীত এটা হাউছ পাৰ্টীত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত টেলিভিছন অভিনেতা আশীষ কাপুৰক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীৰ মতে, প্ৰথমে গোৱা হৈ পুনেলৈ যোৱাৰ পিছত কাপুৰৰ সন্ধান পোৱা গৈছিল । একাধিক আৰক্ষী দলৰ যৌথ তালাচীৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷
অভিযোগকাৰীয়ে কয় যে তেওঁ আশীষক ছ’চিয়েল মিডিয়াৰ জৰিয়তে লগ পাইছিল । আগষ্ট মাহৰ দ্বিতীয় সপ্তাহত বন্ধু এজনৰ ঘৰৰ পাৰ্টীলৈ আশীষে তেওঁক মাতিছিল । হাউছ পাৰ্টীৰ সময়ত মহিলাগৰাকীক শৌচাগাৰত আবদ্ধ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল অভিনেতাজনৰ বিৰুদ্ধে । ১১ আগষ্টত অভিনেতা আশীষ কাপুৰৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছিল ভুক্তভোগীয়ে ।
তদন্তকাৰীয়ে জনোৱা মতে, চিচি টিভিৰ ফুটেজ আৰু প্ৰত্যক্ষদৰ্শীৰ তথ্যই নিশ্চিত কৰিছে যে কাপুৰ আৰু মহিলাগৰাকী একেলগে বাথৰূমলৈ গৈছিল । কিছুসময় দেখা নোপোৱাৰ পিছত বিচাৰ-খোচাৰ আৰম্ভ হয় । তেতিয়াই উপস্থিত বহুতে বাথৰূমৰ পৰা তৰ্কৰ শব্দ শুনিলে । ইয়াৰ পিছত অভিযোগকাৰী আৰু আশীষক বাথৰূমৰ পৰা ওলাই অহা দেখা গ’ল ।
আশীষ কাপুৰক গ্ৰেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে ডি চি পি উত্তৰ ৰাজা বান্থিয়াই । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও তেওঁ কয় । আশীষ কাপুৰ টেলিভিছন জগতৰ এক সুপৰিচিত নাম । তেওঁ কেইবাখনো ধাৰাবাহিকত কাম কৰিছে । হিট শ্ব’ ‘য়ে ৰিস্তা ক্যা কেহেলাতা হে’ত আশীষৰ অভিনয় জনপ্ৰিয় হৈ পৰে । কাপুৰৰ অভিনয় তালিকাত ‘Ssshhh...ফিৰ ক’ই হে’, ‘সসুৰাল সিমৰ কা ২’, ‘সাথ ফেৰে – ছলনী কা ছফৰ’, ‘সৰস্বতী চন্দ্ৰ’ আৰু ‘মোল্কী ৰিস্তো কি অগ্নিপৰীক্ষা’ আদি ধাৰাবাহিকৰো নাম আছে ।
অভিনেতাগৰাকীয়ে ২০২১ চনত প্ৰযোজক পাৰ্ল গ্ৰেৰ সৈতে এংগেজমেণ্ট কৰিছিল যদিও এবছৰৰ পিছত ই ভাঙি যায় ।
লগতে পঢ়ক : বাষ্টিয়ান বান্দ্ৰা ৰেষ্টুৰেণ্ট বন্ধ কৰাৰ ঘোষণা শিল্পা শ্বেট্টীৰ

