প্লাষ্টিক চাৰ্জাৰীৰে সৌন্দৰ্য বৰ্ধন কৰা বলীউড ডিভা - celebs with plastic surgery
World Plastic Surgery Day 2024: অনুষ্কাৰ পৰা প্ৰিয়ংকালৈকে এই বি-টাউন সুন্দৰীসকলে প্লাষ্টিক চাৰ্জাৰীৰে ঘটায় নিজৰ চেহেৰাৰ বৃহৎ পৰিৱৰ্তন ৷

Published : July 16, 2024 at 10:00 AM IST
চিটাৰা ডেস্ক, 16 জুলাই : 15 জুলাই তাৰিখে বিশ্ব প্লাষ্টিক চাৰ্জাৰী দিৱস পালন কৰা হয় । প্লাষ্টিক চাৰ্জাৰী বুলি ক’লেই প্ৰথম মনোযোগ কেৱল গ্লেমাৰ জগতখনলৈহে যায় । গ্লেমাৰ দুনীয়াত প্লাষ্টিক চাৰ্জাৰী কৰাটো তেনেই সাধাৰণ কথা । অনুষ্কা শৰ্মাৰ পৰা প্ৰিয়ংকা চোপ্ৰালৈকে বলীউডৰ সুন্দৰী সকলে সৌন্দৰ্য বৰ্ধনৰ বাবে প্লাষ্টিক চাৰ্জাৰীৰ সহায় লৈছিল ।
প্লাষ্টিক চাৰ্জাৰী বুলি শুনিলেই প্ৰথমে মনলৈ আহে যে চলচ্চিত্ৰ জগতৰ তাৰকাসকলে তেওঁলোকৰ সৌন্দৰ্য বঢ়াবলৈ এই চাৰ্জাৰী কৰেই ৷ বলীউডৰ অভিনেত্ৰীসকলে প্ৰায়ে তেওঁলোকৰ মুখমণ্ডল আকৰ্ষণীয় কৰিবলৈ বা তেওঁলোকৰ বৈশিষ্টবোৰ ফুটাই তুলিবলৈ প্লাষ্টিক চাৰ্জাৰীৰ আশ্ৰয় লয় । বহু সময়ত অভিনেত্ৰীসকলে সকলোৰে সন্মুখত নিজে স্বীকাৰো কৰিছে এই কথা ৷ প্লাষ্টিক চাৰ্জাৰীৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হয় নে নহয় জানো আহক-
এই বি-টাউন সুন্দৰীসকলে লৈছিল প্লাষ্টিক চাৰ্জাৰীৰ সহায়
প্লাষ্টিক চাৰ্জাৰীৰ ক্ষেত্ৰত প্ৰিয়ংকা চোপ্ৰা জোনাছ, অনুষ্কা শৰ্মা আৰু শিল্পা শ্বেট্টীৰ দৰে বলীউড তাৰকাসকলৰ নামেই প্ৰথমে আহে ৷ ৰাইন’প্লাষ্টিৰ পৰা ওঁঠ বঢ়োৱা অস্ত্ৰোপচাৰলৈকে, বিভিন্ন অস্ত্ৰোপচাৰে সৌন্দৰ্যৰ মাপকাঠি সলনি কৰিছে, যাৰ বিষয়ে প্ৰায়ে আলোচনা হয় ।
সৌন্দৰ্য বৰ্ধনৰ বাবে প্লাষ্টিক চাৰ্জাৰী কৰা ঘটনাৰ সৈতে বলীউডৰ গভীৰ আৰু পুৰণি সম্পৰ্ক আছে । যোৱা কেইবছৰমানৰ পৰা বহু তাৰকাই অস্ত্ৰোপচাৰ কৰাৰ কথা ৰাজহুৱা স্থানতো মুকলিকৈ পাতিছে । বিশ্ব প্লাষ্টিক চাৰ্জাৰী দিৱসত নিজৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে অস্ত্ৰোপচাৰ কৰা তাৰকাসকলৰ নাম তলত উল্লেখ কৰা হ’ল-
প্ৰিয়ংকা চোপ্ৰা জোনাছ
প্ৰাক্তন মিছ ৱৰ্ল্ড তথা গ্ল’বেল চেলেব্ৰিটী প্ৰিয়ংকাই ৰাইন’প্লাষ্টি কৰা বুলি স্বীকাৰ কৰিছে । দেশী গাৰ্লে এই বিষয়ে দ্য হাৱাৰ্ড ষ্টাৰন শ্ব’ত উল্লেখ কৰে । তেওঁ কয় যে ২০০০ চনৰ আৰম্ভণিতে তেওঁক নাকত থকা পলিপ আঁতৰাবলৈ পৰামৰ্শ দিয়া হৈছিল, কিন্তু তাৰ পিচত তেওঁৰ নাকৰ অস্ত্ৰোপচাৰ সফল নহ’ল ।
অনুষ্কা শৰ্মা
অনুষ্কা শৰ্মাক সেই অভিনেত্ৰীসকলৰ মাজত গণ্য কৰা হয় যিয়ে সঁচা কথা ক’ব বিচাৰে আৰু সৎ হৈ থকাতো বিচাৰে । তেওঁ খোদ ওঁঠৰ চাৰ্জাৰী কৰাৰ কথা স্বীকাৰ কৰিছিল ।
শিল্পা শ্বেট্টী
২০০০ চনত প্ৰভু চাওলাৰ সৈতে ছিধি বাটত দিয়া এক সাক্ষাৎকাৰত শিল্পা শেট্টীয়ে ধেমালিতে স্বীকাৰ কৰিছিল যে তেওঁ নাকৰ চাৰ্জাৰী কৰিছে কাৰণ তেওঁ ভাবিছিল যে ইয়াৰ দ্বাৰা তেওঁ দেখিবলৈ ধুনীয়া হৈ পৰিব ।
ৰাখী সাৱন্ত
বলীউডত সাহসী আৰু নিৰ্ভীক আচৰণৰ বাবে পৰিচিত ৰাখী সাৱন্তে মুকলিকৈ স্বীকাৰ কৰিছে যে তেওঁ কেইবাটাও প্লাষ্টিক চাৰ্জাৰী কৰিছে ।
কংগনা ৰনৌত
কুইন অভিনেত্ৰী তথা বিজেপি নেত্ৰী কংগনাইয়ো চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ টক শ্ব’ কফী উইথ কৰণত প্লাষ্টিক চাৰ্জাৰী কৰাৰ কথা স্বীকাৰ কৰিছিল ।
শ্ৰুতি হাছান
দক্ষিণ ভাৰতীয় অভিনেত্ৰী শ্ৰুতি হাছানেও তেওঁৰ থুঁতৰি, নাক আৰু ওঁঠৰ অস্ত্ৰোপচাৰ কৰাইছে । তেওঁ এই কথা সকলোৰে সন্মুখত স্বীকাৰ কৰিছিল, কিয়নো তেওঁ অনুভৱ কৰে যে ইয়াত কোনো ভুল নাই ।
প্লাষ্টিক অস্ত্ৰোপচাৰে বহুতো লাভালাভ প্ৰদান কৰে, ই ধুনীয়া দেখাৰ পিচত আত্মবিশ্বাস বৃদ্ধি কৰে, জীৱনৰ উন্নত মানদণ্ড কৰে ৷ কিন্তু তত স্বত্বেও ইয়াৰ যথেষ্ট বিপদাশংকা থাকে, কিয়নো প্লাষ্টিক অস্ত্ৰোপচাৰ বিফলো হ'ব পাৰে ৷ মুখমণ্ডলৰ বৈশিষ্ট্য সংশোধন কৰাৰ পৰিৱৰ্তে ই চেহেৰা সলনি কৰিও দিব পাৰে ।
লগতে পঢ়ক : ফিলিপাইনছত হনিমুন, কিন্তু লগত নাই স্বামী: অপেক্ষাহে কৰি আছে সোণাক্ষীয়ে - Sonakshi Zaheer airport look

