সামাজিক মাধ্যমত জাহ্নৱী-শিখৰৰ কাৰুকাৰ্যই জগাই তুলিছে প্ৰেম প্ৰেম ভাৱ - Shikhar Pahariya and Janhvi BTS
Janhvi BTS from Devara Song: জাহ্নৱী কাপুৰে আহিবলগীয়া ছবি 'দেৱৰা : পাৰ্ট 1' ৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গান ধীৰে ধীৰেৰ দৃশ্যগ্ৰহণৰ পৰা কেমেৰাৰ পিচফালৰ দৃশ্য শ্বেয়াৰ কৰিছে ৷ বহুতো অনুৰাগীৰ প্ৰতিক্ৰিয়াৰ মাজত নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰা প্ৰতিক্ৰিয়াটো আছিল শিখৰ পাহাৰিয়াৰ পোষ্টটোৰ প্ৰতি সঁহাৰি ।

By ETV Bharat Entertainment Team
Published : August 8, 2024 at 3:29 PM IST
চিটাৰা ডেস্ক, 8 আগষ্ট : বলীউড অভিনেত্ৰী জাহ্নৱী কাপুৰে অতি প্ৰত্যাশিত ছবি দেৱৰা : পাৰ্ট 1 ৰ দ্বিতীয়টো গান ধীৰে ধীৰেত তেওঁৰ নৃত্যৰ দ্বাৰা সকলোৰে পৰা প্ৰশংসা বুটলাই নহয়, কথিত প্ৰেমিক শিখৰকো মতলীয়া কৰি তুলিছে ৷ দেৱৰাত জাহ্নৱীয়ে জুনিয়ৰ এন টি আৰৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিছে ৷ জাহ্নৱীয়ে বুধবাৰে তেওঁৰ আহিবলগীয়া ফ্লিক দেৱৰাৰ এটা বি টি এছ ভিডিঅ' শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ অনুৰাগী, তেওঁৰ বন্ধুবৰ্গ আৰু উদ্যোগটোৰ লোকসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে । অৱশ্যে, সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মন্তব্যটো আছিল শিখৰ পাহাৰিয়াৰ ।
জাহ্নৱীয়ে ইনষ্টাগ্ৰামত ধীৰে ধীৰে গানৰ দৃশ্যগ্ৰহণৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে । ভিডিঅ'টোত, জাহ্নৱীক এখন বগা ধুতি শাৰীত দেখা গৈছে । ভিডিঅ'টোত জাহ্নৱীয়ে এখন আইনালৈ চাই চকু টিপিয়াই থকা দেখা গৈছে । সেই সময়ত এটা সুন্দৰ পৃষ্ঠভূমিৰ বিপৰীতে পানীৰ সৈতে খেলি থকা সময়ত জাহ্নৱীক দেখওৱা হৈছে । ধড়কৰ অভিনেত্ৰীৰাকীয়ে ভিডিঅ’টোৰ শিৰোনামত লিখে 'বিটিএছ' আৰু এটা চুম্বন ইম’জী অন্তৰ্ভুক্ত কৰি দিয়ে ।
ভিডিঅ’টো বহুতে লাইক কৰে ৷ তেওঁৰ অনুৰাগীয়ে জুইৰ ইম’জীৰে কমেণ্ট ছেকশ্যন ভৰাই তোলে ৷ কথিত প্ৰেমিক শিখৰৰ সঁহাৰিয়ে সকলোৰে মুখত হাঁহি এটি আনি দিয়ে । ভিডিঅ'টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিখৰে প্ৰেমৰ ইম’জীৰ সৈতে "বাহ, কোন এই দেৱী" বুলি মন্তব্য কৰে । শ্বানায়া কাপুৰেও হাৰ্ট ইম’জীৰে মনৰ ভাৱ প্ৰকাশ কৰে আৰু কৰিঅ’গ্ৰাফাৰ বস্কো মাৰ্টিছে কয়, “হাও ক্যুল ।”
জাহ্নৱী আৰু শিখৰে তেওঁলোকৰ সম্পৰ্কৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও তেওঁলোকে ছ’চিয়েল মিডিয়াত ইজনে সিজনৰ প্ৰতি মৰম প্ৰকাশ কৰিয়ে থাকে ৷ দুয়ো একেলগে ৰাজহুৱাভাৱেও উপস্থিত হয় আৰু ছুটীত গৈ অনলাইনত একে ফটোও শ্বেয়াৰ কৰা দেখা যায় ।
দেৱৰাৰ এই ৰোমান্টিক ট্ৰেকটোৱে মুখ্য চৰিত্ৰৰ মনোমোহা কেমেষ্ট্ৰী ফুটাই তুলিছে । দেৱৰা : পাৰ্ট 1 পৰিচালনা কৰিছে কোৰাতলা শিৱ আৰু প্ৰযোজক যুৱসুধা আৰ্টছ আৰু এন টি আৰ আৰ্টছ । 2024 চনৰ 27 ছেপ্টেম্বৰত মুক্তি পাব এই ছবিখন । ছৈফ আলী খানেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।
লগতে পঢ়ক : শিখৰ পাহাৰিয়াৰ নতুন ফটো দেখি জাহ্নৱীৰ চকুত প্ৰেম বুকুত জুই - Shikhar Pahariya Instagram

