ETV Bharat / entertainment

দেখা নাই যদিও বুকুত সজীৱ তেওঁৰ ছবি, সেয়ে দৃষ্টিহীনৰো নিগৰিছে চকুলো

প্রিয় শিল্পীক হেৰুৱাই হিয়াঢাকুৰি কান্দিছে ছাত্ৰ ছাত্ৰী, শিক্ষক । দৃষ্টিহীন ছাত্ৰ ছাত্ৰীৰ চকুতো চকুপানী । অশ্ৰুসিক্ত নয়নেৰেই জুবিনৰ গান গাই জনালে শ্ৰদ্ধাঞ্জলি ।

Visually impaired students paid tribute to the late artist Zubin Garg in Nagaon
দৃষ্টিহীনৰো নিগৰিছে চকুলো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 20, 2025 at 8:45 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ, প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে সমগ্ৰ ৰাজ্যখনক স্তব্ধ কৰি তুলিছে । মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণত আজি অসমৰ প্ৰতিটো কোণত শোকৰ ছাঁ পৰিছে । নগাঁও জিলাতো একেই পৰিৱেশ বিৰাজমান । স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে সকলো ব্যৱসায় প্ৰতিষ্ঠান, চৌদিশে শুনা যায় কেৱল জুবিনৰ মায়াবী সুৰৰ গানসমূহ । সকলোৰে চকুত চকুপানী, হৃদয়ত অসীম বেদনা । বিশেষকৈ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্রিয় শিল্পীক হেৰুৱাই হিয়াঢাকুৰি কান্দিছে, যিটো দৃশ্যই সকলোকে আৱেগিক কৰি তুলিছে ।

জুবিন গাৰ্গ, যিগৰাকীয়ে অসমীয়া সংগীতক বিশ্বমঞ্চত উন্নীত কৰিছিল, তেওঁৰ অকাল বিদায়ে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে । তেওঁৰ গানসমূহে অসমীয়া যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিছিল আৰু আজি সেই যুৱক-যুৱতীসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাগি পৰিছে কান্দোনত । নগাঁও জিলাৰ বঢ়মপুৰ অন্ধ বিদ্যালয়ত এই শোকৰ পৰিৱেশ অধিক হৃদয়স্পৰ্শী । এইখন বিদ্যালয়ত অধ্যয়নৰত থকা দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছে । তেওঁলোকৰ চকুতো বিৰিঙিছে কেৱল চকুপানী, যিটো দৃশ্যই প্ৰমাণ কৰে যে সংগীতৰ মায়াই দৃষ্টিৰ সীমা অতিক্ৰম কৰি হৃদয়ত স্থান লাভ কৰে ।

দেখা নাই যদিও বুকুত সজীৱ তেওঁৰ ছবি... (ETV Bharat Assam)

বিদ্যালয়খনত আজি এক বিশেষ শোকসভা অনুষ্ঠিত হয়, য'ত ছাত্ৰ-ছাত্ৰীসকলে অশ্ৰুসিক্ত নয়নেৰে জুবিনৰ জনপ্ৰিয় মায়াবিনি ৰাতিৰ বুকুত, আদি কেবাটাও গীত একেলগে গাই উঠিল । এই দৃশ্যই বিদ্যালয় চৌহদত এক হৃদয়বিদাৰক পৰিৱেশ সৃষ্টি কৰিলে ।

একেই শোকাকুল পৰিৱেশ দেখা গৈছে নগাঁও জিলাৰ অন্যান্য অনুষ্ঠান, প্ৰতিষ্ঠানতো । নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰো শিক্ষক, ছাত্ৰ ছাত্ৰী সকলক শোকত ম্ৰিয়মান হৈ পৰে । বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে প্রিয় শিল্পীক হেৰুৱাই হিয়াঢাকুৰি কান্দিছে । এখন বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ গান গাই, কবিতা পাঠ কৰি প্রিয় শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰে ।

সমগ্ৰ নগাঁও চহৰত আজি এক অভূতপূৰ্ব শোকৰ ছাঁ । বজাৰ-হাট, দোকান-পোহাৰ সকলো স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে । ৰাস্তাৰ কাষত থকা লোকসকলে জুবিনৰ গান শুনি শুনি চকুপানী টুকিছে । নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয় চৌহদো আজি হৈ পৰিছে জুবিনময় । পুৱাই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কাৰ্যালয়ত প্ৰৱেশ কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

লগতে পঢ়ক: মই মৰিলে এইটো গানেই বাজিব কিন্তু... ! এই কথাখিনিয়ে মূক কৰি পেলাইছে মুখ্যমন্ত্ৰীক

এতিয়া জুবিনদাৰ আদৰ্শ-ব্যক্তিত্ব স্মৰণ কৰাৰ সময়: গৌৰৱ গগৈ