ETV Bharat / entertainment

ঐতিহাসিক জয়ৰ পাছত অনুষ্কাক আলিংগন কৰি উচুপি উঠিল বিৰাট - VIRAT KOHLI ANUSHKA SHARMA IPL 2025

আৰ চি বিৰ ঐতিহাসিক জয়ৰ পাছত আৱেগিক হৈ পৰে বিৰাট কোহলী ৷ আৱেগিক মুহূৰ্তত পত্নী অনুষ্কা শৰ্মাৰ কাষলৈ দৌৰি যায় এটি মিঠা আলিংগনৰ বাবে ।

Virat Runs To Hug Anushka
পত্নী অনুষ্কা শৰ্মাৰ কাষলৈ দৌৰি যায় বিৰাট (Photo: ANI/IANS)
author img

By ETV Bharat Entertainment Team

Published : June 4, 2025 at 1:01 PM IST

2 Min Read

হায়দৰাবাদ: ক্ৰীড়া, আৱেগ আৰু প্ৰেমক একত্ৰিত কৰি বহু মধুৰ মুহূৰ্ত দিলে কালিৰ আই পি এলৰ ফাইনেল মেচখনে ৷ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ তাৰকা বিৰাট কোহলীয়ে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত 18 বছৰৰ অন্তত ট্ৰফী হাতত তুলি ধৰে ৷ দলটোৱে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ লাভ কৰাৰ ঐতিহাসিক মুহূৰ্তটোত তেওঁ পত্নী অনুষ্কা শৰ্মাক আলিংগন কৰিবলৈ দৌৰি যায় ।

খেলখনত পঞ্জাব কিংছৰ বিৰুদ্ধে আৰ চি বিয়ে জয় নিশ্চিত কৰাৰ লগে লগে কোহলীয়ে আঁঠু লৈ ফিল্ডত বহি পৰে ৷ আৰু তাৰ পিছত গোটেই ছিজনটোতে তেওঁৰ বাবে উল্লাস কৰি অহা অনুষ্কাক আলিংগন কৰিবলৈ তেওঁৰ ফালে দৌৰি যায় ৷ পত্নীক আলিংগন কৰি কোহলীৰ চকুৰ পৰা চকুলো বৈ আহিছিল ।

আৱেগিক আলিংগন, কপালত চুমা আৰু মুখত এমোকোৰা হাঁহিৰে বিৰাট-অনুষ্কাই খেল চাই ঘৰলৈ উভতি যাবলৈ ওলোৱা লাখ লাখ লোকৰ হৃদয়ত ঢৌ তোলে ।

কোহলীয়ে মেচৰ পিছৰ প্ৰশ্নৰ উত্তৰ দিওঁতে অনুষ্কাই আনন্দৰে চকুলো মচি বহি আছিল । "এইটো তাইৰ বাবেও বহুত বহুত বিশেষ ।" পিছত এটা সাক্ষাৎকাৰত কোহলীয়ে কয়, “তাইয়ো বহুত বহুত গৌৰৱ অনুভৱ কৰিব ।”

কোহলীয়ে অনুষ্কাক তেওঁৰ সমগ্ৰ যাত্ৰাত পত্নীৰ অটল সমৰ্থনৰ বাবে কৃতিত্ব দি উল্লেখ কৰে, "যেতিয়া আপুনি পেছাদাৰীভাৱে খেলে তেতিয়াহে আপুনি বুজি পায় যে আপোনাৰ সংগীয়ে আৱেগিকভাৱে কি পৰিস্থিতিৰ মাজেৰে পাৰ হয় । তাই মোক প্ৰতিটো পৰিস্থিতিকে সমৰ্থন কৰিছে ।" ভাৰতৰ চেম্পিয়নছ ট্ৰফী জয় আৰু টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ মাত্ৰ কেইমাহমানৰ পাছতে এই জয়ৰ সোৱাদ লয় কোহলীয়ে ৷

অনুষ্কা শৰ্মা-বিৰাট কোহলী, হিট দম্পতীটোৰ বাবে এয়া আছিল এক অবৰ্ণনীয় মুহূৰ্ত । বছৰ বছৰ ধৰি দুয়ো আৰ চি বিৰ কাহিনীৰ অংশ হৈ আহিছে ৷ কোহলীয়ে খেলপথাৰত নিজৰ সকলোখিনি দিয়াৰ দৃশ্য অনুষ্কাই সদায় চাই আহিছে । জয়ৰ পাছত এতিয়া সামাজিক মাধ্যম উপচি পৰিছে দুয়োৰে আলিংগনৰ ভিডিঅ’ৰে ৷ আনহাতে অনুৰাগীসকলৰ বাবে কালিৰ মেচখন কেৱল এখন মেচ নাছিল, আছিল বহুত কিবাকিবি ।

লগতে পঢ়ক : 18 বছৰীয়া এটা অপেক্ষা বাস্তৱলৈ পৰিণত, আৱেগৰ জোৱাৰত উটি-ভাহি গৈছে সকলো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.