ETV Bharat / entertainment

কালি টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ, আজি সাধু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম ভ্ৰমণ

টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই সন্ত প্ৰেমানন্দ মহাৰাজৰ পৰা আশীৰ্বাদ বিচাৰি বৃন্দাবন ভ্ৰমণ কৰে ।

Anushka Sharma, Virat Kohli Seek Blessings From Saint Premanand Maharaj
সাধু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম ভ্ৰমণ বিৰাট-অনুষ্কাৰ (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : May 13, 2025 at 5:27 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: টেষ্ট শৃংখলাৰ পৰা অৱসৰ লোৱাৰ এদিন পিছতে ভাৰতীয় ক্ৰিকেট আইকন বিৰাট কোহলী আৰু তেওঁৰ অভিনেত্ৰী-পত্নী অনুষ্কা শৰ্মাই বৃন্দাবনলৈ যাত্ৰা কৰে ৷ অৱশ্যে এয়া অতি ব্যক্তিগত আৰু আধ্যাত্মিক ভ্ৰমণ আছিল । আশীৰ্বাদ ল’বলৈ পৰিয়ালসহ দম্পতীটো সাধু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমত উপস্থিত হয় ।

সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰি কোহলীয়ে সকলোকে আচৰিত কৰি তোলে ৷ ক্ৰিকেট জগতৰ পৰা আকস্মিক প্ৰস্থান কৰাৰ পিছতে মঙলবাৰে পুৱাই পৰিয়ালসহ সাধু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমলৈ যায় কোহলী । এই ভ্ৰমণৰ কথা ঘোষণা কৰা হোৱা নাছিল আৰু সংবাদ মাধ্যমৰ হাততো খবৰ নাছিল ৷ তাৰকাদ্বয় দিল্লীলৈ উভতি নহালৈকে কোনেও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাছিল তেওঁলোকৰ এই যাত্ৰাৰ বিষয়ে ।

সাধু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমত কোহলীয়ে এয়া তৃতীয়বাৰৰ বাবে উপস্থিতি নিশ্চিত কৰে ৷ তেওঁ ২০২৩ চনৰ জানুৱাৰী আৰু ২০২৫ চনৰ জানুৱাৰী মাহত সন্ত প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ গৈছিল । ২০২৫ চনৰ জানুৱাৰী মাহৰ এই ভ্ৰমণ ক্ৰিকেটাৰগৰাকীৰ বিশেষভাৱে উল্লেখনীয় আছিল, কিয়নো সেই সময়তে কোহলীয়ে তেওঁৰ কেৰিয়াৰত গুৰুতৰ অৱনতি দেখিবলৈ পাইছিল ।

২০১১ চনত প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট খেলা কোহলীয়ে এক আকৰ্ষণীয় কৃতিত্বৰ মাজেৰে অৱসৰ গ্ৰহণ কৰিছে । বিৰাটে ১২৩ খন টেষ্ট মেচত ৪৬.৮৫ গড়েৰে ৯২৩০ ৰাণ সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে ৩০ টা শতক আৰু ৩১ টা অৰ্ধশতক ৷ শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সুনীল গাভাস্কাৰৰ পিছতে চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় কোহলী ।

বিৰাটৰ কোহলীৰ জীৱনৰ সোণালী সময়ছোৱা বুলি ক’লে উল্লেখ কৰিব লাগিব ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে ৩ বছৰীয়া সময়ৰ কথা ৷ কেৰিয়াৰৰ শিখৰত থকা সময়ত টেষ্ট ক্ৰিকেটত প্ৰায় ৬৭ গড়েৰে ৪০০০ ৰাণ সংগ্ৰহ কৰিছিল বিৰাটে । ২০২০ বৰ্ষত তেওঁৰ কেৰিয়াৰত কিছু অৱনতি ঘটাৰ পিছত পুনৰ ২০২৩ চনত উন্নতিৰ পথত গতি কৰে ।

কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰি আৱেগিক ইনষ্টাগ্ৰাম পোষ্ট কৰে ৷ তাৰ পাছতে বৃন্দাবনলৈ যোৱাৰ কথাটোৱে তেওঁৰ আধ্যাত্মিক প্ৰৱণতা ক’ত আছে সেয়া বাৰুকৈয়ে দেখুৱাইছে । তেওঁ আৰু অনুষ্কাই নিজৰ আধ্যাত্মিক বিশ্বাসৰ বিষয়ে প্ৰায়ে মুকলিকৈ কৈ আহিছে ৷ দুয়ো সাধু প্ৰেমানন্দ মহাৰাজৰ স্বীকৃতিপ্ৰাপ্ত ভক্ত, তেওঁলোক গুৰুজনাৰ ওচৰলৈ একাধিকবাৰ গৈছে ।

লগতে পঢ়ক : টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ, বিৰাট-অনুষ্কাৰ আৱেগিক পোষ্টে কন্দুৱাইছে অনুৰাগীক