ETV Bharat / entertainment

শ্বাহৰুখৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ বিজয় বাৰ্মা ! - Vijay Varma about SRK nature

Vijay Varma SRK relation: শ্বাহৰুখৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ নে বিজয় বাৰ্মা যে মন্নতত খোৱাৰ মেজতো কিঙে বিজয়ৰ কথাই আলোচনা কৰে ? খোৱাৰ সময়ত টিভিৰ স্ক্ৰীণত বিজয়ৰ চিনেমাই চলে ?

Vijay Varma opens up about Shah Rukh Khan nature
বিজয় বাৰ্মা-শ্বাহৰুখ খান (IMAGE- IANS)
author img

By ETV Bharat Assamese Team

Published : July 10, 2024 at 12:47 PM IST

3 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 10 জুলাই : ৰাজহুৱাকৈ তেওঁলোকক একেলগে দেখাই নাযায়, ছ’চিয়েল মিডিয়াতো একেলগে বৰ বিশেষ ফটো নাই তেওঁলোকৰ দুয়োৰে একাউণ্টত ৷ তেনেহ’লে বিজয়ে কিয় ক’লে যে শ্বাহৰুখৰ জীৱনত বিজয় অতিকে গুৰুত্বপূৰ্ণ বুলি ?

শ্বাহৰুখ খান হৈছে এজন গোলকীয় ষ্টাৰ ৷ দেশ কি, পৃথিৱীৰ চুকে-কোণে মানুহে চিনিব পৰাকৈ তেওঁ নিজৰ পৰিচয় গঢ়ি লৈছে ৷ বলীউডৰ কিং খান, বাদশ্বাহ এই বুলিয়েই জনাজাত অভিনেতাজন ৷ যিকোনো এটা নাম তেওঁৰ বাবে ল’লেই হ’ল ৷ তেওঁৰ সৈতে কাম কৰাৰ দুৰ্বাৰ হেঁপাহ প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰে আছে ৷ বহুতে সেই সুবিধা পাইছে আৰু বহুতে নাই পোৱা ৷ কাম কৰাৰ সুবিধা নাই পোৱা যদিও কিন্তু বহুতে তেওঁক ব্যক্তিগতভাৱে লগ পাইছে ৷

একলগে কাম কৰিবলৈ নোপোৱাৰ দুখ এটা অভিনেতা বিজয় বাৰ্মাৰো আছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ কিন্তু তেওঁ শ্বাহৰুখক লগ পাইছে শ্বাহৰুখৰ প্ৰডাকচনৰ চলচ্চিত্ৰৰ কামত ৷ তাতেই গঢ়ি উঠে মধুৰ সম্পৰ্ক ৷ শ্বাহৰুখ খানৰ প্ৰকৃতিৰ বিষয়ে শেহতীয়াকৈ মুকলিকৈ প্ৰকাশ কৰে বিজয় বাৰ্মাই ৷ তেওঁৰ ভাষ্য অনুসৰি কিং খানে আপোনাক ইমান বিশেষ অনুভৱ কৰাই যে আপুনি অনুভৱ যেন তেওঁৰ জীৱনত আপোনাতকৈ বিশেষ একো নাই ৷

লগতে পঢ়ক : শ্ৰেষ্ঠ কোন ? শ্বাহৰুখ নে ছলমান ? - govind namdev on shah rukh salman

এক সাক্ষাৎকাৰত বিজয়ে শ্বাহৰুখ খানৰ প্ৰডাকচনত কাম কৰাৰ অভিজ্ঞতা আৰু তেওঁৰ সৈতে মত বিনিময় কৰাৰ অভিজ্ঞতা ব্যক্ত কৰে । তেওঁ কয় যে যেতিয়া ছুপাৰষ্টাৰজন আপোনাৰ লগত থাকে তেতিয়া তেওঁ কেৱল আপোনাৰ কথাহে ভাবে । বিজয় বৰ্মাই লগতে কয় যে শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰাৰ সুযোগ নোপোৱাৰ বাবে তেওঁ দুখ অনুভৱ কৰে । অৱশ্যে, তেওঁ তেওঁৰ প্ৰযোজনা গৃহৰ চলচ্চিত্ৰৰ কামত কিং খানক লগ পাইছে । তেওঁ লগতে কয় যে কোনো পেছাদাৰী কামৰ কাৰণেহে যেন আপোনালোক লগ পাইছে, সেই অনুভৱ শ্বাহৰুখে কেতিয়াও হ’বলৈ নিদিয়ে ৷ কথোপকথন সদায় ব্যক্তিগত যেনেই অনুভৱ হয় তেওঁৰ লগত । সেই সময়ছোৱাত আপুনি অনুভৱ কৰিব যে শ্বাহৰুখে আপোনাৰ বিষয়ে কিমান ভাবে ।

তেওঁ লগতে উল্লেখ কৰে, ‘‘যেতিয়া তেওঁ আপোনাক গুৰুত্ব দিয়ে, সেই মুহূৰ্তটো বৰ মধুৰ যেন লাগে । সেই সময়ত এনে লাগে যেন যদি তেওঁৰ জীৱনত কোনোবা আছে, তেন্তে সেয়া মই, আৰু তেওঁ নিশ্চয় পৰিয়ালৰ সৈতে মোৰ বিষয়ে কথা পাতে, আনকি খোৱাৰ সময়তো তেওঁলোকে নিশ্চয় মোৰেই ছবি এখন উপভোগ কৰে ।’’ বিজয়ে এইটোও কয় যে কিং খানে নিজেই কৈছিল যে যদি বিজয়ে তেওঁৰ সৈতে কথা পাতিব বিচাৰে, তেন্তে কোনো সংকোচ নকৰাকৈয়ে ফোন কৰিব পাৰে ।

বিজয় বাৰ্মাৰ ৱৰ্ক ফ্ৰণ্ট :

বিজয় বাৰ্মা ‘মিৰ্জাপুৰ ৩’ৰ প্ৰচাৰত ব্যস্ত, য’ত তেওঁ দুটা ভূমিকা পালন কৰিছে । ৫ জুলাইৰ পৰা অ’টিটিত প্ৰচাৰ হৈছে এই ধাৰাবাহিকখন ৷ ইয়াত তেওঁৰ সৈতে আছে আলী ফজল, পংকজ ত্ৰিপাঠী, শ্বেতা ত্ৰিপাঠী আৰু ৰসিকা দুগাল ।

লগতে পঢ়ক : মটকা কিঙৰ পোষ্টাৰত বিজয়ক দেখি মুগ্ধ তামান্না - Vijay Varma Matka King Poster