ETV Bharat / entertainment

পংকজ উধাছৰ অন্ত্যেষ্টিক্ৰিয়াত বিদ্যা বালানৰ অনুৰাগীয়ে অতিক্ৰম কৰিলে সীমা, চাওক ভিডিঅ’

Vidya balan fan: প্ৰায়ে দেখা যায় যে অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতা-অভিনেত্ৰীসকলক এবাৰ চাবলৈ বা তেওঁলোকৰ সৈতে ফটো তুলিবলৈ চেষ্টা কৰে ৷ কিন্তু কেতিয়াবা অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ বাবে সমস্যাৰো সৃষ্টি কৰে। পংকজ উধাছৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ অহা বিদ্যা বালানৰ ক্ষেত্ৰতো তেনেকুৱাই কিবা এটা সংঘটিত হ’ল ।

Vidya Balan Maintains Calm As Fan Forces Selfie At Pankaj Udhas' Funeral
চেলফি তুলিবলৈ বিদ্যাৰ পিচে পিচে অনুৰাগী
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 3:09 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: ২৬ ফেব্ৰুৱাৰীত গজল সম্ৰাট পংকজ উধাছৰ দেহাৱসান ঘটে ৷ অৱশ্যে ২৭ ফেব্ৰুৱাৰীত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । এই সময়ছোৱাত তেওঁক শেষবাৰ দৰ্শনৰ বাবে বহু বিশিষ্ট ব্যক্তি আৰু বহু চেলিব্ৰিটি উপস্থিত হৈছিল শেষকৃত্য অনুষ্ঠানত ৷ গজল সম্ৰাটগৰাকীৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল অভিনেত্ৰী বিদ্যা বালানো ৷ কিন্তু এই সময়ছোৱাত এজন অনুৰাগীয়ে কিছু সমস্যাৰ সৃষ্টি কৰে অভিনেত্ৰীগৰাকীৰ বাবে ৷ এতিয়া বিদ্যাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ভিডিঅ’টোত অভিনেত্ৰীগৰাকীৰ এজন অনুৰাগীয়ে তেওঁৰ সৈতে চেলফি তুলিবলৈ চেষ্টা কৰে ।

ভাইৰেল ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে বিদ্যাৰ লগত যোৱা আন এগৰাকী যুৱতীয়ে বাৰে বাৰে মানুহজনক নাকচ কৰি আছিল । ইমানৰ পিচতো তেওঁ বিদ্যা বালানৰ ফালে মোবাইলটো লৈ চেলফি লোৱাৰ চেষ্টা কৰে । কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যা বালানে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াকৈ মৌনতা অৱলম্বন কৰি সেই ঠাইৰ পৰা গুচি যায় । এতিয়া এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচত নেটিজেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

নেটিজেনৰ প্ৰতিক্ৰিয়া

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “কিছুমান মানুহে সময় কি আৰু ঠাই কি সেই কথা বুজি নাপায় ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “কিছুমান মানুহৰ হৃদয় নাথাকে । তেওঁলোকে মাত্ৰ চেলফি বিচাৰে ।” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “সঁচাকৈয়ে আজিকালি মানুহবোৰে একোৱে বুজি নাপায় ।” এজনে লিখিছে, “চেলফিৰ সলনি তেওঁৰ চৰ মাৰিব লাগিছিল ।”

উল্লেখ্য যে, মঙলবাৰে পংকজ উধাছৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল চনু নিগম, অনুপ জালোটা, তবলাবাদক জাকিৰ হুছেইনকে ধৰি বলীউড উদ্যোগৰ বহু তাৰকা । বিদ্যা বালানেও শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল ।

লগতে পঢ়ক: চকুলো টুকি পৰিয়াল-চেলিব্ৰিটিয়ে শেষ বিদায় দিলে পংকজ উধাছক