ETV Bharat / entertainment

কেনে আছে সংগীতৰ সাধক প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰা ? লাভ কৰিবনে শিল্পী পেন্সন ?

"শৰীৰত ইমানখিনি জটিল ৰোগ লৈও মই গৌৰৱ কৰি এটা কথা ক'ব বিচাৰিছোঁ যে, মোৰ মনটো সুস্থ হৈ থকাৰ কাৰণেহে আপোনালোকৰ লগত কথা পাতিব পাৰিছো ৷"

Veteran musician Tapas Pratim Bora suffers from serious illnesses, yet to receive artist pension
প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰা (Photo: ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 11, 2025 at 4:32 PM IST

5 Min Read
Choose ETV Bharat

সৰুপথাৰ: ৮০ দশকৰেই এজন শিল্পী ৷ নাম তাপস প্ৰতিম বৰা । শিল্পীগৰাকীৰ ঘৰ সৰুপথাৰৰ সমজিলাৰ বৰপথাৰত । সৰুৰে পৰাই সংগীতৰ সাধনা কৰি অসমৰ সংগীত ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়াই আহিছে অৰিহণা । তেওঁ সৰুপথাৰ, বৰপথাৰ অঞ্চলৰ বহুতো প্ৰতিভাক সংগীতৰ বাটত খোজ দিবলৈ শিকাই আগুৱাই নিয়াৰ লগতে অসমৰ সংগীত ক্ষেত্ৰখনক সকলো ফালৰে পৰা চহকী কৰি তুলিছে । কেৱল ইমানেই নহয় শিল্পীগৰাকীয়ে গীটাৰ, তবলা, মেণ্ডোলিন আদি বাদ্যযন্ত্ৰৰ চৰ্চা কৰাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীকো প্ৰশিক্ষণো দি আহিছে ।

প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰাৰ বৰ্তমানৰ অৱস্থা :

প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰাৰ বিষয়ে কিছু কথা- (ETV Bharat Assam)

প্ৰবীণ শিল্পী তাপস প্ৰতিম বৰা উচ্চ ৰক্তচাপ, মধুমেহ, প্ৰস্থেটৰ সমস্যা, হৃদৰোগত আক্ৰান্ত হোৱাৰ লগতে হাওঁফাওঁৰ সমস্যাতো ভূগি আছে । প্ৰবীণ শিল্পীগৰাকী বৰ্তমান অৰ্থনৈতিকভাৱে অতিকে দুৰ্বল । চিকিৎসা কৰাবলৈ অৰ্থনৈতিকভাৱে তেওঁৰ পৰিয়ালটো সবল নহয় ।

আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবেই উপযুক্ত চিকিৎসা কৰাৰ পৰা শিল্পীগৰাকী বঞ্চিত হৈ আছে । বৰ্তমান সময়ত তেওঁৰ সহধৰ্মিণীয়েই সৰু দোকান এখন দি ল’ৰাক পঢ়ুওৱাৰ লগতে কোনোমতে ঘৰখন চলাই আছে বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ।

শিল্পীগৰাকীলৈ সহায়ৰ হাত :

শিল্পী তাপস প্ৰতিম বৰা বৰ্তমান অৰ্থনৈতিকভাৱে যিহেতু অতিকে দুৰ্বল, গতিকে শিল্পীগৰাকীৰ জটিল ৰোগৰ কথা জানিব পাৰি সৰুপথাৰৰ হেল্পিং হেণ্ড (HELPING HAND) নামৰ সামাজিক গোট এটাই কিছু আৰ্থিক বৰঙণি আগবঢ়ায় । গোটৰ বিষয়ববীয়াসকলে আশা কৰিছে যে শিল্পীগৰাকী সুস্থ হৈ পুনৰ সংগীত, বাদ্যযন্ত্ৰৰ জগতখনত কাম কৰি যাব ৷ গীটাৰ, তবলা, মেণ্ডোলিন আদি শিকাবলৈকে তেওঁক সুস্থ কৰি ৰখাৰ মানসেৰে তেওঁলোকৰ এয়া এক সৰু প্ৰচেষ্টা বুলি উল্লেখ কৰে ৷

Tapas Pratim Bora
শিল্পী তাপস প্ৰতিম বৰা (Photo: ETV Bharat Assam)

“জটিল ৰোগত আক্ৰান্ত হ'লেও মোৰ মনটো সুস্থ হৈ থকাৰ কাৰণেহে আপোনালোকৰ লগত কথা পাতিব পাৰিছো” বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে ই টিভি ভাৰতৰ সাংবাদিকৰ আগত কয়, "মোৰ পৰিবাৰ পুৱাই দোকানলৈ যায়, সৰু দোকান এখন আছে । সন্ধিয়া ঘৰলৈ আহে । পৰিবাৰেই ঘৰখন যেনে-তেনে চলাই আছে । মই বেমাৰৰ বাবে সংগীত, বাদ্যযন্ত্ৰৰ ক্লাছ কৰিব নোৱাৰা হৈছোঁ । ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কমিল । যি কেইটকা পাওঁ মোৰ ঔষধ কিনিবলৈকো নহয় । বৰ্তমান মোৰ শৰীৰৰ অৱস্থা একেবাৰে বেয়া । কেইবাটাও জটিল ৰোগত আক্ৰান্ত হৈছোঁ । প্ৰস্থেটৰ সমস্যা, প্ৰস্ৰাৱৰ সমস্যা, কিডনীত পাথৰ, গ'ল ব্লাডাৰ ২০১২ চনতেই কাটিলো, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, হৃদৰোগ, এতিয়া হাওঁফাওঁৰ অসুবিধা, ফেটি লিভাৰ সকলোবোৰ আছে ।”

“কিন্তু শৰীৰত ইমানখিনি জটিল ৰোগ লৈও মই গৌৰৱ কৰি এটা কথা ক'ব বিচাৰিছোঁ যে, মোৰ মনটো সুস্থ হৈ থকাৰ কাৰণেহে আপোনালোকৰ লগত কথা পাতিব পাৰিছো । অন্যথা মোক বিচনাতহে পালেহেঁতেন । মন সুস্থ কাৰণেহে চলিব পাৰিছো ৷" লগতে এই ভাষ্যও আগবঢ়াই শিল্পীগৰাকীয়ে ৷

Tapas Pratim Bora
অনুন্নত স্বাস্থ্যৰে জৰ্জৰিত তাপস প্ৰতিম বৰা (Photo: ETV Bharat Assam)

সহায় বিচাৰিছে তাপস প্ৰতিম বৰাই

জটিল ৰোগৰ চিকিৎসাৰ বাবে শিল্পীগৰাকীক লাগে বহু পৰিমাণৰ ধন । সেয়েহে ৰাইজৰ সহায় বিচাৰি মন্তব্য কৰে, "চিকিৎসাৰ ক্ষেত্ৰত মোৰ চিনাকী লোক, বন্ধু-বান্ধৱ ইত্যাদিক কওঁ, তেখেতলোকে মোক সহায় কৰে । ২০২৩ চনত মোৰ পৰিবাৰৰ এটা অস্ত্ৰোপ্ৰচাৰত বৰপথাৰৰ ৰাইজে সহায় কৰিছে । বৰ্তমান মোৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে বহু পৰিমাণৰ ধনৰ প্ৰয়োজন । সেই কথা গম পাই সৰুপথাৰৰ HELPING HAND সামাজিক গোটৰ হৈ ড৹ প্ৰণৱ ঢেকিয়াল ফুকন, ড৹ প্ৰেমকান্ত বৰাৰ লগতে কেইবাজনো সদস্যই আহি কিছু পৰিমাণে আৰ্থিক সাহায্য আগবঢ়াইছে । লগতে মই এইখিনিতে ৰাইজলৈ অনুৰোধ জনাইছো যে আৰ্থিক দিশত যদি অকণমান সহায় কৰে, তেনেহ'লে মই উন্নত চিকিৎসা কৰিব পাৰিম ।"

তাপস প্ৰতিম বৰা কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত :

৬০ বছৰ বয়সৰ শিল্পীগৰাকীয়ে সংগীতৰ লগত তেওঁ কেতিয়াৰ পৰা জড়িত হৈ আছে সেই সম্পৰ্কে কয়, "মই সংগীতৰ লগত সৰুৰে পৰাই জড়িত । ১৯৮৩ চনৰ পৰা মই সংগীতৰ সাধনাত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলো । প্ৰথমে মই থিয়েটাৰত গীটাৰ বজাইছিলো । তাৰ পিছতেই মই সংগীত পৰিচালনা কৰাৰ সুবিধা পালো । গীত লিখিবলৈ ল'লো ।"

Tapas Pratim Bora
শিল্পীগৰাকীলৈ সহায়ৰ হাত (Photo: ETV Bharat Assam)

কোনে কোনে গাইছিল শিল্পীগৰাকীয়ে লিখা গীত :

তেওঁ কয়, "মোৰ কথা-সুৰৰ গীতত জে.পি দাস, অৰুণ দাস, লোনা সোণোৱাল, সন্ধ্যা মেনন, চাৰু গোঁহাইকে আদি কৰি বহুত সংগীত শিল্পীয়ে কণ্ঠদান কৰিছে । মই গীটাৰ, তবলা, মেণ্ডোলিন, কী-বৰ্ড ইত্যাদিও বজাও ।"

শিল্পী পেন্সনৰ বাবে চৰকাৰলৈ অনুৰোধ :

সংবাদ মাধ্যমৰ যোগেদি শিল্পীগৰাকীয়ে চৰকাৰলৈ অনুৰোধ জনাই, "মই শিল্পী পেন্সন লাভ কৰা নাই । বিগত বৰ্ষত আবেদন কৰিছিলো যদিও ৬০ বছৰ হ'লেহে লাভ কৰিব বুলি জনাই তেওঁলোকে । বৰ্তমান সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ অনুৰোধ যে ৬০ বছৰ হ'ল যেতিয়া শিল্পী পেন্সন লাভ কৰিলে কিছু সকাহ পাম ।"

ইপিনে ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে সৰুপথাৰৰ HELPING HAND সামাজিক গোটৰ সদস্যসকলে ৷ তেওঁলোকে আশা কৰিছে যে, ৰাইজৰ অকণমান সহায়ৰ হাতে শিল্পীগৰাকীক সুস্থ কৰি ৰাখিব পাৰিব ।

লগতে পঢ়ক : ‘জোশ’ৰ ছেটত শ্বাহৰুখক চৰিয়াইছিল কোনে ? হাত কঁপি উঠিছিল আৰু তাৰ পাছত…