ETV Bharat / entertainment

‘১০০ ডেজ’ ছবিখনেৰে খ্যাতি লভা, নানা পাটেকাৰক তাৰকা বনোৱা পৰিচালকগৰাকী একেবাৰে গ’লগৈ - VETERAN DIRECTOR PARTHO GHOSH DIES

প্ৰবীণ পৰিচালক পাৰ্থ ঘোষৰ দেহাৱসান ৷ ছবিৰ সমান্তৰালকৈ তেওঁৰ গীতসমূহো জনপ্ৰিয় হৈছিল ।

Veteran director Partho Ghosh passed away, marked with film 100 Days made Nana Patekar a star
পৰিচালক পাৰ্থ ঘোষৰ দেহাৱসান (photo : Special Arrangement)
author img

By ETV Bharat Entertainment Team

Published : June 9, 2025 at 5:40 PM IST

4 Min Read

হায়দৰাবাদ: মনোৰঞ্জন জগতত শোকৰ ছাঁ, ৭৫ বছৰ বয়সত বাংলা ছবি পৰিচালক পাৰ্থ ঘোষৰ দেহাৱসান । হিন্দী ছবিৰ লগতে বাংলা ছবিও পৰিচালনা কৰিছিল তেওঁ । জেকী শ্ৰফ-মাধুৰী দীক্ষিত অভিনীত ১০০ ডেজ, মিথুন চক্ৰৱৰ্তী অভিনীত তিছৰা কৌন, দালাল আৰু নানা পাটেকাৰ-মনীষা কৈৰালা অভিনীত অগ্নিসাক্ষীৰ দৰে ছবিৰ জৰিয়তে তেওঁ খ্যাতি অৰ্জন কৰে ।

জানিব পৰা মতে দীৰ্ঘদিন ধৰি তেওঁ হৃদৰোগত আক্ৰান্ত হৈ আছিল । তেওঁ মুম্বাইৰ মধ আইলেণ্ডত বাস কৰিছিল । পৰিচালকগৰাকীৰ পত্নী গৌৰী ঘোষ স্বামীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে । পাৰ্থ ঘোষে ১৯৮৫ চনত কম বাজেটৰ ছবিৰ সহকাৰী পৰিচালক হিচাপে বাংলা চিনেমাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । কিন্তু ‘১০০ ডেজ’ ছবিখনৰ জৰিয়তে তেওঁ নিশাৰ ভিতৰতে জনপ্ৰিয়তাৰ শিখৰত উপনীত হয় ।

বলীউডত তেওঁৰ পৰিচালনাৰ প্ৰথম হিট আছিল ১০০ ডেজ । জেকী শ্ৰফ, মাধুৰী দীক্ষিত, মুনমুন সেন আৰু জাভেদ জাফ্ৰী অভিনীত হত্যাৰ ৰহস্যেৰে আঁৱৰা এই ছবিখন বক্স অফিচত ছুপাৰহিট হৈছিল । ১৯৮৪ চনৰ তামিল ছবি নুৰাৱথু নালৰ পুনৰ্নিৰ্মাণ আছিল ১০০ ডেজ । কোৱা হয় যে এই তামিল ছবিখন ১৯৭৭ চনত মুক্তি পোৱা ইটালীৰ এখন ছবিৰ পৰা অনুপ্ৰাণিত হৈছিল ।

উল্লেখ্য যে, ‘অগ্নিসাক্ষী’ ছবিৰ ‘অ ​​য়াৰা দিল লগানা’ গীতটো এতিয়াও শ্ৰোতা-দৰ্শকৰ মাজত জনপ্ৰিয় । ছবিখনত নানা পাটেকাৰে দুৰ্দান্ত অভিনয় কৰিছিল । ‘দালাল’ ছবিৰ ‘গুটুৰ গুটুৰ’ গীতটোও ইমান বছৰৰ পাছতো সমানেই জনপ্ৰিয় । পাৰ্থ ঘোষে মিথুনৰ সৈতে 'ৰেহমত আলী' নিৰ্মাণ কৰিছিল । ইয়াত মিথুনৰ সৈতে ঋতুপৰ্ণ সেনগুপ্তই অভিনয় কৰিছে । ২০১০ চনত মুক্তি পোৱা এই বাংলা ছবিখন দৰ্শকৰ মাজত এতিয়াও চৰ্চিত ।

১৯৯২ চনত বাংলা পৰিচালক অবিনাশ ৱাধৱন আৰু দিব্যা ভাৰতীৰ সৈতে তেওঁ ‘গীত’ নিৰ্মাণ কৰিছিল । তাৰ পিছত ১৯৯৩ চনত তেওঁ 'দালাল' নিৰ্মাণ কৰে । এই ছবিখন বাংলা আৰু হিন্দী দুয়োটা ভাষাতে মুক্তি পাইছিল । প্ৰকাশ মেহৰাৰ প্ৰযোজনাত মিথুন চক্ৰৱৰ্তী-আয়েশা ঝুলকা, ৰাজ বব্বৰ, শক্তি কাপুৰ, তৰুণ ঘোষ অভিনীত এই ছবিখন বক্স অফিচত ব্লকবাষ্টাৰ হৈছিল । ১৯৯৩ চনত এই ছবিখন বলীউডৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ তালিকাত ৮ নম্বৰ স্থানত আছিল ।

তাৰ পাছত ১৯৯৬ চনত আহে পাৰ্থ ঘোষৰ আন এখন ব্লকবাষ্টাৰ ছবি ‘অগ্নিসাক্ষী’ য’ত অভিনয় কৰিছিল জেকী শ্ৰফ, নানা পাটেকাৰ আৰু মনীষা কৈৰালাই । এই ছবিখনত মনীষা আৰু নানাৰ অভিনয়ত দৰ্শক অতিশয় আপ্লুত হৈছিল । নানা পাটেকাৰে এই ছবিখনৰ বাবে ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল । ২০১৫ চনলৈকে তেওঁ ১৫খনতকৈও অধিক ছবিৰ ৰচনা আৰু পৰিচালনা কৰে । তেওঁৰ তালিকাত থকা আন এখন হিট ছবি হৈছে ‘তিছৰা কৌন’ । ১৯৯০ চনত মুক্তি পোৱা এখন মালয়ালম ছবিৰ পুনৰ্নিৰ্মাণ এই ছবিখন । এই ছবিখনত মোহনলালে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ।

পৰিচালকগৰাকীৰ ছবি ‘এক ছেকেণ্ড... জো জিন্দেগী বদল দে’ আৰু ‘ৰেহমত আলী’ এ মুক্তি লাভ কৰিছিল ২০১০ চনত ।

তেওঁৰ শেষৰখন ছবি ‘মৌছম ইক্ৰাৰ কে দো পাল প্যাৰ কে’ই মুক্তি লাভ কৰিছিল ২০১৮ চনত । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুকেশ জে ভাৰতী, মদালসা শৰ্মা আৰু অবিনাশ ৱাধৱানে । পাৰ্থ ঘোষৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত ‘জীৱন যুধ’, ‘গুলাম-ই-মুস্তাফা’, ‘যুগ পুৰুষ’ আৰু ‘মচীহা’ও অন্তৰ্ভূক্ত হৈ আছে ।

লগতে পঢ়ক : টেলিভিছন জগতৰ অভিনেত্ৰী দীপিকা কক্কৰে যুঁজি আছে এক গুৰুতৰ ৰোগৰ সৈতে, বিচাৰিছে সকলোৰে শুভাকামনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.