ETV Bharat / entertainment

অভিনেত্ৰী-কণ্ঠশিল্পী জ্ঞানদা কাকতি গুৰুতৰভাৱে অসুস্থ

দীৰ্ঘদিন ধৰি অসুস্থ প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে অভিনেত্ৰীগৰাকী ।

Veteran actress singer Jnanada Kakati hospitalised due to health reasons
জ্ঞানদা কাকতি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 26, 2024 at 5:46 PM IST

|

Updated : December 26, 2024 at 10:17 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰবীণ অভিনেত্ৰী জ্ঞানদা কাকতি অসুস্থ । দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকা অভিনেত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে শ্বিলঙৰ পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ অনা হৈছে । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে অভিনেত্ৰীগৰাকীৰ । শ্বিলঙৰ বেথানি হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী । চিকিৎসকে জনোৱা অনুসৰি হৃদৰোগৰ লগতে বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে অভিনেত্ৰীগৰাকী ।

উল্লেখ্য যে, ১৯৩২ চনত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙত জন্মলাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । পিতৃ শ্বিলঙত কৰ্মৰত হোৱাৰ বাবে শ্বিলঙৰ লাবানত স্থায়ীভাৱে বাস কৰিবলৈ লয় তেওঁলোকে । সৰুৰে পৰা নৃত্য, গীত আৰু অভিনয় ভালপোৱা জ্ঞানদা এক সাংস্কৃতিক পৰিৱেশতে ডাঙৰ-দীঘল হৈছিল । মাতৃৰ পৰা সংগীত আৰু দেউতাকৰ পৰা অভিনয়ৰ আদিপাঠ লাভ কৰিছিল কাকতিয়ে । সৰু হৈ থাকোতে ‘সতী বেউলা’ নামৰ নাটকখনত তেওঁ কৰা নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই নিজে তেওঁক নৃত্য শিকাবলৈ আগবাঢ়ি আহিছিল ৷

১৯৪৮ চনত তেওঁ প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰিছিল । সৰুৰে পৰা মঞ্চত কবিতা আবৃত্তি, নৃত্য আৰু অভিনয় কৰা জ্ঞানদা কাকতিয়ে অভিনয় কৰা প্ৰথম ছবিখন হৈছে প্ৰবীণ ফুকন পৰিচালিত ‘পাৰঘাট’ ৷ প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তমখন অসমীয়া ছবি আছিল ‘পাৰঘাট’।

কাকতিয়ে বিবাহৰ পিছত স্বামীৰ প্ৰচেষ্টাতহে প্ৰথমবাৰৰ বাবে ছবিত অভিনয় কৰে । ‘পাৰঘাট’ৰ পাছত জ্ঞানদা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘পূবেৰুণ’, ‘চাকনৈয়া’, ‘পূৱতি নিশাৰ সপোন’, ‘নৰকাসুৰ’, ‘আমাৰ ঘৰ’, ‘ওপৰ মহলা’, ‘শেষ বিচাৰ’, ‘প্ৰিয়জন’ আৰু ‘ৰাগ-বিৰাগ’ ৷

অসমীয়া ছবিজগতৰ লগতে বাংলা ছবিজগততো নিজৰ আকৰ্ষণীয় অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল জ্ঞানদা কাকতিয়ে । তেওঁ অভিনয় কৰা বাংলা ছবিকেইখন হৈছে ‘নীলাচলে মহাপ্ৰভু’, ‘গড়েৰ মাঠে’, ‘বৰমা’ আদি ৷

বিশ্বৰ লেখত ল’বলগীয়া তথা পুৰণি চলচ্চিত্ৰ মহোৎসৱ 'বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত' ১৯৬০ চনত অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা তথা প্ৰভাত মুখাৰ্জী পৰিচালিত ‘পূবেৰুণ’ ছবিখন ভাৰতীয় ছবি হিচাপে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হৈছিল । ‘পূবেৰুণ’ ছবিখনৰ বাবে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল জ্ঞানদা কাকতিয়ে । আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী অভিনেত্ৰী আছিল জ্ঞানদা কাকতি ।

ইয়াৰোপৰি তেওঁ গুৱাহাটী-শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা আছিল । অনাতাঁৰ কেন্দ্ৰৰ গায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুখনমান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল ৷ বহুকেইখন নাটকৰ আৱহ সংগীতত কণ্ঠদানো কৰিছিল অভিনেত্ৰীগৰাকীয়ে । অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন লাভ কৰা কাকতিয়ে ইতিমধ্যে লাভ কৰিছে ‘কলাগুৰু বিষ্ণু ৰাভা বঁটা’ও ।

লগতে পঢ়ক : চলচ্চিত্ৰ জগতৰ নক্ষত্ৰ পতন; প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্যাম বেনেগালৰ দেহাৱসান

Last Updated : December 26, 2024 at 10:17 PM IST