ETV Bharat / entertainment

প্ৰবীণ অভিনেত্ৰী সন্ধ্যা শান্তাৰামৰ দেহাৱসান

কেইবাখনো হিন্দী আৰু মাৰাঠী চিনেমাত অভিনয় কৰা সন্ধ্যা শান্তাৰামৰ পৰলোকপ্ৰাপ্তি ঘটে মুম্বাইত ৷

Veteran Actor Sandhya Shantaram, who appeared in several Hindi and Marathi movies, passes away in Mumbai
অভিনেত্ৰী সন্ধ্যা শান্তাৰামৰ দেহাৱসান (Photo : Photo: IMDb)
author img

By ETV Bharat Entertainment Team

Published : October 4, 2025 at 7:35 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : প্ৰয়াত স্বামী ভি শান্তাৰামৰ পৰিচালনাত বিভিন্ন হিন্দী আৰু মাৰাঠী চিনেমাত অভিনয় কৰা সুপৰিচিত প্ৰবীণ অভিনেত্ৰী সন্ধ্যা শান্তাৰামৰ আজি (শনিবাৰ) ৮৭ বছৰ বয়সত মৃত্যু হয় ।

মাৰাঠী চিনেমা ‘পিঞ্জৰা’ত তেওঁৰ অভিনয়ৰ সকলোৱে প্ৰশংসা কৰে । ১৯৭২ চনত মুক্তি পোৱা ‘পিঞ্জৰা’ গীতৰ বাবেও পৰিচিত । নৱৰং, দো আখে বাৰহ হাথ, ঝনক ঝানক পায়েল বাজে, চেহৰা, অমৰ ভূপালী আদি চিনেমাতো অভিনয় কৰিছিল তেওঁ । অভিনেত্ৰীগৰাকীৰ মৃত্যুত অনুৰাগীসকলে শোক প্ৰকাশ কৰিছে । মাৰাঠী ছবি পিঞ্জৰাত উজ্জ্বল অভিনয় আৰু নৃত্যৰে হিন্দী চলচ্চিত্ৰ জগতখন জোকাৰি গৈছিল সন্ধ্যাই ।

সন্ধিয়া মুম্বাইৰ দাদাৰৰ শিৱাজী পাৰ্কত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । হিন্দী চিনেমাৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ভি শান্তাৰামৰ পত্নী আছিল সন্ধ্যা শান্তাৰাম । মাৰাঠী ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল, প্ৰথম ছবি আছিল অমৰ ভূপালী ।

"আৰে যা হাট নাটখাট" গীতটিৰে জনপ্ৰিয় হোৱা সন্ধ্যাৰ নাম প্ৰথমে আছিল বিজয়া দেশমুখ । ১৯৫৯ চনত ভি শান্তাৰামৰ ছবি "নৱৰং"ৰ জৰিয়তে তেওঁ বলীউডত অভিষেক ঘটায় । তেওঁৰ প্ৰথম ছবিখন বিপুলভাৱে হিট হয় আৰু তেওঁৰ গীত "আৰে যা হাট নাটখাট" আজিও জনপ্ৰিয় । এই গীতটোৰ বাবে অভিনেত্ৰীগৰাকীয়ে বিশেষভাৱে শাস্ত্ৰীয় নৃত্য শিকিছিল । সেই সময়ত কৰিঅ’গ্ৰাফাৰ নাছিল । এই গীতটোৰ সকলো নৃত্যৰ ভংগী সন্ধ্যা আৰু তেওঁৰ স্বামীয়ে সৃষ্টি কৰিছিল ।

ভি শান্তাৰামে এই গীতটোক দৰ্শনীয় আৰু বিশেষ কৰি তুলিব বিচাৰিছিল । ইয়াৰ বাবে তেওঁ ছেটত প্ৰকৃত ঘোঁৰা আৰু হাতী গোটাইছিল । এই জন্তুবোৰৰ মাজত সন্ধ্যাই নাচিব লগা হৈছিল যিটো সহজ নাছিল । অতিশয় নাৰ্ভাছ অভিনেত্ৰীগৰাকীয়ে গীতটোৰ বাবে বডি ডাবল ব্যৱহাৰ কৰা নাছিল । গীতৰ আখৰাৰ সময়ত সন্ধ্যাই ঘোঁৰা আৰু হাতীক খাদ্য খুৱাই বন্ধুত্ব গঢ়ি তুলিছিল । সন্ধ্যাৰ এই কামে পূৰ্বে বিবাহিত ভি শান্তাৰামক আকৌ তেওঁৰ প্ৰেমত পেলাইছিল । দুয়োৰে বিয়া হ’ল । ইয়াৰ পিছত সন্ধ্যাই বেছিভাগ স্বামীৰেই চিনেমাত কাম কৰিছিল ।

লগতে পঢ়ক : বিমানবন্দৰত ৰণবীৰ-দীপিকাৰ উষ্ম আলিংগন, অনুৰাগীৰ গা সাতখন-আঠখন