ETV Bharat / entertainment

20 বছৰৰ পিছত পুনৰ মুক্তি লাভ কৰি 100 কোটি টকা অৰ্জন বীৰ জাৰাৰ - SRK Preity Zinta Veer Zaara

Veer Zaara Creates History Box Office : শ্বাহৰুখ খানৰ 20 বছৰীয়া পুৰণি প্ৰেম কাহিনীয়ে খলকনি তুলিছে ৷ বীৰ জাৰা ছবিখনে পুনৰ মুক্তি লাভ কৰি বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে ।

Veer Zaara creates history at Box office SRK Film mints 100cr after 20 years of rerelease
বীৰ জাৰা (Movie Poster)
author img

By ETV Bharat Entertainment Team

Published : September 21, 2024 at 1:40 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ : পুনৰ মুক্তি পোৱা স্বত্বেও শ্বাহৰুখ খান আৰু প্ৰীতি জিণ্টা অভিনীত 20 বছৰীয়া পুৰণি ৰোমাণ্টিক ড্ৰামা ছবি ‘‘বীৰ-জাৰা’’-এ বক্স অফিচত ইতিহাস ৰচনা কৰিছে । 2004 চনত মুক্তি পোৱা ছবিখনে এতিয়া বক্স অফিচত 100 কোটি টকা উপাৰ্জন কৰিছে ।

বীৰ-জাৰা হৈছে ভাৰত আৰু পাকিস্তানত বসবাস কৰা যুৱক-যুৱতীৰ এক প্ৰেমকাহিনী, যি আজিও দৰ্শকৰ মাজত জনপ্ৰিয় । চলচ্চিত্ৰখনৰ গানবোৰ আজিও সকলোৰে মুখে মুখে । যশ চোপ্ৰাৰ দ্বাৰা পৰিচালিত এই ছবিখন অলপতে পুনৰ মুক্তি দিয়া হয় ।

শ্বাহৰুখ খান আৰু প্ৰীতি জিণ্টাৰ প্ৰেম কাহিনীৃ বীৰ-জাৰাই বিশ্বব্যাপী বক্স অফিচত ইতিহাস ৰচনা কৰিছে । ইয়াৰ আগতে, টুম্বাডে পুনৰ মুক্তি লাভ কৰি কৃতিত্ব অৰ্জন কৰিছিল । চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে বীৰ-জাৰাৰ পুনৰ মুক্তিৰ সংগ্ৰহৰ অংশ শ্বেয়াৰ কৰিছে । চলচ্চিত্ৰখন বৰ্তমান 203 টা ছবিগৃহত চলি আছে । ই ইয়াৰ দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰিছে । চলচ্চিত্ৰখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ দিৱসত 99 টকাত প্ৰদৰ্শিত হয় ।

বীৰ জাৰাই প্ৰথম দিনাই 20 লাখ, দ্বিতীয় দিনা 32 লাখ, তৃতীয় দিনা 38 লাখ, চতুৰ্থ দিনত 20 লাখ, পঞ্চম দিনা 18 লাখ, ষষ্ঠ দিনা 15 লাখ, সপ্তম দিনা 14 লাখ টকা আৰু অষ্টম দিনত ঘৰুৱা বক্স অফিচত 1.57 কোটি টকা সংগ্ৰহ কৰি কৰি বিশ্বজুৰি 100 কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ।

2004 চনত বীৰ-জাৰা চলচ্চিত্ৰখনে ভাৰতীয় বক্স অফিচত 61 কোটি টকা আৰু বিদেশত 37 কোটি টকা উপাৰ্জন কৰে আৰু মুঠ বক্স অফিচত 98 কোটি টকা উপাৰ্জন কৰে । ছবিখনত শ্বাহৰুখ খান, প্ৰীতি জিণ্টা, ৰাণী মুখাৰ্জী, অমিতাভ বচ্চন, হেমা মালিনী, মনোজ বাজপেয়ী আৰু বোমান ইৰাণীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক : ছবিখন জীৱনৰ ডাঙৰ হিট স্বত্বেও এটা কথাত সুখী নাছিল শ্বাহৰুখ - Shah Rukh Khan Look in KKHH