ETV Bharat / entertainment

জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে অসমীয়া সমাজত বহুতে ভগৱান বুলি ভাবে : বীৰ লাচিত সেনা

ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই বীৰ লাচিত সেনাৰ সচিব বিকাশ অসমে জুবিন গাৰ্গক লৈ ক’লে বহু কথা ৷ প্ৰয়াত শিল্পীগৰাকীৰ পত্নীলৈ চৰকাৰীভাৱে সংস্থাপনৰ দাবী দল-সংগঠনৰ ৷

veer-lachit-sena-secretary-bikash-axom-comments-on-zubeen-gargs-statement-about-late-singer-rajib-sadiya
গণশিল্পীলৈ শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 18, 2025 at 10:35 AM IST

|

Updated : January 18, 2025 at 12:17 PM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : "ৰাজীৱ শদিয়াক মই চিনি নাপাওঁ, মইয়ো জাতিৰ হকে গান গাইছো ৷" জুবিন গাৰ্গে বৃহস্পতিবাৰে সংবাদ মাধ্যমত গণশিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত এইদৰে মন্তব্য কৰাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয় ।

সামাজিক মাধ্যমত জুবিন গাৰ্গক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৰাজীৱ শদিয়া সম্পৰ্কত এনে তৰল মন্তব্য কৰাৰ বাবে । এতিয়া শেহতীয়াকৈ জুবিন গাৰ্গক সমালোচনা কৰি বীৰ লাচিত সেনাৰ সচিব বিকাশ অসমে কয়, "সাংস্কৃতিক ক্ষেত্ৰৰ ভগৱান সদৃশ জুবিন গাৰ্গে গণশিল্পী ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কোৱাটোত আমি দুখ প্ৰকাশ কৰিছো ।"

বিকাশ অসমৰ ভাষ্য (ETV Bharat Assam)

উল্লেখ্য যে, এইবাৰৰ ভোগালীৰ উৰুকাৰ দিনটো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আছিল অতিকে দুখৰ । অকস্মাতে আমাৰ মাজৰ পৰা হেৰাই যায় জাতি-মাটি-ভেঁটিৰ হকে গান গাই ভালপোৱা গণশিল্পী ৰাজীৱ শদিয়া ৷ যোৱা দেওবাৰে ৰসবাৰী পৰ্যটন মেলাত গীত গাই থকাৰ মাজতে হঠাৎ অসুস্থ হৈ ঢলি পৰিছিল গণশিল্পী ৰাজীৱ শদিয়া ।

হৃদক্ৰিয়া বন্ধ হৈ পৰাত জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত ভৰ্তি কৰোৱা হৈছিল ৷ চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও বচাব নোৱাৰিলে জনতাৰ শিল্পীগৰাকীক ৷ সকলোকে কন্দুৱাই গুচি গ’ল এখন অজান পৃথিৱীলৈ ।

কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ অকাল মৃত্যুত আজিও ৰাজ্যত শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে । জাতি, মাটিৰ হকে গীত গাই কম সময়তে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়াক ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে জনাইছে শ্ৰদ্ধাঞ্জলি ।

নিশা ডিব্ৰুগড়ৰ তিলৈ নগৰত গণশিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে বীৰ লাচিত সেনাই । এই অনুষ্ঠানত উপস্থিত থাকি সংগঠনটোৰ সচিব বিকাশ অসমে কয়, "জুবিন গাৰ্গে ৰাজীৱ শদিয়াক লৈ যি মন্তব্য কৰিলে ইয়াত আমি দুখ প্ৰকাশ কৰিছো । জুবিন গাৰ্গক বহুতে অসমীয়া সমাজৰ ভগৱান হিচাপে গণ্য কৰে । আমি সাংস্কৃতিক ক্ষেত্ৰখনত জুবিন গাৰ্গক ভগৱান বুলি ভাবো । ভগৱান সদৃশ এজন ব্যক্তিয়ে ৰাজীৱ শদিয়াৰ দৰে গণশিল্পীক লৈ এনেকুৱা মন্তব্য কৰাটো দুৰ্ভাগ্যজনক । আগলৈ যাতে তেওঁ তেনেধৰণৰ মন্তব্য নকৰে আমি তাৰে আশা কৰিম ৷"

জুবিন গাৰ্গে ৰাজীৱ শদিয়াক ভালকৈ চিনি নাপাওঁ বুলি কোৱা সন্দৰ্ভত বিকাশে কয় যে তেওঁলোকৰ দলৰ হাততে দুখন ফ্লেক্স আছে, ২০১৪ আৰু ২০১৫ চনত ৰাজীৱ শদিয়াৰ দুটা এলবামত জুবিন গাৰ্গে কাম কৰিছিল । ইয়াৰ পিছত জুবিন গাৰ্গ সদায় জুবিন গাৰ্গ হৈ থাকক বুলি মন্তব্য কৰি বিকাশ অসমে জুবিন গাৰ্গৰ সুস্বাস্থ্য কামনা কৰে ৷

লগতে পঢ়ক : এসোঁতা চকুলো-এবুকু দুখেৰে ৰাজীৱ শদিয়াৰ ৰাজহুৱা তিলনি

Last Updated : January 18, 2025 at 12:17 PM IST