মাণিকপুৰৰ ৰাজপথত হঠাৎ হনুমেনৰ আবিৰ্ভাৱ - Joy Hanu Man movie
Assamese movie Joy Hanu Man : ৰাজপথত মটৰচাইকেল আৰোহীক হেলমেট পিন্ধিবলৈ বাধ্য কৰালে হনুমেনে ৷ মানুহৰ মাজত সজাগতা অনাৰ প্ৰয়াস হনুমেনৰ ৷

By ETV Bharat Entertainment Team
Published : October 1, 2024 at 3:39 PM IST
মাণিকপুৰ, 1 অক্টোবৰ : পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ মাণিকপুৰত হনুমেনৰ প্ৰশংসনীয় পদক্ষেপ ৷ দুৰ্ঘটনা ৰোধ কৰিবলৈ পথচাৰীক হেলমেট পিন্ধিবলৈ আহ্বান হনুমেনৰ ৷ অহা 18 অক্টোবৰত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ অসমীয়া ছবি জয় হনুমেনে ।
দুৰ্নীতি, ধৰ্ষণ, সমাজত সঘনাই ঘটিবলৈ ধৰা অপৰাধজনিত ঘটনাকে ধৰি বিভিন্ন ধৰণৰ অনিয়মৰ পৰা সমাজখন কেনেকৈ বচাই ৰাখিব লাগে, তাকে দাঙি ধৰা হৈছে জয় হনুমেন ছবিখনত । জয় হনুমেন ছবিখনৰ প্ৰচাৰ কৰিবলৈ 1 অক্টোবৰত মাণিকপুৰত উপস্থিত হয় টীম জয় হনুমেন ৷
পৰিচালক হিমাংশু প্ৰসাদ দাসসহ অন্যান্যসকলে দুৰ্ঘটনা ৰোধ কৰাৰ বাৰ্তা প্ৰেৰণ কৰি এখনি বাটৰ নাট প্ৰদৰ্শন কৰে । পথচাৰীসকলক সদায় হেলমেট পিন্ধি বাইক চলাবলৈ আহ্বান জনাই জয় হনুমেনে আৰু 18 অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া অসমীয়া ছবিখন চাবলৈ সকলোকে আহ্বান জনাই তেওঁলোকে ।
ছবিখনত একশ্যন, ৰোমাঞ্চ, মনোৰঞ্জনৰ মাজেদি সামাজিক অসুবিধাসমূহ তুলি ধৰাৰ প্ৰয়াস কৰিছে পৰিচালকে । ছবিখন পৰিয়ালৰ সৈতে চাব পৰা এখন ব্যতিক্ৰমী ছবি বুলি উল্লেখ কৰে হিমাংশু প্ৰসাদ দাসে ৷
উল্লেখ্য যে, হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে আহিবলগীয়া ছবিখনত দৰ্শকে দেখিবলৈ পাব অসমীয়া অভিনয় জগতৰ কেবাখনো চিনাকী মুখ ৷ সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অনন্যা কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, জিণ্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীক এই ছবিখনত দেখিবলৈ পোৱা যাব ৷ ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ৷

