চিলনী চোৰে কেনেদৰে থপিয়াই দৰকাৰী বস্তু ? - Movie Chiloni Chor
Assamese movie Chiloni Chor : 30 আগষ্টত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘চিলনী চোৰ’ ৷ মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ সন্দিকৈ চিত্ৰগৃহত অনুষ্ঠিত হৈ যায় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ ।

By ETV Bharat Entertainment Team
Published : August 28, 2024 at 6:16 PM IST
গুৱাহাটী, 28 আগষ্ট : বিদুৰভাইৰ অভূতপূৰ্ব সফলতাৰ পিছতে মুক্তিৰ পথত এখনৰ পিছত সিখনকৈ নতুন অসমীয়া ছবি । চলিত মাহৰ শেষৰ ভাগৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈ ছবিগৃহলৈ আহিব কেইবাখনো অসমীয়া চলচ্চিত্ৰ । তাৰ ভিতৰত এখন চিনেমাৰ নামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷
30 আগষ্টত অসমৰ প্ৰতিটো ছবিগৃহতে মুক্তি পাবলৈ সাজু হৈছে নতুন অসমীয়া বোলছবি ‘চিলনী চোৰ’ ৷ সমাজত চলি থকা কিছুমান ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ পৰিচালক প্ৰণৱ জ্যোতি ভৰালীয়ে ছবিখনৰ কাহিনী কাল্পনিক বুলি জানিবলৈ দিয়ে ৷ ছবিখন প্ৰযোজনা কৰিছে পৰেশ বৰাই ।
নিজৰ সপোন সাৰ্থক কৰিবলৈ প্ৰতিদিনে গুৱাহাটী মহানগৰীলৈ আহে হাজাৰ-বিজাৰ মানুহ ৷ সেই হাজাৰ মানুহৰ কেতিয়াবা আৰ্থিক অনাটন বা বিভিন্ন কাৰণত সপোনবোৰ পূৰ নহয় । তেতিয়াই জন্ম হয় কিছুমান নতুন কাহিনীৰ ৷ এনে কিছুমান কথাকে ভিত্তি হিচাপে লৈ কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা হৈছে 'চিলনী চোৰ'।
মঙলবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ সন্দিকৈ চিত্ৰগৃহত অনুষ্ঠিত হৈ যায় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ । য’ত উপস্থিত থাকে অসমীয়া ছবিজগতৰ কেইবাগৰাকীও নবীন-প্ৰবীণ অভিনেতা-অভিনেত্ৰীৰ লগতে ছবিখনৰ কলা-কুশলী । অহা 30 আগষ্টত অসমৰ প্ৰতিটো হলৰ লগতে অসমৰ বাহিৰতো ছবিখনে মুক্তি পোৱাৰ কথা ৷ বাংগালুৰু, হায়দৰাবাদ, চেন্নাই, মুম্বাই, আহমেদাবাদ আদি ঠাইত মুক্তি দিয়া হ’ব ছবিখন ।
হাস্যমধুৰ একশ্যনধৰ্মী ছবিখনত অভিনয় কৰিছে অৰুণ হাজৰিকা, দেৱানন্দ শইকীয়া, জুলেন ভূঞা, নীলাক্ষী দেৱী, চাজু আহমেদ, প্ৰণৱ দত্ত, নীল তামুলী, কংকন দে, জ্যোতিষ্মান শৰ্মা, মিমি কাশ্যপ, মানালী বৰা, ছুইটী সুস্মিতা, সাগৰিকা, দীপ দেউৰী, প্ৰতুল ডেকা, কুমাৰেশ দত্ত, উদয় শংকৰ ভূঞা, অনুপম শইকীয়া আদিকে ধৰি ন-পুৰণি বহু অভিনেতা-অভিনেত্ৰীয়ে । এতিয়া 30 আগষ্টত মুক্তি পাবলগীয়া এই নতুন অসমীয়া ছবিখন ৰাইজে আদৰি ল’ব বুলি আশাবাদী ছবিখনৰ পৰিচালকৰ লগতে কলা-কুশলীসকল ।
লগতে পঢ়ক : শীঘ্ৰেই ছবিগৃহলৈ আহি আছে 'চিলনী চোৰ' - Assamese movie Chiloni Chor

