Bihar Election Results 2025

ETV Bharat / entertainment

সুন্দৰপুৰ কেঅছৰ কাহিনীয়ে জ্বলন্ত সমস্যা সমাধানত যোগাব পাৰিবনে অৰিহণা ?

তিনিচুকীয়াত নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅছৰ কলা-কুশলীসকল । ২৫ অক্টোবৰত ছবিগৃহলৈ সকলোকে ওলাই আহি ছবিখন উপভোগ কৰিবলৈ আহ্বান ।

upcoming Assamese film Sundarpur Chaos promotion in tinsukia
সুন্দৰপুৰ কেঅছৰ প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 16, 2024 at 2:25 PM IST

|

Updated : October 16, 2024 at 2:59 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ১৬ অক্টোবৰ: অপেক্ষাৰ অন্ত পেলাই ঘোষণা হ’ল আহিবলগীয়া নতুন অসমীয়া ছবি সুন্দৰপুৰ কেঅছৰ মুক্তিৰ দিন । অহা ২৫ অক্টোবৰত ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া ছবিখনে । এটি হৃদয়স্পৰ্শী কাহিনীৰে অহা ২৫ অক্টোবৰত ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি ‘সুন্দৰপুৰ কেঅছ’ ।

অসমৰ এক জ্বলন্ত সমস্যা সত্ৰৰ মাটি বেদখলক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । আৰ চি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ ।

সুন্দৰপুৰ কেঅছৰ কাহিনীয়ে জ্বলন্ত সমস্যা সমাধানত যোগাব পাৰিবনে অৰিহণা ? (ETV Bharat Assam)

তিনিচুকীয়া উপস্থিত হৈ সুন্দৰপুৰৰ কেঅছৰ কলা-কুশলীসকলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে, “অহা ২৫ অক্টোবৰত ৰাইজৰ মাজলৈ আহি আছে ‘সুন্দৰপুৰ কেঅছ’ । অসমৰ ৰাইজে এখন খুব সুন্দৰ অসমীয়া ছবি চাবলৈ পাব । ছবিখনৰ কাহিনীটো খুব প্ৰাসংগিক । আমাৰ সত্ৰ আমাৰ জাতিৰ পৰিচয়, কিন্তু তাত এতিয়া কি হৈ আছে ? আমি বহু সময়ত সত্ৰক লৈ বিভিন্ন খবৰ শুনিবলৈ পাওঁ । ছবিখন এজন সাধাৰণ ল'ৰাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে । চৰিত্ৰটোৰ নাম কিংকৰ । যিয়ে সত্ৰৰ পৰা ওলাই আহি বাহিৰৰ জগতখনৰ লগত বিভিন্ন সংগ্ৰাম কৰিবলগীয়া হয় ।”

লগতে পঢ়ক : পূজাৰ পাছতে আহি আছে 'সুন্দৰপুৰ কেঅছ' - Assamese film Sundarpur Chaos

পৰিচালকে কয়, “সত্ৰত থাকি ডাঙৰ হোৱা যুৱকজনৰ এগৰাকী সাধাৰণ জনজাতীয় যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । বৰ্তমান সময়ত সকলো সলনি হৈছে যদিও প্ৰেম বা বিবাহৰ ক্ষেত্ৰত উচ্চবংশৰ ল’ৰা এজনে নিম্ন বংশৰ ছোৱালী এজনীক বিয়া পাতিব নোৱাৰে আদি নিয়ম বা যিবোৰ কথা সেইবোৰ এতিয়াও আছে, ছবিখনতো তেনেকুৱা ধৰণৰ কিছু কথা উপস্থাপন কৰা হৈছে । ছবিখনৰ তিনিটা গীতৰ ভিতৰত এটা গীতত কণ্ঠদান কৰিছ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্বানে । যিটো আমাৰ বাবে এটা গৌৰৱৰ বিষয় । লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ মৰ্দনৰ অন্তৰ্ভুক্ত দুটি ঘোষা আৰু কেইটিমান পদেৰে সৃষ্টি কৰা এটি প্ৰসংগত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই । লগতে আন এটি গীতত কণ্ঠ নিগৰাইছে গায়ত্ৰী হাজৰিকাই ।”

আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে নেশ্যনেল স্কুল অৱ ড্ৰামা, দিল্লীৰ স্নাতক তথা সু-নৃত্যশিল্পী পাৰ্থপ্ৰতীম হাজৰিকাই । আন আন চৰিত্ৰসমূহত আছে অৰুণ নাথ, জ্বলি লস্কৰ, ৰাজীৱ গোস্বামী, শিল্পী দত্ত, গাৰ্গী দত্ত আৰু বহুতো । ছবিখনৰ কাহিনী, সম্পাদনা আৰু পৰিচালনা ঝুলন কৃষ্ণ মহন্তৰ । আনহাতে চিত্রগ্রহণ চন্দ্ৰ কুমাৰ দাসৰ, ছবিখনৰ সংগীত পৰিচালনা সৌৰভ মহন্তৰ, ডি আই ধনজিৎ দাসৰ, সাজসজ্জা ৰাণী দত্ত বৰুৱা আৰু গৰিমা শইকীয়া গাৰ্গৰ আৰু শব্দ সংমিশ্রণ ৰাষ্ট্রীয় বঁটাপ্রাপক শব্দযন্ত্রী দেৱজিত গায়নৰ ।

লগতে পঢ়ক : এক স্পৰ্শকাতৰ কিন্তু প্ৰাসংগিক বিষয়ক লৈ ছবিগৃহলৈ আহি আছে সুন্দৰপুৰ কেঅছ, আপুনি চাবলৈ সাজু নে ?

Last Updated : October 16, 2024 at 2:59 PM IST