গুৱাহাটী : মুক্তি লাভৰ পূৰ্বেই অসমীয়া বোলছবি 'ৰুদ্ৰ'ক লৈ ব্যাপক কৌতূহল দেখা গৈছে দৰ্শকৰ মাজত । জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত এক্সন থ্ৰিলাৰ ছবিখনৰ মুক্তিৰ অপেক্ষাত অসমৰ দৰ্শকসকল । পিছে ৰবি শৰ্মাৰ অনুৰাগী তথা ছবিৰ মুক্তিৰ অপেক্ষাত থকা দৰ্শকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । পূৰ্বে ঘোষণা কৰাৰ দলে ছবিখন ১ মে'ত মুক্তি লাভ নকৰে । ছবিখনৰ মুক্তিলাভৰ দিন সলনি কৰা হৈছে ।
'ৰুদ্ৰ'ৰ শুভমুক্তিৰ দিন সলনি
দেওবাৰে গুৱাহাটী প্ৰেছক্লাবত সংবাদমেল সম্বোধন কৰি ছবিখনৰ নতুন মুক্তিলাভৰ দিন ঘোষণা কৰে ছবিখনৰ নিৰ্মাতা গোষ্ঠীয়ে । উক্ত সংবাদমেলত উপস্থিত থাকে ছবিখনৰ পৰিচালক ৰূপক গগৈ, অভিনেতা ৰবি শৰ্মা, প্ৰযোজক ৰাজেশ ম'ৰ আৰু ৰাজ চৌধুৰী । লগতে ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্যও উপস্থিত থাকে ।
ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে জনোৱা অনুসৰি 'ৰুদ্ৰ'ৰ মুক্তিৰ দিন ১ মে' বুলি আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছিল যদিও হঠাৎ অসম চৰকাৰে অহা ২ মে' আৰু ৭ মে'ত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ বাবে দৰ্শকৰ সুবিধালৈ লক্ষ্য ৰাখি ছবিখনৰ মুক্তিৰ দিন ১ মে'ৰ সলনি অহা ৬ জুন ধাৰ্য কৰা হৈছে । লগতে অহা ৯ মে'ত আন এখন অসমীয়া বোলচবি 'কেচটো নগেন' মুক্তি পাব । সেয়েহে এনেদৰে দুখন অসমীয়া বোলছবি এটা সপ্তাহৰ ব্যৱধানত মুক্তি দিলে দুয়োখন ছবিৰ ব্যৱসায়ত প্ৰভাৱ পৰাৰ আশংকা কৰিছে 'ৰুদ্ৰ'ৰ নিৰ্মাতাগোষ্ঠীয়ে । যাৰ বাবে'ৰুদ্ৰ'ৰ শুভমুক্তিৰ দিন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।
এই সন্দৰ্ভত অভিনেতা ৰবি শৰ্মাই কয়,"আমি 'ৰুদ্ৰ' ছবিখন ১ মে'ত মুক্তি দিম বুলি পৰিকল্পনা কৰিছিলোঁ যদিও দুটা কাৰণত ছবিখনৰ মুক্তিৰ দিন পিছুৱাই দিয়া হ'ল । সম্পূৰ্ণ নিঃস্বাৰ্থভাৱে 'কেচটো নগেন'ৰ বাবে যদি আমি কৰিছোঁ বুলি কওঁ সেইটোও ভুল হ'ব । ইতিমধ্যে 'কেচটো নগেন' ছবিখনে তিনিবাৰ মান প্ৰচাৰ কৰিলেই, গতিকে তেওঁলোকে যদি এতিয়াই ছবিখন মুক্তি নিদিয়ে তেন্তে তেওঁলোকৰ আকৌ বহু টকা ব্যয় হ'ব । লগতে আমাৰ যিহেতু ছবিগৃহৰ সংখ্যাও কম, সেয়ে আমি স্ক্ৰীণৰ বাবে যুঁজ বাগৰ কৰি থকাতকৈ আমি সকলোৱে আলোচনা কৰি তেওঁলোককো একো অসুবিধা দিব বিচৰা নাই, লগতে আমি আৰু অকণমান সময়লৈ 'ৰুদ্ৰ'খনৰ মানদণ্ড আৰু উন্নত কৰিব পাৰো নেকি তাৰবাবেও এই সিদ্ধান্ত গ্ৰহণ কৰিছো ।"
পৰিচালক ৰূপক গগৈয়ে কয়, "এইখন এখন এক্সন থ্ৰিলাৰ ছবি । ছবিখনৰ মানদণ্ড আমি যিমান উন্নত কৰিব পাৰো সেয়া আমি কৰিবলৈ চেষ্টা কৰিছোঁ । ছবিখনক ৰাইজে আঁকোৱালি ল'ব বুলি আমি আশাবাদী ।
উল্লেখ্য যে এই অনুষ্ঠানত 'ৰুদ্ৰ'ৰ প্ৰথমটো টিজাৰো মুকলি কৰা হয় । ছবিখনত ৰবি শৰ্মাৰ লগতে অভিনয় কৰিছে বিশিষ্ট অভিনেতা আদিল হুছেইন, জয় কাশ্যপ, নন্দিনী কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱাৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, অর্শীতা আগৰৱাল, ৰাজীৱ গোস্বামী, অন্তৰা জিজি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু ইবশ্বন লাল বৰুৱাই ।
লগতে পঢ়ক :ছবিখনত 300 ৰো অধিক তাৰকাই লৈ যাব আপোনাক আশীৰ দশকলৈ - SASANKA SAMIR MOVIE BHAIMON DA