২০০৫ চনতে জুবিনে গাৰো ভাষাত গীত গাইছিল মেঘালয়ৰ এগৰাকী শিল্পীৰ সৈতে
জন্মচহৰ তুৰাত গভীৰ শোকৰ ছাঁ ৷ মেঘালয়ৰ জনপ্ৰিয় গায়িকা ৰিয়া চাংমাৰ সৈতে গাৰো ভাষাত গুৱাহাটীত কুৰি বছৰ আগতে গীত গাইছিল শিল্পী জুবিন গাৰ্গে ৷

By ETV Bharat Entertainment Team
Published : September 24, 2025 at 6:54 PM IST
গুৱাহাটী : জীৱিত কালতে কিংবদন্তিত পৰিণত হোৱা জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পাছত পোহৰলৈ আহিছে তেওঁৰ বহু নজনা কথা । দেউতাকৰ চাকৰি সূত্ৰে অবিভক্ত অসমৰ তথা বৰ্তমানৰ মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ তুৰাত ১৯৭২ চনত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ স্বাভাৱিকতে গাৰো পাহাৰৰ প্ৰতি এক আকৰ্ষণ তথা টান আছিল । তেওঁৰ ঘনিষ্ঠসকলৰ বাহিৰে বহুতেই হয়তো নাজানে যে জুবিন গাৰ্গ বাহিৰলৈ গ’লে বা গুৱাহাটীৰ হাট-বজাৰত গাৰো মানুহক দেখিলেই ৰৈ গৈছিল ৷ জনপ্ৰিয় শিল্পীগৰাকীয়ে সুবিধা পালেই ৰৈ কথা পাতিছিল তেওঁলোকৰ সৈতে ।
ইফালে আজিৰ পৰা কুৰি বছৰ আগত গাৰো ভাষাত গীত গাইছিল জুবিন গাৰ্গে । সেই সময়ত মেঘালয়ৰ গাৰো ভাষাত গীত গোৱা জনপ্ৰিয় শিল্পী তথা বৰ্তমান এটা ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মী ৰিয়া চাংমাৰ সৈতে গীত গাইছিল জুবিন গাৰ্গে । এই সন্দৰ্ভত বৰ্তমান গুৱাহাটীৰ বশিষ্ঠৰ গাতে লগা মেঘালয়ৰ ৰিভয় জিলাৰ মাইঘুলিৰ বাসিন্দা ৰিয়া চাংমাই জানিবলৈ দিয়া মতে- জুবিন গাৰ্গৰ সৈতে ২০০৫ চনত প্ৰথমবাৰৰ বাবে 'Srik Sriksa Niate' নামৰ এটা ভিডিঅ’ এলবামত গীত গাইছিল তেওঁ । ৰিয়াই জানিবলৈ দিয়া মতে- জুবিন গাৰ্গে সুন্দৰকৈ গাৰো ভাষাত গীত গাইছিল । এলবামটোত মুঠ আঠটা গীত আছিল, তাৰে তিনিটা গীত গাইছিল জুবিন গাৰ্গে ।

২০ বছৰ পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি ৰিয়াই কয়, “তেতিয়াৰে পৰা জুবিন দাৰ লগত মোৰ যি ভাই-ভনীৰ সম্পৰ্ক, সেয়া মৃত্যুৰ আগলৈকে অটুট আছিল ।” তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই বাকৰুদ্ধ হৈ পৰিছিল ৰিয়া । সৰুসজাইত জুবিন গাৰ্গৰ মৃতদেহ আহি পোৱাৰ পাছত তাত গৈ নীৰৱে চকুলো টুকি শেষ শ্ৰদ্ধা নিবেদন কৰিছিল তেওঁ ।
জুবিন গাৰ্গে গাৰো ভাষাত গীত গোৱাটো বাদেই গাৰো ভাষা সুন্দৰকৈ বুজিও পাইছিল আৰু ক’বও পাৰিছিল । গাৰো ভাষাত গীত গাওঁতে ব্যৱহৃত হোৱা বাদ্যযন্ত্ৰ বজোৱাতো সিদ্ধহস্ত আছিল তেওঁ । কোনটো গীতত কোনটো বাদ্যযন্ত্ৰ ব্যৱহাৰ হয় বা বজাব লাগে, সেই সন্দৰ্ভতো জুবিন পাকৈত আছিল । জুবিন গাৰ্গৰ অকাল মৃত্যু কেৱল অসমীয়া সংগীতৰ বাবেই নহয়, উত্তৰ-পূবৰ থলুৱা ভাষাৰ সংগীতৰ ক্ষেত্ৰখনৰ বাবেও অপূৰণীয় ক্ষতি ।
লগতে পঢ়ক : প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু সহিব নোৱাৰি উপবাসে থাকি প্ৰাণত্য়াগ অনুৰাগীৰ

