মুম্বাই : টিভি উদ্যোগৰ পৰা আহিছে এটা দুঃখবৰ ৷ এজন অভিনেতাৰ মৃতদেহ তেওঁৰ ফ্লেটতে উদ্ধাৰ হৈছে । দৰাচলতে অভিনেতাজন শ্বুটিংস্থলীত উপস্থিত হোৱা নাছিল ৷ সেয়ে ধাৰাবাহিকখনৰ ক্ৰু মেম্বাৰসকল গৈ তেওঁৰ ঘৰত উপস্থিত হয়গৈ । তেওঁলোকে অভিনেতাজনক অচেতন অৱস্থাত পৰি থকা উদ্ধাৰ কৰে । ইয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।
ফ্লেটত অচেতন অৱস্থাত উদ্ধাৰ
শিৱ শক্তি তপ ত্যাগ তাণ্ডৱৰ অভিনেতা যোগেশক তেওঁৰ ফ্লেটত অচেতন অৱস্থাত উদ্ধাৰ কৰে ক্ৰু মেম্বাৰে ৷ লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে । চিকিৎসকে তেওঁৰ মৃত্যু নিশ্চিত কৰি ইয়াৰ কাৰণ হাৰ্ট এটেক বুলি কয় । তেওঁৰ এপাৰ্টমেণ্টটো শ্বুটিং ছেটৰ ওচৰতে আছিল ৷ তেওঁ যেতিয়া শ্বুটিঙৰ বাবে অহা নাছিল, তেতিয়া ক্ৰু মেম্বাৰসকলে তেওঁৰ ঘৰলৈ তেওঁক বিচাৰি গৈছিল । বহুসময় ধৰি ঘৰৰ দুৱাৰখন খোলা নোখোৱাত ক্ৰু মেম্বাৰসকলে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে । তেতিয়াই তেওঁলোকে তেওঁক পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷
আজি সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া
২০ জানুৱাৰীত বৰিভালি পশ্চিম মুম্বাইৰ প্ৰগতি হাইস্কুলৰ সমীপৰ গোৰাৰী-২ শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব । মুম্বাইচে শ্বাহানে আৰু সংসাৰচি মায়াৰ দৰে মাৰাঠী ছবিৰ বাবে পৰিচিত অভিনেতাগৰাকী । তেওঁ পত্নী আৰু সাত বছৰীয়া পুত্ৰক এৰি থৈ গৈছে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁৰ সহ-অভিনেত্ৰী আকাংক্ষা ৰাৱটে কয়, “তেওঁ আছিল অতি উল্লাসিত ব্যক্তি আৰু তেওঁৰ হাস্যৰসৰ ক্ষমতা আছিল । আমি বহু শ্বুটিং একেলগে কৰিছো । এই মুহূৰ্তত তেওঁৰ মৃত্যুত আমি সকলো দুখী আৰু স্তম্ভিত হৈ পৰিছো ।”
লগতে পঢ়ক : বিশিষ্ট তবলাবাদক আবিৰ বৰগোহাঞিৰ দেহাৱসান