টম ক্ৰুজলৈ অস্কাৰ, প্ৰথম মনোনয়নৰ ৩৫ বছৰৰ পাছত ‘মিছন’ সম্ভৱ হলীউডৰ তাৰকাগৰাকীৰ
টম ক্ৰুজক ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৫ চনৰ গভৰ্ণৰছ এৱাৰ্ডত সন্মানীয় অস্কাৰ বঁটাৰে সন্মানিত কৰা হ’ব ।

By ETV Bharat Entertainment Team
Published : June 18, 2025 at 1:49 PM IST
হায়দৰাবাদ : মিছন ইম্প’ছিবলৰ দৰে চলচ্চিত্ৰ ছিৰিজেৰে বিশ্বজুৰি বিখ্যাত হোৱা টম ক্ৰুজে অৱশেষত প্ৰথমবাৰৰ বাবে অস্কাৰ লাভ কৰিবলৈ ওলাইছে । মঙলবাৰে চলচ্চিত্ৰ একাডেমীয়ে জনোৱা মতে, গভৰ্ণৰছ এৱাৰ্ডত সন্মানীয় অস্কাৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছে টম ক্ৰুজ, কৰিঅ’গ্ৰাফাৰ ডেবি এলেন আৰু ‘‘ডু দ্য ৰাইট থিঙ’’ৰ প্ৰডাকশ্যন ডিজাইনাৰ উইন থমাছ ।
শিক্ষাৰ ক্ষেত্ৰত দশক দশক ধৰি আগবঢ়োৱা অৱদানৰ বাবে ডলী পাৰ্টনকো জিন হাৰ্শ্বল্ট মানৱীয় বঁটাৰে সন্মানিত কৰা হ’ব ।

৩৫ বছৰ পূৰ্বে লাভ কৰিছিল প্ৰথম মনোনয়ন
টম ক্ৰুজে প্ৰথমবাৰৰ বাবে অস্কাৰৰ মনোনয়ন লাভ কৰাৰ ৩৫ বছৰৰ পাছত এই বঁটা লাভ কৰিবলৈ ওলাইছে ৷ একাডেমীৰ সভানেত্ৰী জেনেট য়াঙে এক বিবৃতিত কয়, “এইবাৰৰ গৱৰ্ণৰছ এৱাৰ্ডৰ জৰিয়তে অসাধাৰণ কেৰিয়াৰ গঢ়ি তোলা আৰু আমাৰ চলচ্চিত্ৰ নিৰ্মাণ সম্প্ৰদায়লৈ অৰিহণা যোগোৱা চাৰিজন মহান ব্যক্তিক সন্মান জনোৱা হ’ব ।”
আমোদজনক কথাটো হ’ল এইসকল লোকৰ বহুতেই এতিয়ালৈকে অস্কাৰ লাভ কৰা নাই । ৬২ বছৰীয়া ক্ৰুজে চাৰিটা মনোনয়ন লাভ কৰিছে, দুবাৰকৈ ‘‘বৰ্ণ অন দ্য ফ’ৰ্থ অফ জুলাই’’ আৰু ‘‘জেৰী মেগুৱেৰ’’ত শ্ৰেষ্ঠ অভিনেতা, এবাৰ ‘মেগনোলিয়া’ত সহযোগী অভিনেতা আৰু এবাৰ ‘‘টপ গান: মেভেৰিক’’ৰ ক্ষেত্ৰত শ্ৰেষ্ঠ ছবিৰ বাবে ।
কৰ’ণা মহামাৰীৰ সময়ত তেওঁ থিয়েটাৰ চিত্ৰগ্ৰহণ আৰু বৃহৎ পৰিসৰৰ হলীউড প্ৰডাকশ্যনকো সহযোগিতা আগবঢ়াই আহিছে । য়াঙে ছবি নিৰ্মাণ, থিয়েটাৰ আৰু ষ্টাণ্ট সম্প্ৰদায়ত ক্ৰুজৰ অতুলনীয় প্ৰভাৱক আলোকপাত কৰে ।
এই চেলেব্ৰিটীসকলকো সন্মান জনোৱা হ’ব
৭৫ বছৰীয়া এলেন কেতিয়াও অস্কাৰৰ বাবে মনোনীত হোৱা নাই । কিন্তু অস্কাৰ শ্ব’ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । বছৰ বছৰ ধৰি তেওঁ সাতটা ইভেণ্টৰ কৰিঅ’গ্ৰাফী কৰিছে । ইয়াৰে চাৰিজনক প্ৰাইম টাইম এমি বঁটাৰ বাবে মনোনীত কৰা হৈছে ।
থমাছ এজন আগশাৰীৰ প্ৰডাকশ্যন ডিজাইনাৰ যাৰ ছবিসমূহে সঘনাই শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হয় ৷ ৰন হাৱাৰ্ডৰ "এ বিউটিফুল মাইণ্ড"ৰ বাবে এবাৰ বিজয়ীও হয় । থমাছ চলচ্চিত্ৰ নিৰ্মাতা স্পাইক লীৰ সৈতে দীৰ্ঘদিনীয়া সহযোগিতাৰ বাবে পৰিচিত, "শ্বিজ গটা হেভ ইট" আৰু "মেলকম এক্স"ৰ পৰা "ডা ৫ ব্লাডছ"লৈকে ।
পাৰ্টন দুবাৰকৈ শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে মনোনীত হৈছে - "৯ টু ৫"ৰ বাবে আৰু ২০০৬ চনত ‘ট্ৰেন্সআমেৰিকা’ ছবিৰ "ট্ৰেভেলিন থ্ৰু"ৰ বাবে । তেওঁৰ সন্মানে ডলীউড ফাউণ্ডেশ্যন আৰু "ডলী পাৰ্টনৰ ইমেজিনেশ্যন লাইব্ৰেৰী অফ লিটাৰেচাৰ"ৰ দৰে সংস্থাৰ জৰিয়তে বছৰ বছৰ ধৰি কৰা মানৱীয় প্ৰচেষ্টাক উদযাপন কৰে ।
ক'ত দিয়া হ'ব বঁটা
১৬ নৱেম্বৰত লছ এঞ্জেলছৰ ৰে ডলবি বলৰুমত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানৰ সময়ত এই বঁটা প্ৰদান কৰা হ’ব । বিগত বৰ্ষৰ বিজয়ীসকলৰ ভিতৰত আছিল প্ৰয়াত কুইন্সি জ’নছ, বণ্ডৰ প্ৰযোজক বাৰ্বাৰা ব্ৰকলি আৰু মাইকেল জি উইলছন, চলচ্চিত্ৰ প্ৰযোজক ৰিচাৰ্ড কাৰ্টিছ আৰু কাষ্টিং ডাইৰেক্টৰ জুলিয়েট টেইলৰ । এই বঁটাসমূহৰ বাবে বিজয়ীসকলক চলচ্চিত্ৰ একাডেমীৰ গৱৰ্ণৰ ব’ৰ্ডে নিৰ্বাচন কৰে ।
লগতে পঢ়ক : সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ২০২৫ বৰ্ষৰ বিভিন্ন বঁটা ঘোষণা

