গোলাঘাট: গোলাঘাট জিলাৰ বেতিয়নী বাগান চাৰিআলিৰ ৰংঘৰ পুতলা থিয়েটাৰত পুতলাৰ অভিনয়ে মুহিছে দৰ্শকক ৷ ৰংঘৰ পুতলা থিয়েটাৰত পুতলাই কান্দিছে, হাঁহিছে লগতে আকৌ বিহুও নাচিছে ৷
তিনিদিনীয়া কাৰ্যসূচীৰে বেতিয়নীলৈ আমন্ত্ৰণ কৰি অনা পুতলা থিয়েটাৰে ঠাইডোখৰৰ পৰিৱেশেই বেলেগ কৰি তুলিছে ৷ সন্তানক পুতলা থিয়েটাৰ দৰ্শন কৰোৱাবলৈ অভিভাৱকসকলৰ পাৰ ভঙা উছাহ দেখিবলৈ পোৱা গৈছে ।
ৰংঘৰ পুতলা থিয়েটাৰৰ মঞ্চত পুতলাই হাঁহিছে, পুতলাই কান্দিছে, কোনো সময়ত আকৌ পুতলাৰ মাজতে হৈছে প্ৰেম । মুঠতে নিজ চকুৰে নেদেখিলে আপুনি কেতিয়াও বিশ্বাস কৰিব নোৱাৰে পুতলাৰ অভিনয় । অসমত পুতলা থিয়েটাৰৰ সংখ্যা প্ৰায় লুপ্ত যদিও প্ৰতি বছৰে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় প্ৰতিখন জিলাতে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৰংঘৰ পুতলা থিয়েটাৰে ।
অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ পুতলা নাচ। এই পুতলা নাচেই বৰ্তমান ভ্ৰাম্যমাণ ৰূপত পুতলা থিয়েটাৰ হিচাপে প্ৰদৰ্শন কৰা হৈছে । অসমত শংকৰী যুগৰ আগৰ পৰাই পুতলা নাচৰ প্ৰচলন হৈছিল বুলি অনুমান কৰা হয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লিখনিতো এই পুতলা নাচৰ বিষয়ে পঢ়িবলৈ পোৱা যায় ।
বৰ্তমান যান্ত্ৰিকতাৰ মাজত হেৰাই যাব খোজা এই পুতলা নাচক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ যি আপ্ৰাণ চেষ্টা কিছুসংখ্যক লোকে অব্যাহত ৰাখিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় । এই ঐতিহাসিক কলাসমূহ জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে । আপোনালোকেও আপোনালোকৰ অঞ্চললৈ নিমন্ত্ৰণ কৰিব পাৰে এই পুতলা থিয়েটাৰসমূহ।
ৰংঘৰ পুতলা থিয়েটাৰৰ প্ৰযোজক তথা অসমৰ আগশাৰীৰ নাট্যকাৰ ক্ষীতিশ বৰাই জানিবলৈ দিয়া মতে, আগন্তুক 25-26 নাট্যবৰ্ষত ব্যয়বহুলভাৱে বিভিন্ন কাৰিকৰী কৌশল প্ৰয়োগ কৰি তিনিখন ভিন্নধৰ্মী নাটক লৈ এই পুতলা থিয়েটাৰখন ৰাইজৰ মাজলৈ উলিয়াই আনিব । সেয়েহে অসমবাসী ৰাইজৰ লগতে সংবাদ মাধ্যমৰো আশীৰ্বাদ বিচাৰিছে প্ৰযোজকগৰাকীয়ে ।
এই পুতলা থিয়েটাৰৰ প্ৰযোজক ক্ষীতিশ বৰাই কয়, “এই বৰ্ষত শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় ৫০ খন ঠাইত পুতলা থিয়েটাৰ প্ৰদৰ্শন কৰা হ'ল ৷ এই বৰ্ষত তিনিখন নাটক ক্ৰমে মুখাগ্নি, কাৰ্গিল আৰু শকুন্তলা নাটক মঞ্চস্থ কৰা হ'ল । ইয়াৰ পাছত আৰু চাৰি ঠাইত প্ৰদৰ্শন কৰা হ'ব আৰু ১১ এপ্ৰিলত এই বছৰৰ নাট্যযাত্ৰাৰ সামৰণি পৰিব । চলিত বৰ্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজৰ যথেষ্ট সহাৰি লাভ কৰিছো । অসমৰ পৰা হেৰাই যাবলৈ ধৰা এই সংস্কৃতি সকলোৱে আদৰি লৈছে । ইয়াৰ উপৰিও আগন্তুক বৰ্ষৰ বাবে বৰ্তমান প্ৰস্তুতি চলাই আছো ৷ তিনিখন নাটক ক্ৰমে যোদ্ধা, জন্মাষ্টমী আৰু মুখাত নতুন কাৰিকৰী তথা চমকপ্ৰদ কৌশল সংযোজন কৰি অহা বৰ্ষৰ বাবে সাজু হ'ম । অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ ৰাইজৰ মাজত ওলাই যাম । বহু লোকে ইতিমধ্যে যোগাযোগ কৰিছে আৰু আমি নিশ্চিত অহা বৰ্ষত ইয়াতকৈ আৰু অধিক সুন্দৰকৈ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম ।”
লগতে পঢ়ক : প্ৰস্তুতি পৰাশৰৰ শিৰত জিলিকিল বীৰাঙ্গনা মূলাগাভৰু বঁটা