ETV Bharat / entertainment

এটা শিহৰণকাৰী হত্যাকাণ্ডৰ বাবে চৰ্চাত থকা শ্বিলং কিন্তু এজন অভিনেতাৰ বাবে ঘৰসদৃশ - BOLLYWOOD ACTORS LOVE SHILLONG

হনিমুনলৈ গৈ এগৰাকী পত্নীয়ে স্বামীক হত্যা কৰাৰ পাছতে বাতৰিৰ শিৰোনামত আছে শ্বিলং । পিছে বাৰে বাৰে তালৈ যাবলৈ বিচাৰে এজন অভিনেতাই ।

এটা শিহৰণকাৰী হত্যাকাণ্ডৰ বাবে চৰ্চাত থকা শ্বিলং কিন্তু এইজন অভিনেতাৰ বাবে ঘৰসদৃশ
কোন অভিনেতাৰ বাবে শ্বিলং নিজৰ ঘৰৰ দৰে (ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : June 9, 2025 at 8:04 PM IST

4 Min Read

হায়দৰাবাদ: মেঘালয়ৰ শ্বিলং বৰ্তমান বাতৰিৰ শিৰোনামত আছে ৷ কাৰণ ইন্দোৰৰ পৰা এটা দম্পতী হনিমুনৰ বাবে তালৈ গৈছিল, কিন্তু হনিমুন পৰিণত হ’ল এটা মাৰ্ডাৰ মিষ্ট্ৰীলৈ ৷ ভ্ৰমণৰ মাজত হঠাতে নিৰুদ্দেশ হৈ পৰে স্বামী ৷ স্বামীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত কেবাদিনো ধৰি সন্ধানহীন হৈ থাকে পত্নী ৷

সকলোৱে পত্নীৰ বাবে চিন্তাত থকা সময়তে পত্নী জীৱিত ৰূপত উদ্ধাৰ হয় উত্তৰপ্ৰদেশৰ গাজীপুৰত ৷ তাৰ পাছতে স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহে । এই হত্যাকাণ্ডই শ্বিলঙৰ পৰ্যটন ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল আৰু যেতিয়া পত্নীয়ে নিজেই স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল বুলি খবৰ ওলাল, তেতিয়া সকলো স্তম্ভিত হৈ পৰে ।

এই ঘটনাই সামাজিক মাধ্যমত যথেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে ৷ এনেধৰণৰ বহু ঘটনাই সমগ্ৰ উত্তৰ-পূবৰে পৰ্যটনত সময়ে সময়ে প্ৰভাৱ পেলাই আহিছে ৷ কিন্তু তাৰ মাজতো আছে এনে তাৰকা, যিয়ে উত্তৰ-পূবৰ প্ৰতিও কেতিয়াও ঘৃণাৰ ভাৱ মনলৈ অনা নাই ৷ ভাল-বেয়া সকলোতে আছে, একো একোটা ঘটনাৰ বাবে যিকোনো ধৰণৰ ৰায় কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ প্ৰায়ে শ্বিলঙলৈ যাব খোজা এজন বলীউডৰ অভিনেতাৰ কাহিনী শুনো আহক-

ৰাজকুমাৰ ৰাও শ্বিলঙৰ জোঁৱাই

বলীউডৰ অন্যতম বিখ্যাত অভিনেতা, ৰাজকুমাৰ ৰাও বাৰে বাৰে শ্বিলঙলৈ যাবলৈ বিচাৰে । কিয় জানেনে ? কাৰণ তেওঁক ‘মেঘালয়ৰ জোঁৱাই’ বুলি কোৱা হয় । পিছে কেৱল ৰাজকুমাৰৰেই নহয়, শ্বিলং বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীৰ পছন্দৰ ঠাই ৷

আমোদজনক কথাটো হ’ল ৰাজকুমাৰ ৰাওৰ পত্নী পত্ৰলেখা শ্বিলঙৰ আৰু দুয়োৰে বিয়াৰ পাছতে ৰাজকুমাৰক শ্বিলঙৰ জোঁৱাইৰ টেগ দিয়া হয় । ২০১৪ চনত দুয়োৱে একেলগে কাম কৰিছিল ‘চিটী লাইট’ ছবিত ।

শ্বিলঙলৈ যাব বিচাৰে ৰাজকুমাৰ

এটা সাক্ষাৎকাৰত ৰাজকুমাৰ ৰাওৱে কৈছিল যে তেওঁ শ্বিলং বৰ ভাল পায় । তেওঁ কৈছিল যে বলীউডৰ ছবিৰ শ্বুটিঙৰ বাবে শ্বিলং সৰ্বোত্তম স্থান । ৰাজকুমাৰে শ্বিলঙক নিজৰ গৃহচহৰ বুলি গণ্য কৰে । তেওঁ কয় যে শ্বিলঙত বহু ছবিৰ শ্বুটিং হৈছে । নিজৰো এখন ছবিৰ শ্বুটিং শ্বিলঙত কৰিবলৈ মন বুলিও তেওঁ কৈছিল ৷ উল্লেখ্য যে, পত্ৰলেখাৰ ভাতৃ অগ্নিশ পালৰ শ্বিলঙত কেফে আছে । সেই কেফে উদ্বোধনী অনুষ্ঠানত পত্ৰলেখাৰ সৈতে ৰাজকুমাৰ উপস্থিত আছিল আৰু তেওঁ এই চহৰলৈ বাৰে বাৰে আহিব বিচাৰিম বুলি কৈছিল ।

আয়ুষ্মানেও ভাল পাই শ্বিলং

কেৱল ৰাজকুমাৰেই নহয়, বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানায়ো শ্বিলং বহুত ভাল পায় । আয়ুষ্মানৰ ছবি ‘আনেক’ৰ দৃশ্যগ্ৰহণ হৈছিল মেঘালয়ৰ শ্বিলঙত । অসমৰ কাজিৰঙা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য স্থানতো ছবিখনত দৃশ্যগ্ৰহণ হৈছে । আয়ুষ্মান খুৰানাই নিজেই কয় যে এই ছবিখনে তেওঁক ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰাৰ সুযোগ দিছিল আৰু তেওঁ শ্বিলঙৰ সৌন্দৰ্যত অতিশয় আপ্লুত হৈছিল ।

শ্বিলঙত দৃশ্যগ্ৰহণ কৰা আন ছবি

শুজাত সৌদাগৰৰ পৰিচালনাত নিৰ্মিত ‘ৰক অন ২’ ছবিখনৰ দৃশ্যগ্ৰহণ হৈছিল মেঘালয়ৰ শ্বিলঙৰ কেইবাটাও স্থানত । ২০০৮ চনৰ ৰক অন ছবিখনৰ ছিকুৱেল ‘ৰক অন ২’ । ফাৰহান আখটাৰেও এই ছবিখনত কাম কৰিছে । ছবিখনৰ শ্বুটিঙৰ সময়ত গোটেই দলটো আছিল শ্বিলঙৰ পৰা অলপ দূৰৈত থকা ৰি কিঞ্জাইত । এটা সাক্ষাৎকাৰত পূৰব কোহলীয়ে কয় যে প্ৰতিদিনে পুৱা সাৰ পাই খিৰিকীৰে বাহিৰৰ সুন্দৰ দৃশ্য দেখি তেওঁলোক আচৰিত হৈছিল । শ্বিলঙত তেওঁ বৰ ভাল সময় পাৰ কৰিলে বুলিও উল্লেখ কৰিছে ।

ইয়াৰ উপৰিও ১৯৯১ চনত শ্বিলঙত ছলমান খান-আয়েশা ঝুলকা অভিনীত ছবি ‘কুৰ্বান’ৰ কিছু অংশৰ শ্বুটিং কৰা হৈছিল । প্ৰীতি জিণ্টা, ছাইনি আহুজা, ইশা কোপিকাৰ, ধৰ্মেন্দ্ৰ অভিনীত ছবি ‘হৰ পল’ৰো কিছু অংশৰ শ্বুটিং শ্বিলঙত কৰা হৈছিল ।

লগতে পঢ়ক : অভিষেক বচ্চনৰ পৰা আৰম্ভ কৰি নিক জোনাছলৈকে এই তাৰকাসকল পত্নীতকৈ সৰু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.