শোক সাগৰত ৰাজ্যবাসী: গীতে-মাতে প্ৰিয় শিল্পীক স্মৰণ, সাজু কৰা হৈছে পুষ্পসজ্জিত বাহন
হাঁহি হাঁহি ঘৰখনৰ পৰা ওলাই যোৱা ল'ৰাটো ঘূৰি আহিব এটা বাকচত । শেষ যাত্ৰাৰ বাবে সাজু হৈছে পুষ্পসজ্জিত বাহন ।

Published : September 20, 2025 at 8:22 PM IST
গুৱাহাটী: ৰাজ্যৰ আকাশে-বতাহে কেৱল জুবিন গাৰ্গৰ জয়গান । সৰ্বত্রে শিল্পীগৰাকীৰ অমৰ সৃষ্টি বাজি উঠিছে । ঠায়ে ঠায়ে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ ওলাই আহিছে জনতা । সৃষ্টিৰ বিশালতাৰে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বিশেষ স্থান লাভ কৰা অসমবাসীৰ অতি হেঁপাহৰ আৰু আপোনৰো আপোন শিল্পীগৰাকীৰ মৃত্যুৱে জোকাৰি গৈছে ৰাজ্য । অসমবাসী আজি শোকস্তব্ধ ।
সকলোতে বাজি উঠিছে কেৱল শিল্পীগৰাকীৰ গীত । চকুলোৰে সকলোৱে যাচিছে শ্ৰদ্ধা । শুকুৰবাৰে বিয়লি হঠাৎ আহিছিল অসমবাসীয়ে কেতিয়াও কল্পনা নকৰা খবৰটো । জুবিন গাৰ্গ আৰু নাই । এই অপ্রত্যাশিত খবৰ কোনেও বিশ্বাসেই কৰিব পৰা নাছিল । কল্পনা কৰিব পৰা নাছিল যে সোণেৰে সজোৱা পঁজা খহাই দুনাই সাজিব নোৱৰাকৈ অসমবাসীৰ হিয়াৰ আমঠু জুবিন অনন্ত ধামলৈ গতি কৰিব ।

খবৰটো নিমিষতে বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্য শোক সাগৰত ডুব যায় । চৌদিশে কেৱল দুচকুত চুকুলো আৰু মৌনতাৰ কোলাহল । জুবিন গাৰ্গ নাই সেই কথা কোনো কাৰণতে বিশ্বাসতে ল'ব পৰা নাই তেওঁৰ অগণন অনুৰাগীয়ে । সকলোৱে ঢাপলি মেলিছিল কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ ফ্লেটলৈ, জোনালীৰ ষ্টুডিঅ'লৈ নাইবা খাৰঘুলিত নির্মীয়মাণ অৱস্থাত থকা জুবিনৰ সপোনৰ ঘৰখনলৈ । বিগত কেইবাবছৰ ধৰি জুবিনে পত্নী গৰিমা গাৰ্গৰ সৈতে কাহিলীপাৰাৰ ভগদত্তপুৰত থকা 'ছিনাৰ্জী ইম্পেৰিয়ল' নামৰ আৱাসিক এপার্টমেণ্টটোৰ চতুৰ্থ মহলাৰ ফেল্টত বাস কৰি আহিছে ।

খাৰঘুলিত নির্মীয়মাণ অৱস্থাত আছে জুবিন গাৰ্গৰ সপোনৰ ঘৰখন । কিন্তু জুবিন গাৰ্গৰ খাৰঘুলিৰ সপোনৰ ঘৰখনত থকাটো চিৰদিনৰ বাবে সপোন হৈয়ে ৰ'ল । উল্লেখ্য যে ছিংগাপুৰ অভিমুখে বুধবাৰে কাহিলীপুৱাতে কাহিলিপাৰাৰ ফেল্টৰ পৰা ওলাই গৈছিল জুবিন গাৰ্গ । কিন্তু শুকুৰবাৰে আহিল অনাকাংক্ষিত খবৰটো । সাগৰত সাতুৰিবলৈ গৈ অসুস্থ হৈ পৰা জুবিন গাৰ্গ আৰু ঘূৰি নাহিল । সকলোকে কন্দুৱাই গুচি গ'ল ঘূৰি নহা বাটেৰে ।

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটোক সহজভাৱে ল'ব পৰা নাই তেওঁৰ অগণন অনুৰাগীয়ে । প্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ বাবে কাহিলীপাৰাত সমবেত হৈছে হাজাৰ হাজাৰ লোক । অপোনৰো আপোনজনক হেৰুওৱাৰ বেদনাত আজি কাতৰ প্ৰতিগৰাকী অসমীয়া । ইফালে জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম সাজু কৰি তোলা হৈছে ।

অসমৰ ৰাইজে যাতে শৃংখলাবদ্ধভাৱে আদৰৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰে তাৰ বাবে অসম চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা কৰিছে । ইতিমধ্যে দিল্লী অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা । ছিংগাপুৰৰ পৰা দিল্লীলৈ অনাৰ পাছতে বিশেষ বিমান যোগে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীৰ পৰা গুৱাহাটীলৈ অনা হ'ব । গুৱাহাটীত অনাৰ পাছত পাৰ্থিৱ শৰীৰ কাহিলিপাৰাৰ ঘৰখনলৈ নিয়া হ'ব ।

য'ত পৰিয়ালৰ লোকে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নিবিড়ভাৱে কিছু সময় কটাব । তাৰ পাছত গুৱাহাটীৰ সৰুসজাইলৈ নিয়া হ'ব আৰু তাত সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব পাৰিব ।

সংবাদ মাধ্যমৰ আগত মন্ত্রী বিমল বড়াই কয়,"পৰিয়ালবৰ্গই নিৰিবিলিভাৱে অকণমান নিবিড়ভাৱে জুবিন গাৰ্গক শেষ দৰ্শনৰ বাবে কিছুসময় তেখেতসকলক দৰকাৰ হোৱাৰ মনোভাৱ প্ৰকট কৰিছে । এইকাৰণে আমি ভাবো জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ পৰিয়ালৰ লগত অন্তত তেওঁলোকে যিমান সময় বিচাৰে এঘন্টা, ডেৰঘন্টা যি বিচাৰে সেই সময়খিনি আমি তেওঁলোকক এৰি দিম । সেইকাৰণে আৰক্ষী বিষয়াক এই বিষয়ে অৱগত কৰা হৈছে । যাতে গুণমুগ্ধ ৰাইজক এই বিষয়ে সংকেত দিব পাৰে ।"

উল্লেখ্য যে কাহিলিপাৰাৰ ঘৰখনত শুকুৰবাৰে সন্ধিয়াৰে পৰা লোকাৰণ্য হৈ আছে । সকলোৱে গীতে-মাতে মৰমৰ শিল্পীগৰাকীক স্মৰণ কৰিছে । ইফালে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ কঢ়িয়াই অনাৰ বাবে শুক্ৰেশ্বৰ ঘাটত সাজু কৰি তোলা হৈছে পুষ্পসজ্জিত বাহন । যিখন বাহনত শেষ যাত্রা কৰিব অসমবাসীৰ প্ৰিয় শিল্পীগৰাকীয়ে । প্ৰিয় শিল্পীগৰাকীক শেষবাৰৰ বাবে চাবলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে ৰাজ্যবাসী ।

