গুৱাহাটী : অন্ত পৰিল লতাশিল খেল পথাৰত অনুষ্ঠিত হোৱা ৭৪ সংখ্যক ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনীৰ । সমান্তৰালকৈ ঘোষণা হ'ল ৭৪ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ ৰ নাম ৷ কেইবাগৰাকীও প্ৰতিদ্বন্দ্বীৰ মাজৰ পৰা এই বৰ্ষৰ লতাশিলৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞীৰ খিতাপ আজুৰি আনিলে মৰাণৰ লিজামণি শেনচোৱাই ।
বছৰজোৰা সাধনাৰ পাছত ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অর্জনৰ সপোন লৈ মুঠ ৯গৰাকী বিহুৱতীয়ে অংশ লৈছিল এই কঠোৰ প্ৰতিদ্বন্দ্বিতাত । ৭৩ সংখ্যক লতাশিল বিহুৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী শিৰুশ্ৰী শইকীয়াই মৰাণৰ লিজামণি শেনচোৱাৰ শিৰত পিন্ধালে চলন্ত মুকুট ৷ লগতে লিজামণিক প্ৰদান কৰা হয় এটি স্থায়ী মুকুট ।
ইয়াৰোপৰি বিহু সম্ৰাজ্ঞীৰ বেণ্ড, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ ১ লাখ ১১ হাজাৰ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, অন্য ৩০ হাজাৰ টকা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিনৰ লগতে অন্যান্য বহু উপহাৰৰে উপচাই পেলোৱা হয় বিহু সম্ৰাজ্ঞীগৰাকীক ।
ইফালে এইবাৰৰ বিহুৰাণী খিতাপ অৰ্জন কৰিছে ধেমাজিৰ প্ৰীতিৰাণী বৰগোহাঁয়ে । প্ৰীতিৰাণী বৰগোহাঁই হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী । ইয়াৰ লগতে ‘‘বিহু কুঁৱৰী’’ খিতাপ অৰ্জন কৰে দুলীয়াজানৰ দীক্ষা গগৈয়ে ।
১৮ গৰাকী নাচনীয়ে অংশগ্ৰহণ কৰিছিল এই ৭৪ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ৰ প্ৰতিযোগিতাত । ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ দখল কৰে বিচিত্ৰ বৰপাত্ৰই আৰু ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ পেঁপুৱাৰ খিতাপ দখল কৰে কুল শইকীয়াই ।
উল্লেখ্য যে, ১৯৫২ চনত কেইগৰাকীমান পুৰুধা ব্যক্তিৰ নেতৃত্বত ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হৈছিল মঞ্চবিহু । প্ৰথমখন মঞ্চ বিহু বুলিলেই সকলোৰে মনলৈ আহে লতাশিলত অনুষ্ঠিত হোৱা এই বিহুখনৰ কথা ৷ ৰাজ্যৰ প্ৰতিগৰাকী বিহু নাচনীৰ বাবে এখন সপোনৰ মঞ্চ হৈছে গুৱাহাটী বিহু সন্মিলনী । এই খিতাপ অর্জনৰ বাবে বছৰজোৰা সাধনা কৰে বিহুৱতীসকলে ।
খিতাপ অর্জন কৰিব নোৱাৰিলেও ঐতিহাসিক লতাশিল খেলপথাৰত অনুষ্ঠিত হোৱা এই বিহু সন্মিলনীত প্ৰতিযোগী হিচাপে অংশ ল'বলৈ পালেই গৌৰৱবোধ কৰে প্ৰতিগৰাকী নাচনীয়ে ।
লগতে পঢ়ক : পহিলা ব'হাগৰ দিনটোতে থেছপিয়ান গোষ্ঠীৰ অনুষ্ঠানে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে ৰাইজক