ETV Bharat / entertainment

'বাহুবলী'ৰ প্ৰভাস এতিয়া ‘‘ৰাজা চাব’’, হৰৰ-কমেডীত ৰোমাণ্টিক মুডত অভিনেতা - THE RAJA SAAB TEASER

হৰৰ-কমেডী ধাৰাত প্ৰভাসৰ নতুন চমক ।

The Raja Saab Teaser
প্ৰভাসৰ নতুন চিনেমা (Photo: Film poster)
author img

By ETV Bharat Entertainment Team

Published : June 16, 2025 at 12:34 PM IST

2 Min Read

হায়দৰাবাদ : একশ্যন হিৰ’ৰ পৰা ৰোমাণ্টিক হিৰ’লৈকে দক্ষিণৰ ছবিজগতৰ ছুপাৰষ্টাৰ ষ্টাৰ প্ৰভাসে সকলো ৰূপতে মোহিছে দৰ্শকক ৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ লোকেই তেওঁৰ অনুৰাগী ৷ এতিয়া তেওঁক এখন হৰৰ-কমেডী চিনেমাত দেখিবলৈ পোৱা যাব ।

মুক্তি পালে ৰাজা চাবৰ টিজাৰ । সোমবাৰে মুকলি কৰা হয় অফিচিয়েল টিজাৰ । ২০২৫ চনৰ ৫ ডিচেম্বৰত মুক্তি পাব মাৰুতি দাসৰীৰ পৰিচালনাত ‘ৰাজা চাব’ । খ্ৰীষ্টমাছৰ সময়ত প্ৰভাসৰ ছবিখনে বক্স অফিচত ধুমুহা আনিব পাৰে বুলি অনুৰাগীয়ে অনুমান কৰিছে ।

পোংগল আৰু সংক্ৰান্তিৰ সময়ত ‘বাহুবলী’ প্ৰভাসে তেওঁৰ নতুন ছবি ‘‘দ্য ৰাজা চাব’’ৰ কথা ঘোষণা কৰিছিল । নিৰ্মাতাসকলে কয় যে এই ছবিখন ৰোমাণ্টিক-হৰৰ মনোৰঞ্জনকাৰী হ’ব, যাৰ পৰিচালনা কৰিছে মাৰুতিয়ে । ইয়াৰ প্ৰযোজনা কৰিছে পান ইণ্ডিয়া প্ৰডাকশ্যন পিপল মিডিয়া ফেক্টৰী আমব্ৰেলাই । এই কোম্পানীটোৰ মুৰব্বী হৈছে টি জি বিশ্বপ্ৰসাদ । এটা লাইভ ইভেণ্টৰ জৰিয়তে আগবঢ়াই অনা হৈছিল টিজাৰটো ।

পৰিচালকে কয় যে ‘‘দ্য ৰাজা চাব’’ তেওঁৰ অন্যতম প্ৰত্যাশিত ছবি । তেওঁ কয়, "প্ৰভাস আৰু পিপল মিডিয়া ফেক্টৰীৰ সৈতে কাম কৰি মই গৌৰৱ অনুভৱ কৰিছো । এজন পৰিচালক হিচাপে এই সুযোগ পোৱাটো এটা ডাঙৰ কথা । আমি এই ছবিখনেৰে দৰ্শকক আচৰিত কৰিবলৈ ওলাইছো । কেৱল সেয়াই নহয়, এই ছবিখনত প্ৰভাস থকাটো আমাৰ বাবে ভাল কথা । ৰোমাঞ্চৰ লগতে এটা ভয়ানক উপাদান আছে, যিয়ে দৰ্শকক অপৰিসীম আনন্দ দিব ।"

তেলুগু, তামিল, কানাড়া, মালয়ালম আৰু হিন্দী ভাষাত মুক্তি পাব ছবিখন । সংগীতৰ দায়িত্বত আছে থামান এছ ।

লগতে পঢ়ক : এটি দেশপ্ৰেমমূলক দৃশ্যৰ বাবেই পাকিস্তানত মুক্তি পোৱা নাছিল ‘দংগল’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.