ETV Bharat / entertainment

দ্য নিউয়ৰ্ক টাইমছেও বিশ্বক জনালে- জুবিন গাৰ্গ গ'লগৈ...

বিশ্বৰ অন্যতম আগশাৰীৰ সংবাদগোষ্ঠী দ্য নিউয়ৰ্ক টাইমছে সবিস্তাৰে প্ৰকাশ কৰিলে জুবিন গাৰ্গৰ বিয়োগৰ সংবাদ ।

The New York Times reported the death of Zubeen Garg
দ্য নিউয়ৰ্ক টাইমছেও দিলে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 1:48 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: পঞ্চভূতত বিলীন অসমীয়াৰ হিয়াৰ আমঠু, কলিজাৰ এফাল জুবিন গাৰ্গ । প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ পিছতেই হাহাকাৰ লাগিছিল চৌদিশে । তেওঁৰ বিশালতা, তেওঁৰ গভীৰতা কিমান সেয়া যেন প্ৰমাণিত হৈছিল পলকতে । কেৱল অসমৰেই নহয়, বলীউডৰ দিগ্গজ তাৰকা, চুবুৰীয়া দেশৰ প্ৰতিনিধি দলেও তেওঁক জনালে অন্তিম শ্ৰদ্ধাঞ্জলি ।

দেশে-বিদেশে চলিছে যেন তেওঁৰেই গুণগান । এইবাৰ বিশ্বৰ অন্যতম আগশাৰীৰ সংবাদগোষ্ঠী দ্য নিউয়ৰ্ক টাইমছেও সবিস্তাৰে প্ৰকাশ কৰিলে জুবিন গাৰ্গৰ বিয়োগৰ সংবাদ । দ্য নিউয়ৰ্ক টাইমছে তেওঁৰ বিয়োগৰ বাতৰি সম্প্ৰচাৰ কৰাৰ লগতে লিখিলে তেওঁৰ সোণসেৰীয়া কৰ্মৰাজিৰ বিষয়েও ।

The New York Times reported the death of Zubeen Garg
দ্য নিউয়ৰ্ক টাইমছত ওলাল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ দেহাৱসানৰ বাতৰি (Internet)

দ্য নিউয়ৰ্ক টাইমছে জুবিন গাৰ্গৰ বিয়োগৰ বাতৰিটোত উল্লেখ কৰে,"জুবিন গাৰ্গ, একাধাৰে গায়ক, বহু বাদ্যযন্ত্ৰৰ পৰিৱেশনত পাৰ্গত শিল্পী, বলীউডৰ হিট গান 'য়া আলী'ৰ জৰিয়তে সমগ্ৰ ভাৰততে এক ঘৰুৱা নাম হৈ পৰিবলৈ সক্ষম হোৱা শিল্পীগৰাকীয়ে শুকুৰবাৰে ছিংগাপুৰত প্ৰাণ হেৰুৱায় । তেওঁ ৫২ বছৰীয়া আছিল ।"

দ্য নিউয়ৰ্ক টাইমছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা নিশ্চিত কৰাৰ কথা উল্লেখ কৰি পানীত ডুবাৰ ফলতে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে । ইফালে তেওঁ যে অসম তথা উত্তৰ-পূবৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱাৰ বাবেই মুম্বাই এৰি অসমতে থিতাপি লৈছিল সেই কথাও সবিস্তাৰে উল্লেখ কৰা হয় দ্য নিউয়ৰ্ক টাইমছৰ বাতৰিটোত ।

ইফালে আন আন গায়কক একত্ৰিত কৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শক্তিশালী আন্দোলন গঢ়াৰ কথাও বাতৰিটোত উল্লেখ কৰা হৈছে । আনহাতে তেওঁৰ যি কণ্ঠ সেই কণ্ঠই সকলোকে মোহাচ্ছন্ন কৰি ৰখাৰ কথা উল্লেখ কৰি বাতৰিটোত লিখা হৈছে যে জুবিন গাৰ্গৰ গীতে ভাৰতৰ এনে এক অংশ দেখুৱাইছিল, যি জাতীয় চেতনাৰে পৰিপূৰ্ণ আছিল । তেওঁ যদিও এগৰাকী মহীৰূহ আছিল, কিন্তু তেওঁক সদায় সাধাৰণ জনতাৰ দৰেই দেখা গৈছিল বুলি অতি আন্তৰিকতাৰে মৰমৰ শিল্পী, হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ কথা উল্লেখ কৰে দ্য নিউয়ৰ্ক টাইমছে ।

লগতে পঢ়ক: সপোনতো কেতিয়াও কাৰোৰে কাম্য নোহোৱা জুবিনৰ মৃত্যু, চেলেব্ৰিটীৰ প্ৰতিক্ৰিয়া

মই জুবিন গাৰ্গ হ'ব নোৱাৰিম: জুবিনলৈ শ্ৰদ্ধাঞ্জলি পাপনৰ