ETV Bharat / entertainment

মুক্তি পালে কেচটো নগেনৰ গীত ‘দ্য নগেন ছং’

৯ মে’ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি কেচটো নগেন । শেহতীয়াকৈ সামাজিক মাধ্যমযোগে মুক্তি দিয়া হৈছে ছবিখনৰ দ্বিতীয়টো গীত ‘The Nagen Song’ ৷

Case to Nagen
৯ মে’ত ছবিগৃহলৈ (photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 28, 2025 at 10:49 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : অপেক্ষাৰ অন্ত পেলাই আগন্তুক ৯ মে’ ত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘কেচটো নগেন’ । ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পূৰ্ণগতিত চলি আছে ছবিখনৰ প্ৰচাৰ ৷ শেহতীয়াকৈ ছবিখনৰ দ্বিতীয়টো গীত ‘The Nagen Song’ মুক্তি দিয়া হয় ৷

‘দ্য নগেন ছং’ গীতটিত কণ্ঠদান কৰিছে কুমাৰ ভৱেশে । গীতটোৰ কথা পুনম নাথৰ । সংগীত পল্লৱ তালুকদাৰৰ । সামাজিক মাধ্যমযোগে মুক্তি দিয়া হয় গীতটি । গীতটি মুক্তিৰ পাছতে সামাজিক মাধ্যমত যথেষ্ট সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ।

RKZ films ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনত কাহিনী বাস্তৱধর্মী । বৰ্তমান সময়ত ট্ৰেডিঙৰ জৰিয়তে বিভিন্ন বিত্তীয় কেলেংকাৰীৰ কথা নিতৌ শুনিবলৈ পোৱা যায় । এনে এক বিত্তীয় কেলেংকাৰীৰ কাহিনীকে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন ।

কেচটো নগেন’ ছবিখন চলিত ২০২৫ বৰ্ষৰ এখন প্ৰত্যাশিত ছবি ৷ দৰ্শক তথা নিৰ্মাতাই এই ছবিখনক লৈ যথেষ্ট আশা কৰিছে ৷ কেচটো নগেন এই শব্দ দুটা প্ৰায় প্ৰতিগৰাকী অসমীয়াৰে চিনাকি ৷ কিবা এটা ঘটিলেই বা নতুন কিবা খবৰ শুনিবলৈ পালেই মুখৰ পৰা ওলাই আহে কেচটো নগেন বুলি ৷ সেই শব্দই এতিয়া পালে চিনেমাৰ শিৰোনাম ৷

উল্লেখ্য যে, এই ছবিখনৰ কাহিনীভাগ বাস্তৱমুখী । জনসাধাৰণক প্ৰতাৰণা কৰি হাঁহিমুখে লুণ্ঠনৰাজ চলোৱা একাংশৰ কাহিনীৰে নিৰ্মিত ছবিখনৰ পৰিচালনা ধনজিৎ দাসৰ । বৰ্তমান সময়ত ট্ৰেডিঙৰ জৰিয়তে যিদৰে বিত্তীয় কেলেংকাৰী হৈ আছে তেনেকুৱা এটা বিত্তীয় কেলেংকাৰীৰ ওপৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।

ছবিখনৰ পৰিচালকগৰাকীয়ে জনোৱা অনুসৰি ৰাজ্যত ট্ৰেডিঙকলৈ বিত্তীয় কেলেংকাৰী আৰম্ভ হোৱাৰ পূৰ্বেই এই ছবিখনৰ শ্বুটিং কৰা হৈছিল । ২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী, মার্চ মাহতে কৰা হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণ ।

ইফালে ছবিখনৰ এই 'নগেন' নামটোৱেও আকৰ্ষণ বৃদ্ধি কৰিছে ৰাইজৰ মাজত । চানডুবিৰ জৰাংখুৰিয়া গাঁওত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, প্ৰণামী ভাৰতী, সিদ্ধাৰ্থ মুখাৰ্জী, তপন দাস, অতনু মহন্ত, সংকল্পজিৎ হাজৰিকা, জয়ন্ত নাৰ্জাৰী, নিতুম বৰ্মন, অমৃতা গগৈ, পূৰ্ণদা হাজৰিকা আৰু অনামিকা শৰণীয়া আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

ছবিখনৰ সংগীত কৰিছে পল্লৱ তালুকদাৰে, শব্দ সংমিশ্ৰণ দেৱব্ৰত চলিহাৰ । আহিবলগীয়া এই নতুন অসমীয়া ছবিখনকলৈ এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা নিৰ্মাতা ।

লগতে পঢ়ক : আচল নগেনক বিচাৰি এখন গাঁৱত লাগিছে হাহাকাৰ !