ETV Bharat / entertainment

ব্ৰেকআপৰ উৰাবাতৰিৰ মাজত মালাইকা অৰোৰাৰ ৰহস্যময় পোষ্ট - Malaika Arora Instagram story

Malaika Arora Instagram: স্পেইনৰ মাৰ্বেলাত সময় উপভোগ কৰি থকা মালাইকা অৰোৰাই এক ৰহস্যময় ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে তেওঁৰ সম্পৰ্কৰ স্থিতি সম্পৰ্কে কৌতূহলৰ সৃষ্টি কৰিছে । পোষ্টটোৰ পিচত অভিনেতা অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্ক সন্দৰ্ভত নেটিজেনৰ মাজত নানা চৰ্চা আৰম্ভ হৈছে ।

'The Longest Relationship You'll Ever Have...': Malaika Arora Drops Cryptic Post Amid Breakup Rumours With Arjun Kapoor
মালাইকা অৰোৰা (ANI photo)
author img

By ETV Bharat Assamese Team

Published : July 16, 2024 at 7:08 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 16 জুলাই : বলীউডৰ ডান্সিং ডিভা মালাইকা আৰোৰাই বৰ্তমান স্পেইনৰ মাৰ্বেলাৰ দৃষ্টিনন্দন স্থানত পৰিৱেশ উপভোগ কৰি আছে । বিগত কিছু সময় ধৰি মালাইকা অৰোৰাৰ ব্যক্তিগত জীৱনটো আলোচনাৰ এক উত্তপ্ত বিষয় হৈ আছে ৷ শেহতীয়াকৈ তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টে অনুৰাগীসকলৰ মাজত পুনৰ কৌতূহলৰ সৃষ্টি কৰিছে । মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ‘সম্পৰ্ক’ ৰ বিষয়ে পুনৰ এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰে ।

'The Longest Relationship You'll Ever Have...': Malaika Arora Drops Cryptic Post Amid Breakup Rumours With Arjun Kapoor
মালাইকা অৰোৰাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Malaika Arora Instagram story)

ইনষ্টাগ্ৰাম ষ্ট'ৰীত মালাইকাই এটা পোষ্ট শ্বেয়াৰ কৰে য'ত লিখা আছে, "আপুনি থাকিবলগীয়া আটাইতকৈ দীঘলীয়া সম্পৰ্কটো হৈছে আপোনাৰ হৃদয়, মন আৰু শৰীৰৰ সৈতে । এইবোৰৰ সৈতে দয়ালু হৈ থাকক ।" এই ৰহস্যময় পোষ্টে অৰ্জুনৰ সৈতে তেওঁৰ বিচ্ছেদ হোৱাৰ বাতৰিত ইন্ধন যোগ কৰিছে ৷ অনুৰাগীসকল অভিনেতা অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্কৰ স্থিতিক লৈ চিন্তাত পৰিছে ।

কিছুসময় ধৰি অৰ্জুন-মালাইকাৰ সম্পৰ্ক বিচ্ছেদ হোৱাৰ বাতৰি প্ৰচাৰ হৈ আছে ৷ যোৱা মাহত অৰ্জুনৰ জন্মদিন উদযাপনৰ সময়ত মালাইকাৰ অনুপস্থিতিয়ে নেটিজেনৰ এই সন্দেহ অধিক তীব্ৰতৰ কৰি তোলে । ইমান চৰ্চাৰ মাজতো মালাইকা বা অৰ্জুন, কোনো এজনেও কিন্তু এতিয়ালৈকে আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি একো স্পষ্ট কৰা নাই । দৰাচলতে মালাইকাৰ মেনেজাৰে ব্ৰেকআপৰ বাতৰিক কেৱল অনুমান বুলি অভিহিত কৰি এই কথা অস্বীকাৰ কৰা বুলি জানিব পৰা গৈছে । যাৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ স্থিতি অস্পষ্ট হৈয়েই আছে ।

2019 চনত ডেট কৰিবলৈ আৰম্ভ কৰিছিল মালাইকা আৰু অৰ্জুনে ৷ কেইবা বছৰ ধৰি তেওঁলোক একেলগে আছে । ইয়াৰ আগতে মালাইকাই প্ৰায় দুটা দশক ধৰি আৰবাজ খানৰ সৈতে বৈবাহিক জীৱন যাপন কৰিছিল ৷ তেওঁলোকৰ আৰহান খান নামেৰে এটি পুত্ৰ সন্তান আছে ৷ আৰহানৰ জন্ম হৈছিল 2002 চনত ।

লগতে পঢ়ক : অৰ্জুনৰ জন্মদিনৰ পাৰ্টীলৈ নগ’ল মালাইকা ! - malaika arjun breakup