'ৰুদ্ৰ'ই বৰ ধুনীয়া কাম কৰিলে: ছবি উপভোগ কৰি আনন্দিত ককা-আইতা
'ৰুদ্ৰ'ই খলকনি তুলিছে সৰ্বত্ৰে । বহুল চৰ্চিত অসমীয়া ছবি 'ৰুদ্ৰ' উপভোগ কৰিলে বৃদ্ধাশ্ৰমৰ ককা-আইতায়ো । দিলে আশীৰ্বাদ ।


Published : July 24, 2025 at 2:22 PM IST
গুৱাহাটী: ৰাজ্যত এতিয়াও সগৌৰৱে চলি আছে অসমীয়া ছবি 'ৰুদ্ৰ' । মুক্তিৰ প্ৰথম সপ্তাহৰ পৰা দৰ্শকৰ পৰা লাভ কৰা অভূতপূৰ্ব সঁহাৰিৰে 'ৰুদ্ৰ'ই ভৰি দিলে পঞ্চম সপ্তাহত । ইয়াৰ মাজতে বুধবাৰে মহানগৰীৰ বেলতলাস্থিত মেট্ৰিক্স চিনেমা হলত বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ বাবে 'ৰুদ্ৰ'ৰ এটি বিশেষ দৰ্শনীৰ আয়োজন কৰে ।
এই বিশেষ দৰ্শনীত ৰবি শৰ্মাৰ সৈতে টীম 'ৰুদ্ৰ' উপস্থিত থাকি বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ লগত মত বিনিময় কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে । বৃদ্ধাশ্ৰমৰ ককা-আইতা সকলে ছবিখন উপভোগ কৰি আনন্দিত হোৱাৰ লগতে ৰবি শৰ্মাক কাষতে পাই আশীৰ্বাদ প্ৰদান কৰে ।
ছবিখন উপভোগ কৰি আনন্দিত হৈ বৃদ্ধাশ্ৰমখনৰ এগৰাকী ককাই কয়,"ছবিখন খুব ভাল হৈছে, বৰ্তমান যি চলি আছে সেইখিনি ৰজিতা খুৱাই তেওঁ সেইখিনি কৰিলে । সেইকাৰণে খুব ভাল লাগিছে । ইয়াতকৈয়ো যাতে ভাল ভাল চিনেমা আহে তাৰ বাবে তেখেতক আশীৰ্বাদ কৰিছোঁ । ব্ৰহ্মাই স্ৰজন কৰে, বিষ্ণুৱে পালন, ৰুদ্ৰৰূপ ধৰি সংহাৰ কৰে । ৰুদ্ৰই সঁচাকৈ সংহাৰ কৰিলে । ৰুদ্ৰই বৰ ধুনীয়া কাম কৰিলে ।"
ইফালে ছবিখনৰ মূল নায়কৰ চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মাই জনোৱা অনুসৰি মুক্তিৰ পৰা বৰ্তমানলৈ ৰুদ্ৰই অতিক্ৰম কৰিছে ৯ কোটিৰ ঘৰ । ককা-আইতাসকলৰ লগত ছবিখন উপভোগ কৰি বিশিষ্ট অভিনেতাগৰাকীয়ে কয়,"অসমীয়া ছবি জগতৰ বাবে ভাল দিন উভতি আহিছে । কিয়নো ইয়াৰ আগটো এখন ভাল চিনেমা ৰাইজে আদৰি লৈছিল । তাৰ পিছতো আমাৰ চিনেমাখন চলিছে । ইয়াৰ পিছতো এতিয়া এখন চিনেমা চলি আছে ।"
ৰবি শৰ্মাই লগতে কয়,"এইটো এনেকৈ থাকিলে মোৰ বিশ্বাস অসমীয়া চিনেমাই এটা দশকৰ ভিতৰত ভাৰতবৰ্ষৰ যিকোনো এখন চিনেমাৰ লগত থিয় হব পাৰিব । চিনেমাখন আমি ইতিমধ্যে বাংলা ভাষাত এটা OTT প্লেটফৰ্মত প্ৰকাশ কৰা হৈছে । পিছলৈ আৰু কি কৰা হয় জনোৱা হ'ব ।"
উল্লেখ্য যে, শ্যাম প্ৰডাকচনৰ বেনাৰত অসমৰ আইন শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ কাহিনীৰ আধাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম'ৰৰ লগতে অ. পি. গাৰোদিয়া, অৰবিন্দ গাৰোদিয়া, গৌতম বেৰিয়া, অনুপ বেৰিয়া, মনোজ কুমাৰ কেডিয়া, ৰাজ চৌধুৰী আৰু সুজাতা চৌধুৰীয়ে । ইফালে ছবিখনৰ পৰিচালনা কৰিছে ৰূপক গগৈয়ে । ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে হৃষিকেশ ভট্টাচাৰ্য আৰু পৱন ম'ৰ ।

