ETV Bharat / entertainment

আৰিয়ান খানক লন্স কৰিলে শ্বাহৰুখ খানে, নাৰ্ভাছ পুত্ৰ

ডাঙৰ পুত্ৰ আৰিয়ান খানক আনুষ্ঠানিকভাৱে মুকলি কৰিলে শ্বাহৰুখ খানে । এই সময়ছোৱাত আৰিয়ানক নাৰ্ভাছ যেন লাগিল । চাওঁক এই ভাইৰেল ভিডিঅ'টো-

THE BADS OF BOLLYWOOD PREVIEW
আৰিয়ান খানক লন্স কৰিলে শ্বাহৰুখ খানে (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : August 21, 2025 at 10:21 PM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : অৱশেষত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে আনুষ্ঠানিকভাৱে মুকলি কৰিলে তেওঁৰ জ্যেষ্ঠ পুত্ৰ আৰিয়ান খানক । ২০ আগষ্টত তেওঁৰ পুত্ৰৰ প্ৰথম পৰিচালিত ধাৰাবাহিক ‘দ্য বেডছ অফ বলীউড’ৰ প্ৰিভিউ মুকলি কৰা হৈছে । প্ৰিভিউ লন্স ইভেণ্টত আৰিয়ানে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ ভাষণ দিয়ে, য’ত তেওঁক যথেষ্ট নাৰ্ভাছ যেন লাগিছিল । এই দিনটোৰ বাবে কিমান দিনৰ পৰা প্ৰস্তুতি চলাই আছিল সেই কথা প্ৰকাশ কৰিলে আৰিয়ানে ।

‘দ্য বেডছ অফ বলীউড’ৰ প্ৰিভিউ লন্স ইভেণ্টত পৰিয়ালৰ সৈতে উপস্থিত হয় শ্বাহৰুখ খান । এই অনুষ্ঠানৰ পৰা বহু ভিডিঅ’ পোহৰলৈ আহিছে । এটা ভিডিঅ’ত কিং খানে নিজৰ পুত্ৰক মানুহৰ সৈতে চিনাকি কৰাই দিয়া দেখা গৈছে । এই ভিডিঅ'টোৱে সকলোৰে হৃদয় জয় কৰিছে ।

ভাইৰেল ভিডিঅ’টোত শ্বাহৰুখ খানে নিজৰ পুত্ৰ আৰিয়ানক গ্ৰেণ্ড ষ্টাইলত চিনাকি কৰাই দি মঞ্চলৈ নিমন্ত্ৰণ জনাইছে । মঞ্চত উপস্থিত হোৱাৰ লগে লগে আৰিয়ানে জীৱনৰ প্ৰথম ভাষণ দিবলৈ আৰম্ভ কৰে । ইয়াৰ বাবে তেওঁ কিমান নাৰ্ভাছ আছিল সেই কথা প্ৰকাশ কৰে । তেওঁ ধেমালিতে কয় যে তেওঁ ইমানেই নাৰ্ভাছ হৈ পৰিছিল যে তেওঁ আনকি টেলিপ্ৰম্পটাৰ আৰু দেউতাকৰ সহায় লৈছিল ।

দ্য বেডছ অফ বলীউডৰ প্ৰিভিউ লন্স ইভেণ্টত মঞ্চৰ পৰা দৰ্শকক সম্বোধন কৰি আৰিয়ান খানে কয়, “আজি মই বৰ অস্থিৰ হৈ পৰিছো কাৰণ আজি মই প্ৰথমবাৰৰ বাবে আপোনালোক সকলোৰে সন্মুখত মঞ্চলৈ আহিছো । বাৰে বাৰে এই ভাষণৰ অনুশীলন কৰি আহিছোঁ । আচলতে মই ইমানেই নাৰ্ভাছ যে টেলিপ্ৰম্পটাৰতো লিখিছো । ইয়াত যদি বিদ্যুৎ বন্ধ হৈ যায়, তেন্তে মই কাগজ এখনতো লিখি আনিছো আৰু সেইয়াও টৰ্চৰ সৈতে । আৰু তেতিয়াও যদি মই ভুল কৰো, তেন্তে পাপা আছে ।”

এই সময়ত কেমেৰা কিং খানৰ ফালে ঘূৰি যায় আৰু দেখা যায় যে কেনেকৈ ছুপাৰষ্টাৰগৰাকীয়ে নিজৰ পুত্ৰক সহায় কৰিবলৈ ভাষণৰ চিত্ৰনাট্য পিঠিত আঁৰি লৈ আহিছে । আৰিয়ান খানে তেতিয়া কয়, “এই সকলোবোৰৰ পিছতো যদি মোৰ ভুল হয়, তেন্তে মোক ক্ষমা কৰিব, এয়া মোৰ প্ৰথমবাৰৰ বাবে ।”

আৰিয়ান খানৰ এই শ্ব’টোত অভিনয় কৰিছে ৰজত বেদী আৰু গৌতমী কাপুৰৰ লগতে ববী দেওল, লক্ষ্য, চাহেৰ বাম্বা, মনোজ পাহোৱা, মোনা সিং, মনীষ চৌধাৰী, ৰাঘৱ জুৱাল, আন্যা সিং আৰু বিজয়ন্ত কোহলীয়ে । ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ বেনাৰত গৌৰী খানে প্ৰযোজনা কৰিছে এই ধাৰাবাহিকখন ।

সহ-প্ৰযোজক বিলাল ছিদ্দিকী আৰু মানৱ চৌহানৰ সৈতে ‘দ্য বেডছ অফ বলীউড’ৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছে আৰিয়ান খানে ৷ ১৮ ছেপ্টেম্বৰৰ পৰা প্ৰিমিয়াৰ হ’ব এই শ্ব’ ।

লগতে পঢ়ক : জেচিকা হাইন্স কোন ? এফালে ৰীণা দত্তৰ সৈতে বিবাহ-আনফালে অইন কাৰোবাক ডেট