দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰৰ পৰা মে অটল হুঁলৈকে- প্ৰধানমন্ত্ৰীৰ ওপৰত নিৰ্মিত শীৰ্ষ 5 খন চলচ্চিত্ৰ
ভাৰতৰ ৰাজনীতিবিদসকলৰ ওপৰত বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে । দেশৰ প্ৰধানমন্ত্ৰীসকলৰ ওপৰত নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহৰ বিষয়ে জানো আহক ৷ এখন মুক্তি পাব 2025 চনত-

By ETV Bharat Entertainment Team
Published : December 28, 2024 at 10:41 AM IST
হায়দৰাবাদ : 26 ডিচেম্বৰত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ দেহাৱসান ঘটে। তেওঁক দেশৰ অৰ্থনৈতিক সংস্কাৰৰ সৃষ্টিকৰ্তা বুলিও কোৱা হয় । এইগৰাকী মহান ৰাজনীতিবিদৰ জীৱনৰ ওপৰত এখন ছবিও নিৰ্মাণ কৰা হৈছে, যাৰ নাম হৈছে ‘‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’’ । কেৱল ড৹ মনমোহন সিঙৰ ওপৰতে নহয়, দেশৰ আন আন প্ৰধানমন্ত্ৰীসকলৰ ওপৰতো জীৱনীমূলক ছবি নিৰ্মাণ কৰা হৈছে । এই ছবিবোৰৰ বিষয়ে জানো আহক…
‘‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’’
অনুপম খেৰ অভিনীত ‘‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’’ হৈছে সঞ্জয় বাৰুৰ ‘‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’’ নামৰ কিতাপখনৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ । ছবিখন 2019 চনত মুক্তি দিয়া হৈছিল । অনুপম খেৰ, অক্ষয় খান্না এই ছবিখনত মুখ্য চৰিত্ৰত আছিল ।
আনহাতে সুজান বাৰ্ণাৰ্ট, আহানা কুমৰা, অৰ্জুন মাথুৰ, বিপিন শৰ্মা আৰু দিব্যা শেঠীক সহ-তাৰকাসকলৰ চৰিত্ৰত দেখা গৈছিল । বিজয় ৰত্নাকৰ গুট্টেৰ দ্বাৰা পৰিচালিত এই ছবিখনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে মনমোহন সিঙৰ কাৰ্যকাল, তেওঁৰ কৃতিত্ব, কেবিনেট আৰু তেওঁ দেশলৈ অনা পৰিৱৰ্তনৰ ইতিহাস বৰ্ণনা কৰা হৈছে ।
‘‘মে অটল হুঁ’’
ৰবি যাদৱৰ পৰিচালিত জীৱনীমূলক ছবি ‘‘মে অটল হুঁ’’ত আমি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শ্ৰমিকৰ পৰা ভাৰতৰ অন্যতম প্ৰিয় ৰাজনীতিবিদ হোৱাৰ অভূতপূৰ্ব যাত্ৰাৰ আভাস পাওঁ । এই ছবিখনে 2024 চনৰ 19 জানুৱাৰীত মুক্তি লাভ কৰিছিল । এই ছবিখনত বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীক দেখা গৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত ।
‘‘পি এম নৰেন্দ্ৰ মোদী’’
ওমুং কুমাৰৰ পৰিচালিত ‘‘পি এম নৰেন্দ্ৰ মোদী’’ ছবিখন দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত আধাৰিত । এই ছবিখনত প্ৰধানমন্ত্ৰী মোদীৰ চৰিত্ৰত বিবেক অবেৰয় আছে । এই ছবিখনত জৰিনা ৱাহাব, মনোজ যোশী, সুৰেশ ওবেৰয়ক সহ-অভিনেতা হিচাপে অভিনয় কৰিছে ।
2019 চনত মুক্তি পোৱা ‘‘পি এম নৰেন্দ্ৰ মোদী’’ত নৰেন্দ্ৰ মোদীৰ শৈশৱৰ আভাস, সন্ন্যাসী হোৱাৰ সিদ্ধান্তৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈকে, দেশৰ বাবে 371 নং অনুচ্ছেদ, ছাৰ্জিকেল ষ্ট্ৰাইক, বিমুদ্ৰাকৰণৰ দৰে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ আভাস দেখুওৱা হৈছে । এই ছবিখনত দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰো আভাস দিয়া হৈছে ।
‘‘চলো জীতে হে’’
‘‘চলো জীতে হে’’ এখন চুটি ছবি । চলচ্চিত্ৰখনৰ কাহিনীৰ বিষয়ে ক'বলৈ গ'লে, এটা সৰু ল’ৰাৰ কৌতূহলৰ কাহিনী দেখুওৱা হৈছে, যাৰ নাম নাৰু । নাৰুৱে আনৰ বাবে যিমান সম্ভৱ কৰি জীৱনৰ প্ৰকৃত উদ্দেশ্য আৱিষ্কাৰ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ প্ৰকৃত ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত এই ছবিখন । মংগেশ হাদাৱালে এই চুটি ছবিখন পৰিচালনা কৰিছিল । ছবিখন 29 জুলাই, 2018 ত মুক্তি দিয়া হৈছিল ।
‘ইমাৰ্জেন্সি’
2025 চনৰ 17 জানুৱাৰীত ছবিগৃহত মুক্তি পাব কংগনা ৰনৌতৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ ৷ এই ৰাজনৈতিক নাটকত কংগনাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে । কংগনাই ইমাৰ্জেন্সিৰ ৰচনা, পৰিচালনা আৰু সহ-প্ৰযোজনাও কৰিছে ।
1975 চনৰ পৰা 1977 চনলৈকে 21 মাহৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে জাৰি কৰা জৰুৰীকালীন অৱস্থা আৰু তাৰ পিছৰ পৰিণতিৰ ওপৰত ভিত্তি কৰিয়েই ছবিখন নিৰ্মাণ কৰা হৈছে । এই ছবিখনত অনুপম খেৰ, শ্ৰেয়াস তালপাড়ে, মহিমা চৌধুৰী, মিলিন্দ সুমন আৰু প্ৰয়াত সতীশ কৌশিককো দেখা যাব ।

