দুদিনীয়াকৈ চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন
২৫ আৰু ২৬ অক্টোবৰত চলচ্চিত্ৰমৰ উদ্যোগত নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ৷ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব এই মহোৎসৱ ।

By ETV Bharat Entertainment Team
Published : June 11, 2025 at 2:12 PM IST
গুৱাহাটী: উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । আগন্তুক ২৫ আৰু ২৬ অক্টোবৰত দুদিনীয়াকৈ গুৱাহাটীৰ কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব এই মহোৎসৱ । এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে চলচ্চিত্ৰমৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগবত প্ৰীতমে ৷
উল্লেখ্য যে, ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় ছবি মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷ ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ থকা চলচ্চিত্ৰ মহোৎসৱৰ সময়ৰ লগত সংগতি ৰাখি এই মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে ৷ প্ৰতিবছৰৰ দৰে এই বছৰো চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ এই প্ৰতিযোগিতাৰ মূল বিষয় ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ ৷
বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰম (www.chalachitram.in)ৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ছবি মহোৎসৱ প্ৰতিযোগিতা উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজতে সীমাবদ্ধ থাকিব । ভাৰতীয় ঐতিহ্য, খিলঞ্জীয়া সমাজ, স্বাধীনতা আন্দোলনৰ নায়ক, মহাকাব্য আৰু পৌৰাণিক কাহিনী, জাতীয় সংহতি, কলা আৰু সংস্কৃতি, পাণ্ডুলিপি, চিত্ৰকলা, সংগ্ৰহালয়, সংগীতজ্ঞ, লেখক, খিলঞ্জীয়া উৎসৱ, জাতি-জনগোষ্ঠী, কীৰ্তিচিহ্ন আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰ, পৰম্পৰাগত ক্ৰীড়া, মহিলা সবলীকৰণ, পৰম্পৰা আৰু পাৰিবাৰিক মূল্যবোধ, যোগ আৰু আয়ুৰ্বেদ, সাংস্কৃতিক জাতীয়তাবাদ, চাহ আৰু তেল, পৰিৱেশ, কৃষি, শিক্ষা, মানৱ অধিকাৰ, উত্তৰ-পূব ভাৰতৰ পৰ্যটনৰ সম্ভাৱনা আদি বিষয়ক ছবি গ্ৰহণ কৰা হ’ব ।
তদুপৰি ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্ৰেম, ডিজিটেল পৃথিৱী, উন্নয়ন, পৰিৱেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমেশ্যন ছবিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণদৈৰ্ঘৰ ছবিও প্ৰদৰ্শনৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা থকাৰ কথা আয়োজকসকলে জানিবলৈ দিয়ে ৷
প্ৰতিযোগিতাৰ যিকোনো তথ্য চলচ্চিত্ৰমৰ ৱেবছাইট ‘চলচ্চিত্ৰম ডট ইন’ত উপলব্ধ হ’ব ৷ উক্ত প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ বাবে চলচ্চিত্রমে কেতবোৰ নিয়মাৱলী সন্নিৱিষ্ট কৰিছে । সেই অনুযায়ী ২০২৪ বৰ্ষৰ ১ নৱেম্বৰৰ পৰা ২০২৫ বৰ্ষৰ ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্মিত ছবিয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব পাৰিব ৷ ১০ জুনৰ পৰা ১৯ জুনলৈকে মাচুলবিহীনভাৱে, ২০ জুনৰ পৰা ১৯ জুলাইলৈকে (৫০০ টকা মাচুলৰে) আৰু ২০ জুলাইৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত (মাচুল ১০০০ টকা) ছবি জমা দিব পাৰিব ৷
ইফালে চলচ্চিত্ৰমৰ বাবে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াক সভাপতি, প্ৰবাল খাউণ্ড আৰু দীপক দত্তক উপ-সভাপতি, অভিনেতা-পৰিচালক ভগৱত প্ৰীতমক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰাৰ প্ৰকাশ কৰিছে বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সম্পাদক কিশোৰ শিৱমে ।
লগতে পঢ়ক : এড শ্বীৰাণৰ নতুন গান “ছেফায়াৰ”ত ভাৰতীয় সংস্কৃতিৰ প্ৰতিফলন, কেমিঅ’ত শতিকাৰ জনপ্ৰিয় তাৰকাৰ এভূমুকি

