ETV Bharat / entertainment

থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীৰ শিৰত উজলিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ - MISS WORLD 2025 WINNER

সমগ্ৰ বিশ্বৰ ১১০ খনতকৈও অধিক দেশৰ সুন্দৰীক পৰাস্ত কৰি মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ অৰ্জন কৰিছে থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীয়ে ।

Miss World 2025 Winner
মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী (ETV Bharat)
author img

By ANI

Published : May 31, 2025 at 11:02 PM IST

3 Min Read

হায়দৰাবাদ : ভাৰতৰ হায়দৰাবাদ চহৰে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰৈছে । ইতিমধ্যে ঘোষণা কৰা হ'ল গ্লেমাৰ, প্ৰতিভা আৰু আত্মবিশ্বাসৰ প্ৰতীক বুলি গণ্য কৰা মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী ।

এইবাৰৰ মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাৰ বিজয়ী মুকুট জিলিকিল থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীৰ শিৰত । বিশ্বৰ ১১০ খনতকৈও অধিক দেশৰ সুন্দৰী প্ৰতিযোগীক পৰাস্ত কৰি এই সন্মানীয় খিতাপ অৰ্জন কৰে থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীয়ে ।

তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৭২ সংখ্যক সংস্কৰণত প্ৰাক্তন বিজয়ী ক্ৰীষ্টিনা পিচকোভা (চেক গণৰাজ্য)ই ওপালৰ শিৰত মিছ ৱৰ্ল্ডৰ মুকুট পৰিধান কৰাই দিয়ে ।

Thailand's Opal Suchata crowned Miss World 2025
ক্ৰীষ্টিনা পিচকোভাই ওপালৰ শিৰত মিছ ৱৰ্ল্ডৰ মুকুট পৰিধান কৰাই (ETV Bharat)

এক সুন্দৰ বগা গাউন পিন্ধি যেতিয়া ওপলে মঞ্চত উঠিছিল, তেতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছিল ওপলৰ ওপৰত । তেওঁৰ গাউনটো কেৱল সৌন্দৰ্যৰ প্ৰতীক নাছিল, কঠিন সময়তো আশা আৰু আত্মবিশ্বাস বজাই ৰখা সেই মহিলাসকলৰ সাহস আৰু সংগ্ৰামৰ প্ৰতীক হৈ পৰিছিল ।

ওপলৰ বাৰ্তা :

ওপলে তেওঁৰ গাউনক "Opal For Her" যাত্ৰাৰ প্ৰতীক হিচাপে বৰ্ণনা কৰিছে । তেওঁ কয়, "চিকচিকিয়া বগা কাপোৰ আৰু সুক্ষ্ম ওপল ফুল, যিয়ে ভয়ক গৌণ বুলি জ্ঞান কৰি আশাক প্ৰাধান্য দিয়া মহিলাক প্ৰতিনিধিত্ব কৰে । ই হৈছে মনৰ ভিতৰৰ পোহৰ যিয়ে আমাক আন্ধাৰৰ পৰা ওলাই অহাৰ পথ বিচাৰি উলিয়াবলৈ সহায় কৰে ।"

ইনষ্টাগ্ৰাম পোষ্টত তেওঁ লিখিছে, “ওপলৰ দৰে ময়ো নিজৰ পোহৰত জিলিকি উঠো ।”

ভাৰতৰ নন্দিনী গুপ্তাৰ যাত্ৰা ইয়াতেই অন্ত পৰিল

প্ৰাৰম্ভিক ৰাউণ্ডত আকৰ্ষণীয় প্ৰদৰ্শনেৰে শীৰ্ষ ৪০ৰ ভিতৰত স্থান লাভ কৰা ভাৰতৰ প্ৰতিনিধি নন্দিনী গুপ্তাই শীৰ্ষ ৮ত স্থান লাভ কৰিব পৰা নাছিল । মিছ ৱৰ্ল্ডৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এই ঘোষণা কৰাৰ পাচতে ভাৰতীয় তেওঁৰ অনুৰাগীসকল হতাশ হৈ পৰা দেখা গৈছিল ।

মিছ ৱৰ্ল্ড প্ৰতিযোগিতা

ভাৰতত একেৰাহে দ্বিতীয় বছৰৰ বাবে আয়োজন কৰা হৈছিল মিছ ৱৰ্ল্ড ২০২৫ ৷ শেষ সংস্কৰণটো মুম্বাইত অনুষ্ঠিত হৈছিল, য’ত চেক গণৰাজ্যৰ ক্ৰীষ্টিনা পিচকোভাক বিজয়ী ঘোষণা কৰা হৈছিল । এইবাৰ হায়দৰাবাদক স্থান হিচাপে বাছনি কৰা হয়, য’ত আন্তঃৰাষ্ট্ৰীয় অতিথি, বিচাৰক আৰু দৰ্শকৰ বিপুল সমবেশ হোৱা দেখা যায় ।

মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ অৰ্জন কৰিছে থাইলেণ্ডৰ ওপাল চুচাটা চুৱাংশ্ৰীয়ে (ANI)

ওপাল চুচাটা কোন ?

২০০৩ চনৰ ২০ মাৰ্চত থাইলেণ্ডৰ ফুকেটত জন্মগ্ৰহণ কৰিছিল ওপালে । তেওঁ তিনিটা ভাষাত সাৱলীল ৰূপত জানে । সেয়া হ’ল - থাই, ইংৰাজী আৰু চীনা । বেংককৰ ত্ৰিয়াম উডোম চুক্সা স্কুলত অধ্যয়ন কৰা ওপালে বৰ্তমান থাম্মাছাট বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক (International Relations) বিষয়ত অধ্যয়ন কৰি আছে।

লগতে পঢ়ক : ট্ৰেক্টৰ চলাই-গাঁৱলীয়া খাদ্যৰ মাজতে সুখ বিচাৰি পাই মিছ ইণ্ডিয়া নন্দিনী গুপ্তাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.