তেজস্বিনীৰ উদ্যোগত বালা কলা উৎসৱম - Bala Kala Utsavam
Bala Kala Utsavam : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় ‘বালা কলা উৎসৱম’ । শাস্ত্ৰীয় নৃত্যৰ চৰ্চা অব্যাহত ৰখাৰ লগতে শাস্ত্ৰীয় নৃত্যশিল্পীসকলক অনুপ্ৰেৰণা জগোৱাৰ অৰ্থে প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা হৈছে এই উৎসৱ ।

Published : May 6, 2024 at 10:36 AM IST
গুৱাহাটী, 6 মে’ : সামাজিক-সাংস্কৃতিক সংস্থা তেজস্বিনীৰ উদ্যোগত দেওবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'বালা কলা উৎসৱম' ৷ শিশুসকলৰ বাবে অনুষ্ঠিত এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শাস্ত্ৰীয় নৃত্য উৎসৱ এই 'বালা কলা উৎসৱম' ।
শাস্ত্ৰীয় নৃত্যৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন নৃত্যশিল্পী তথা তেজস্বিনীৰ বৰ্তমানৰ অধ্যক্ষ গুৰু ভানুৰশ্মিৰ তত্ত্বাৱধানত পঞ্চমবাৰৰ বাবে আয়োজন কৰা হয় এই মহোৎসৱ ৷ বালা কলা উৎসৱম মহোৎসৱত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী, নৃত্যশিল্পী সাগৰিকা গোস্বামী, সংগীত নাটক একাডেমী উত্তৰ-পূৱ ক্ষেত্ৰৰ অধ্যক্ষ অৰূপ বৰদলৈ ৷

এওঁলোকৰ উপৰিও এই বিশেষ অনুষ্ঠানটিত লেখিকা-অভিনেত্ৰী ফ্লৰেন্স সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক-লেখিকা দৰ্শনা বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

উল্লেখ্য যে, প্ৰয়াত নিলীমা প্ৰিয়াই ২০০৮ চনত সাংস্কৃতিক সচেতনতা আৰু সাংস্কৃতিক বিকাশৰ উদ্দেশ্যৰে স্থাপন কৰা সামাজিক তথা সাংস্কৃতিক সংস্থা তেজস্বিনীক নতুন ৰূপৰে আগবঢ়াই নিছে নিলীমা প্ৰিয়াৰ সুযোগ্যা কন্যা তথা ভাৰত নাট্যম বজূবুৰ শৈলীৰ এগৰাকী যশস্বী নৃত্য শিল্পী-অভিনেত্ৰী গুৰু ভানু ৰশ্মিয়ে ৷

শিশুসকলৰ মাজত শাস্ত্ৰীয় নৃত্যৰ চৰ্চা অব্যাহত ৰখাৰ লগতে তেওঁলোকক অনুপ্ৰেৰণা জগোৱাৰ অৰ্থে প্ৰতিবছৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই শাস্ত্ৰীয় নৃত্য মহোৎসৱৰ আয়োজন কৰি অহা হৈছে তেজস্বিনীৰ উদ্যোগত । এই বর্ষত আয়োজন কৰা 'বালা কলা উৎসৱম'ত তেজস্বিনীৰ শিক্ষাৰ্থীসকলৰ লগতে কেইবাখনো নৃত্যাশিক্ষানুষ্ঠানৰ প্ৰায় ৯০ গৰাকী শিশু শিল্পীয়ে একক আৰু দলীয়ভাৱে ভাৰত নাট্যম, সত্ৰীয়া, কথক আৰু ওডিচি নৃত্য পৰিৱেশন কৰে ৷
লগতে পঢ়ক : মুক্তি পালে জুবিন গাৰ্গৰ কন্ঠত নতুন বিহুসুৰীয়া গীত "মৰমৰ তাঁতৰ শালত" - zubeen garg new assamese bihu song

