ETV Bharat / entertainment

এসময়ত স্কুলত গীত গাই নিচুকনি বঁটা পোৱা শিশুটি আজি "অসম গৌৰৱ" ৰ অধিকাৰী

সৰুৰে পৰা চাহ জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত থাকি সংগীতচৰ্চা কৰি আহিছিল শিল্পী ৰাম চাচনীয়ে ।

Tea tribe artist Ram Sasoni honoured with Assam Gaurav award
অসম গৌৰৱ বঁটাৰে সন্মানিত ৰাম চাচনী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 11, 2025 at 6:04 PM IST

5 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ৰাজ্য চৰকাৰে "অসম গৌৰৱ বঁটা"ৰ বাবে এইবাৰ বাচনি কৰিছে বিশিষ্ট কণ্ঠশিল্পী ৰাম চাচনীক । চৰকাৰৰ এই ঘোষণাই স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে সুদীৰ্ঘ সময়জুৰি সংগীতচৰ্চা কৰি অহা শিল্পীগৰাকীক ৷

সৰুৰে পৰা চাহ জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত থাকি সংগীতচৰ্চা কৰি আহিছিল শিল্পী ৰাম চাচনীয়ে । ইতিমধ্যে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হোৱা বিশিষ্ট শিল্পীগৰাকী আছিল প্ৰচাৰ বিমুখ ৷ কেমেৰাৰ সন্মুখলৈ নহাকৈ জনগোষ্ঠীটোৰ বাবে নিৰলসভাৱে কাম কৰি গৈছে ৰাম চাচনীয়ে । চাহ বাগিচা অঞ্চলত ডাঙৰ-দীঘল হোৱা শিল্পীগৰাকীয়ে জনগোষ্ঠীটোৰ বাবে কিবা এটা কৰি যোৱাৰ হেঁপাহ বুকুত বান্ধি কৰি গৈছে সংগীত সাধনা । অসম চৰকাৰে অসম গৌৰৱ বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰাত অতি আনন্দিত শিল্পীগৰাকী । তেওঁৰ সাধনাক চৰকাৰে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাত আজি তেওঁ গৌৰৱাম্বিত ।

এসময়ত স্কুলত গীত গাই নিচুকনি বঁটা পোৱা শিশুটি আজি "অসম গৌৰৱ" ৰ অধিকাৰী (ETV Bharat Assam)

শৈক্ষিক ক্ষেত্ৰখনতো অতি মেধাসম্পন্ন আছিল ৰাম চাচনী ৷ এটি কলি দুটি পাতৰ সৈতে আত্মিক সম্পৰ্ক আছিল ৰাম চাচনীৰ । ১৯৫০ চনৰ ২৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড় জিলাৰ চেপন চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল তেওঁ । বাগিচাৰ প্ৰাথমিক বিদ্যালয়তে স্কুলীয়া শিক্ষা তেওঁ আৰম্ভ কৰিছিল । অতি মেধাসম্পন্ন ৰাম চাচনীয়ে ১৯৫৯ চনত এল. পি. বৃত্তি লাভ কৰি মৰাণৰ ৰামচন্দ্ৰ আগৰৱালা উচ্চ ইংৰাজী বিদ্যালয়ত নাম ভৰ্তি কৰিছিল । সদৌ অসম ভিত্তিত এম. ই. বৃত্তি পৰীক্ষাত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল চাচনীয়ে ।

মৰাণৰ ৰামচন্দ্ৰ আগৰৱালা উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯৬৭ চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৰ্ৱতী সময়ত শিৱসাগৰ কলেজত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে । শিৱসাগৰ মহাবিদ্যালয়ত ১৯৬৯ বৰ্ষৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল ৰাম চাচনীয়ে । পৰিয়ালৰ আৰ্থিক সমস্যাৰ বাবে ১৯৭০ চনত অসম চাহ বাগিচা ভৱিষ্যনিধি আঁচনিৰ ডিব্ৰুগড় সংমণ্ডল কাৰ্যালয়ত নিম্নবৰ্গ সহায়কৰ পদত যোগদান কৰি চাচনীয়ে আৰম্ভ কৰিছিল চাকৰি জীৱন ।

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী:

চাহ বাগিচাৰ সৈতে আত্মিক সম্পৰ্ক থকা ৰাম চাচনীৰ সৰুৰে পৰাই আছিল সংগীতৰ প্ৰতি ভালপোৱা । চেষ্টা কৰিছিল স্কুলৰ দিনতেই গীত গাবলৈ । প্ৰাথমিক বিদ্যালয়ৰ পৰাই গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰশংসা লাভ কৰিছিল তেওঁ । চাকৰি জীৱন আৰম্ভ কৰিলেও এৰা নাছিল সংগীতচৰ্চা । ১৯৭৩ চনত অসম চাহ মজদুৰ সংঘৰ দ্বাৰা নিৰ্মিত ‘ৰতনলাল’ কথাছবিত গীত পৰিবেশন কৰাৰ সুযোগ লাভ কৰিছিল ৰাম চাচনীয়ে । ১৯৭৫ চনত আকাশবাণী ডিব্রুগড় কেন্দ্রৰ দ্বাৰা প্ৰচাৰিত চাহ শ্ৰমিকৰ আচৰ অনুষ্ঠানৰ অস্থায়ী ঘোষক হিচাপে যোগদান কৰাৰ লগতে আকাশবাণীৰ আধুনিক গীতৰ শিল্পী হিচাপেও স্বীকৃতি লাভ কৰিছিল । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ আচৰ অনুষ্ঠানত নাটক, সংগীতালেখ্য প্ৰযোজনা আৰু কথিকা আদি প্ৰচাৰৰ দায়িত্বত আছিল ৰাম চাচনী ।

ড৹ ভূপেন হাজৰিকাৰ সৈতে আছিল সু-সম্পৰ্ক:

ক্ৰমাগতভাৱে চাহ জনগোষ্ঠীৰ এজন শিল্পী হিচাপে প্ৰতিষ্ঠিত হৈ উঠা ৰাম চাচনীৰ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সৈতে সু-সম্পৰ্ক হৈছিল । বহুবাৰ ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰিছে তেওঁ । ১৯৮৭ চনত ড৹ ভূপেন হাজৰিকাৰ সংগীত নিৰ্দেশনাত ‘ছিৰাজ’ (পুনঃনিৰ্মিত) কথাছবি আৰু জাহ্নু বৰুৱাৰ নিৰ্দেশনাত নিৰ্মিত টেলিফিল্ম ‘বনানী’ ত গীত পৰিবেশন কৰাৰ সুযোগ লাভ কৰিছিল ৰাম চাচনীয়ে । ১৯৯৩ চনত পদ্ম কৈৰীৰ দ্বাৰা প্ৰযোজিত আৰু অভিনীত চাহ জনগোষ্ঠীৰ জীৱন আধাৰত নিৰ্মিত জনপ্ৰিয় ধাৰাবাহিক ‘শিৰীষ’ ৰ শীৰ্ষগীত ৰচনা, কণ্ঠদান আৰু সংগীত পৰিচালনা কৰিছিল তেওঁ । ১৯৯৭ চনত বুলু কাঞ্চন প্ৰডাকশ্যনৰ দ্বাৰা নিৰ্মিত আৰু পদ্ম কৈৰী অভিনীত ‘বুধু অৰ্জুন’ কথাছবিত যুটীয়াভাৱে সংগীত পৰিচালনা আৰু গীত পৰিবেশন কৰাৰ লগতে পদ্ম কৈৰীৰ প্ৰযোজনাত দূৰদৰ্শনৰ আন দুখন ধাৰাবাহিক ‘দয়াৰাম’ (২০০০ চনত) আৰু ‘মনফুলেৰ মালা’ (২০০৩ চনত) ত সংগীত পৰিচালনা কৰিছিল । ২০০২ চনত পদ্ম কৈৰীৰ দ্বিতীয় কথাছবি ‘মা’ত অভিনয় কৰাৰ সুযোগ পাইছিল ৰাম চাচনীয়ে ।

লাভ কৰিছে বহু বঁটা-সন্মান:

২০১০ চনত সহঃভৱিষ্যনিধি আয়ুক্ত হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰাম চাচনীয়ে সাংস্কৃতিক কৰ্মৰ বাবে ‘দেউৰাম তাছা শিল্পী বঁটা’, ‘শিৰীষ বঁটা’, ‘চেনীৰাম কুৰ্মী সোঁৱৰণী বঁটা’ আৰু ‘২০২৩ বৰ্ষ জীৱন জোৰা লোক কৃষ্টি সাধনা বঁটা’ ৰে সন্মানিত হৈছে । স্কুলত গীত গাই নিচুকনি বঁটা লাভ কৰা শিল্পীগৰাকীয়ে অসম গৌৰৱ বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰে ৷ চাকৰি জীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত চাহ জনগোষ্ঠীৰ লোক সংগীতৰ প্ৰশিক্ষণ আৰু গৱেষণামূলক কামত নিজক জড়িত কৰি ৰাখিছে ৰাম চাচনীয়ে ।

শিল্পীগৰাকীয়ে কয়, "এই খবৰ লাভ কৰি ভাল লাগিছে । ইমান দিনে কৰি অহা কামৰ বাবে সমাজৰ কিবা এটা উপকাৰ হৈছে, সেয়ে মোক এই স্বীকৃতি দিছে অসম চৰকাৰে । এই বঁটাই মোক আকৌ উদ্যমেৰে কাম কৰিবলৈ উৎসাহিত কৰিছে । মই সৰুৰে পৰা সংগীতচৰ্চা কৰিছিলো । আমাৰ ঘৰতে সংগীতৰ এটা পৰিৱেশ আছিল । আমি প্ৰথমে গান শুনিছিলো গ্ৰামোফোন ৰেকৰ্ডত, পাছলৈ ৰেডিঅ'ত গীত শুনিছিলো । সৰুতেই গীত গাবলৈ ভয় লাগিছিল যদিও মৰাণৰ ৰামচন্দ্ৰ আগৰৱালা উচ্চ ইংৰাজী বিদ্যালয়ত খেল-ধেমালিত প্ৰথম গীত গাই নিচুকনি বঁটা লাভ কৰিছিলো ।" ঝুমুৰ গীত বিকৃত নকৰিবলৈ আহ্বান জনাই শিল্পীগৰাকীয়ে লগতে কয়, "ঝুমুৰ গীতৰ যি পৰম্পৰাগত ধাৰা আছে তাক বিকৃত কৰিব নালাগে । ঝুমুৰৰ যি কাব্যিক সৌন্দৰ্য সেয়া যাতে বিনষ্ট নহয় তাৰ প্ৰতি সকলোৱে গুৰুত্ব দিব লাগে ।"

লগতে পঢ়ক : অসম সৌৰভ বঁটা: ১১৬ শাৰীৰ আটাইতকৈ দীঘলীয়া গীতটি ৰচনা কৰা গীতিকাৰগৰাকী আজি অভিভূত