গুৱাহাটী : অপেক্ষাৰ অন্ত পেলাই অহা ১২ জুনত আহি আছে এখন নতুন ৱেব ছিৰিজ "অশ্বত্থামা হত । ইতি গজ"। অসমীয়া ছবি "মেড ইন নলবাৰী" পাছত যুৱ পৰিচালক তনুজ নাথৰ পৰিচালনাৰে এতিয়া মুক্তিৰ বাবে সাজু হৈ উঠিছে নতুন ৱেব ছিৰিজখন ।
ৱেব ছিৰিজখনৰ নামটো শুনি হয়তো আপুনি আচৰিত হৈছে ৷ ঠিক নামটোৰ দৰেই এক ব্যতিক্ৰমী বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে ৱেব ছিৰিজখন । মুক্তি দিশে থকা এই ৱেব ছিৰিজখনত ৮ টা খণ্ড সন্নিৱিষ্ট হৈ আছে ৷ এই ৱেব ছিৰিজখনৰ প্ৰযোজনা কৰিছে কুহেলী দাসগুপ্তা আৰু সুমিত দাসগুপ্তাই । পাপ আৰু পূণ্যৰ মাজৰ ভয়ংকৰ পৃথিৱীখনত মনুষ্যত্ব লাভ কৰা জীৱবোৰে কেনেদৰে জীৱন অতিবাহিত কৰে, সেই বিষয়কে সামৰি ছিৰিজখন নিৰ্মাণ কৰিছে তনুজ নাথে ।
‘অশ্বত্থামা হত। ইতি গজ’ৰ কাহিনী

মহাভাৰতৰ অশ্বত্থামাৰ কথা সকলোৱে জানে । কিন্তু মহাভাৰতৰ অশ্বত্থামাৰ কাহিনীতকৈ পৃথক হ'ব ‘অশ্বত্থামা হত । ইতি গজ’ৰ কাহিনী । বৰ্তমান যুগত যদি এখন গাঁৱত অশ্বত্থামা থাকিলেহেঁতেন তেন্তে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লহেঁতেন, সেয়াই কাহিনীটোত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে পৰিচালক তনুজ নাথে । এক কথাত ক’বলৈ গ'লে ‘অশ্বত্থামা হত । ইতি গজ’ এক ক্ৰাইম থ্ৰীলাৰযুক্ত ৱেব ছিৰিজ ।"
এই ৱেব ছিৰিজখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে তপন দাসে ৷ লগতে অভিনয় কৰিছে হিমাংশু প্ৰসাদ দাস, জিণ্টু কুমাৰ কাশ্যপ, ৰূপচন্দ্ৰা শৰ্মা, সীমা বিশ্বাস, বনদীপ শৰ্মাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

আনহাতে ৱেব ছিৰিজখনৰ চিত্ৰনাট্যৰ দায়িত্বত আছে প্ৰণৱ বৰুৱা আৰু উদয় পাটৰ । গুৱাহাটীৰ লগতে মেঘালয়, চানডুবি আদি অঞ্চলত কৰা হৈছে ৱেব ছিৰিজখনৰ দৃশ্যগ্ৰহণ । অ’টিটি প্লেটফৰ্ম ৰীল ড্ৰামাত ১২ জুনত মুক্তি পাব ‘অশ্বত্থামা হত । ইতি গজ’ই ।
লগতে পঢ়ক : যুৱ পৰিচালক তনুজ নাথৰ পৰিচালনাত তপন দাস এইবাৰ অশ্বত্থামা ৰূপত