ETV Bharat / entertainment

‘ৰামায়ণ: দ্য লেজেণ্ড অফ প্ৰিন্স ৰামা’ মুক্তিৰ পূৰ্বে এবাৰ চাওক এনিমেশ্যন যাত্ৰা

‘ৰামায়ণ: দ্য লিজেণ্ড অফ প্ৰিন্স ৰামা’ ছবিগৃহত মুক্তি পোৱাৰ পূৰ্বে ইয়াৰ এনিমেশ্যন যাত্ৰাৰ বিষয়ে জানো আহক-

take a look at the journey of animation before release of ramayana the legend of prince rama
ছবিগৃহত মুক্তি পাব ‘ৰামায়ণ: দ্য লিজেণ্ড অফ প্ৰিন্স ৰামা’ (Poster)
author img

By ETV Bharat Entertainment Team

Published : January 15, 2025 at 5:31 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতত মুক্তি পাব ‘ৰামায়ণ: দ্য লেজেণ্ড অফ প্ৰিন্স ৰামা’ ৷ তাৰ পূৰ্বে এনিমেশ্যন চলচ্চিত্ৰখনৰ অফিচিয়েল একাউণ্টে ইয়াৰ ছ’চিয়েল মিডিয়া পেজত অনুৰাগীসকলক এক নষ্টালজিক যাত্ৰা প্ৰদান কৰে । পেজটোৱে বাল্মীকিৰ মহাকাব্যৰ ওপৰত আধাৰিত এই জাপানীজ এনিমেশ্যন নিৰ্মাণৰ প্ৰাৰম্ভিক দিনৰ নিৰ্মাতাসকলৰ কথা মনত পেলাইছে । কিংবদন্তী ভাৰতীয় এনিমেটৰ ৰাম মোহনৰ সৈতে ছবিখনৰ সহ-পৰিচালনা কৰা জাপানৰ ক’ইচি ছাছাকীয়ে প্ৰকল্পটোত কৰা সৃজনশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ কথা স্মৰণ কৰে ।

ক’ইচি ছাছাকীয়ে কয়, “এই ছবিখনৰ এনিমেশ্যনৰ মানৰ বাবে আমি গৌৰৱান্বিত, বিশেষকৈ গতি, সময় আৰু চৰিত্ৰৰ প্ৰকাশ... এখন ছবি কেৱল ভিজুৱেলৰ দ্বাৰা নিৰ্মিত নহয় । এখন ছবি সম্পূৰ্ণ হয় যেতিয়া ইয়াত সৰ্বশ্ৰেষ্ঠ শব্দ আৰু শক্তিশালী সংলাপ থাকে । এই ছবিখনৰ শব্দ ১০০% ভাৰতত প্ৰস্তুত কৰা হৈছে, ভাৰতৰ শ্ৰেষ্ঠ সংগীত শিল্পী আৰু অভিনেতাসকলৰ এই মহান কাম, যাক মই হৃদয়ৰ পৰা সন্মান কৰো ৷” তেওঁ লগতে আৰু কয়, “ভাৰতৰ ৰাইজে যদি ভাবে যে ‘এয়া মোৰ আটাইতকৈ প্ৰিয় ৰামায়ণ,' ইয়াতকৈ ডাঙৰ সুখৰ কথা মোৰ বাবে আৰু একো হ’ব নোৱাৰে ।”

ছবিখনে ভাৰতীয় এনিমেশ্যনৰ জনক ৰাম মোহনৰ কেৰিয়াৰত এক বিশেষ স্থান দখল কৰিছে । তেওঁৰ পুত্ৰ কাৰ্তিক মোহনে ইয়াক ‘এটা বৃহৎ প্ৰচেষ্টা’ বুলি অভিহিত কৰি কয় যে ভাৰতত ইয়াৰ থিয়েটাৰত মুক্তি ‘ভাৰত আৰু জাপান উভয়ৰে চিনেমা ইতিহাসৰ এক লেণ্ডমাৰ্ক হ’ব । তেওঁ লগতে কয়, “শ্ৰী ৰাম মোহনৰ পুত্ৰ হোৱাৰ বাবে মই মাথোঁ ক’ব পাৰো যে এই মুহূৰ্তটো চাবলৈ মোৰ দেউতা জীয়াই থকা হ’লে ভাল আছিল । এইটো তেওঁৰ দীঘলীয়া আৰু বিখ্যাত কেৰিয়াৰৰ অন্যতম গৌৰৱৰ মুহূৰ্ত হ'লহেঁতেন ।”

ভাৰত ভ্ৰমণৰ সময়ত মহাকাব্যখনৰ পৰা অনুপ্ৰাণিত হৈ প্ৰয়াত জাপানী চলচ্চিত্ৰ নিৰ্মাতা যুগো ছাকোৱে এই ছবিখনৰ কল্পনা কৰিছিল । তেওঁ এটা সাক্ষাৎকাৰত কৈছিল, “হনুমানে আকাশত উৰি থকা, পাহাৰ দাঙি অনা, ৰাম-লক্ষ্মণৰ সাহস, আৰু তেওঁলোকে কৰা মহাযুদ্ধ... এই সকলোবোৰে মোক ৰোমাঞ্চিত কৰি তুলিছিল । এইবোৰ এনে কাহিনী যিবোৰে প্ৰতিটো সংস্কৃতিৰে তাৎপৰ্য্য ধৰি ৰাখে আৰু যিকোনো লোককথাৰ অংশ হ’ব পাৰে । এই এনিমেশ্যন ছবিখনৰ স্মৰণীয় সংগীতৰ আঁৰত আছিল মহান সুৰকাৰ বনৰাজ ভাটিয়া ।

গীক পিকচাৰ্ছ ইণ্ডিয়া, এ এ ফিল্মছ আৰু এক্সেল এণ্টাৰটেইনমেণ্টৰ জৰিয়তে ভাৰতৰ চিনেমাগৃহত বিতৰণ কৰা হ’ব ‘ৰামায়ণ: দ্য লিজেণ্ড অফ প্ৰিন্স ৰামা’। ২০২৫ চনৰ ২৪ জানুৱাৰীত ইংৰাজী, হিন্দী, তামিল আৰু তেলুগু ভাষাত ৪কে ফৰ্মেটত মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : চতুৰ্দশ ভাৰত ৰংগ মহোৎসৱ : দেশ-বিদেশৰ নাটকৰ সমাহাৰেৰে জীপাল হ’ব ৰাজধানী