ETV Bharat / entertainment

ন্যায় বিচাৰি প্ৰধানমন্ত্ৰী মোদীলৈ সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আহ্বান

Sushant Singh Rajput Sister: সুশান্ত সিং ৰাজপুতৰ ভগ্নীয়ে প্ৰধানমন্ত্ৰী মোদীক ন্যায় বিচাৰি আবেদন জনাইছে আৰু এই গোচৰত চিবিআইৰ তদন্ত কিমান দূৰ আগবাঢ়িছে সেই কথা জানিবলৈ আৰু অতি সোনকালে ভাতৃৰ ন্যায় পাবলৈ অনুৰোধ জনাইছে ।

Sushant Singh Rajput Sister Urges PM Modi to Look into CBI Probe says 45 Months Since My Brother WATCH
প্ৰধানমন্ত্ৰী মোদীলৈ সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আহ্বান
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 5:31 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: ২০২০ চনৰ ১৪ জুনত মুম্বাইৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতক । মৃত্যুৰ প্ৰায়ে চাৰি বছৰ হ’ল, কিন্তু এতিয়াও ন্যায়ৰ অপেক্ষাত আছে সুশান্তৰ পৰিয়াল । সুশান্তৰ হঠাৎ মৃত্যুত স্তম্ভিত হৈ পৰিছিল সুশান্তৰ অনুৰাগী । কিন্তু সুশান্তৰ মৃত্যু তেওঁৰ পৰিয়ালৰ বাবে আছিল এক কঠিন সময় ৷

তেতিয়াৰ পৰাই ন্যাৰ অপেক্ষাত আছে সুশান্তৰ পৰিয়াল । অৱশ্যে যোৱা ৪ বছৰ ধৰি অভিনেতাজনৰ পৰিয়ালে ন্যায় বিচাৰি দিশহাৰা হৈ পৰিছে । এতিয়া অভিনেতাগৰাকীৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে উপায়বিহীন হৈ ১৪ মাৰ্চত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীৰ পৰা ন্যায় বিচাৰি আবেদন জনাইছে ।

ন্যায়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত আবেদন সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ

শ্বেতাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । এই ভিডিঅ’টোত শ্বেতাক ক’লা পোছাক পৰিধান কৰি থকা দেখা গৈছে । এই ভিডিঅ’টোৰ কেপচনত তেওঁ লিখিছে, ‘‘মোৰ ভাইটিৰ মৃত্যুৰ ৪৫ মাহ হ’ল আৰু আমি এতিয়াও উত্তৰ বিচাৰি আছো, প্ৰধানমন্ত্ৰী মোদী জী অনুগ্ৰহ কৰি আমাক সহায় কৰক আৰু এই তদন্তত চিবিআইয়ে কিমান দূৰ আগবাঢ়িছে খবৰ লওক, আমাৰ আবেদন সুশান্তে ন্যায় পাব লাগে ।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ ভগ্নীয়ে শেহতীয়াকৈ ইউটিউবাৰ ৰণবীৰ এলাহাবদিয়াৰ প’ডকাষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানত শ্বেতাই চিবিআইৰ তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদনৰ কথা কৈছিল । এই শ্ব’টোত শ্বেতাক ভাতৃৰ ন্যায় নোপোৱাৰ বাবে হতাশ হৈ পৰা দেখা গৈছিল ।

লগতে পঢ়ক: চৰকাৰৰ ডাঙৰ পদক্ষেপ, অশ্লীল বিষয়বস্তু দেখুওৱা ১৮টা অ’টিটি প্লেটফৰ্ম, ১৯টা ৱেবছাইট, ১০টা এপ নিষিদ্ধ