সুশান্ত সিং ৰাজপুতৰ ৫ম মৃত্যু বাৰ্ষিকীত কি ক'লে শত্ৰুঘ্ন সিনহাই ?
সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকীত শত্ৰুঘ্ন সিনহাই তেওঁৰ বায়’পিক সন্দৰ্ভত মন্তব্য কৰে । অভিনেতাজনে কি ক’লে জানি লওক-

By ETV Bharat Entertainment Team
Published : June 14, 2025 at 6:58 PM IST
হায়দৰাবাদ : সুশান্ত সিং ৰাজপুত এনে এটা নাম, যি আজিও সকলোৰে চকু সেমেকাই তোলে । কাই পো চে, মহেন্দ্ৰ সিং ধোনি, চিচোৰে আদি হিট ছবিৰে তেওঁ বলীউডক এক নতুন মাত্ৰা দি গৈছে ৷ কিন্তু এই তাৰকাগৰাকীয়ে চলচ্চিত্ৰ জগতত এটা দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে আৰু হঠাতে ২০২০ চনৰ ১৪ জুন তাৰিখে এই পৃথিৱীৰ পৰা বিদায় মাগে । আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত ভাৰতীয় চিনেমাৰ প্ৰবীণ অভিনেতা শত্ৰুঘ্ন সিনহাই তেওঁৰ বায়’পিক সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিছে ।
সুশান্তক প্ৰশংসা শত্ৰুঘ্ন সিন্হাৰ
শত্ৰুঘ্ন সিনহাই কয় যে সুশান্তৰ মৃত্যুৱে কেৱল হিন্দী চিনেমাকেই নহয়, সমগ্ৰ দেশতো এক জোকাৰণিৰ সৃষ্টি কৰিছিল । তেওঁ কয় যে তেওঁৰ কেৰিয়াৰৰ প্ৰথম দিনবোৰত যি আবেগ আৰু উৎসাহ তেওঁৰ মাজত আছিল, সেয়া তেওঁ সুশান্তৰ মাজতো দেখিবলৈ পাইছিল ।
শত্ৰুঘ্ন সিন্হাই লগতে কয় যে যেতিয়া তেওঁ মুম্বাইলৈ আহিছিল তেতিয়া তেওঁৰ কোনো গডফাদাৰ নাছিল, তেওঁৰ হৃদয়ত মাত্ৰ আবেগ আছিল আৰু তেওঁ সুশান্তৰ ক্ষেত্ৰতো তেওঁ একে আবেগ দেখিছিল ।
তেওঁ কয়, “তেওঁ এনে এজন অভিনেতা আছিল যিয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু আবেগেৰে চিনেমা জগতত এক বিশেষ পৰিচয় গঢ়ি তুলিছিল । উৎকৃষ্ট ছবিত কাম কৰি তেওঁ নিজৰ প্ৰতিভা প্ৰমাণ কৰিলে । উদ্যোগটোৰ এজন বাহিৰৰ মানুহৰ বাবে পথটো ইমান সহজ নহয় ।”
তেওঁ অভিনেতা হ’ব বিচৰা যুৱক-যুৱতীসকলক পৰামৰ্শ দিয়ে যে যদি ৪-৫ বছৰৰ পাছতো তেওঁলোকৰ সপোন পূৰণ নহয়, তেন্তে তেওঁলোকে ঘৰলৈ উভতি গৈ নতুন দিশ বিচাৰিব লাগে ।
সুশান্তৰ বায়’পিক নিৰ্মাণ হ’বনে ?
এটা সাক্ষাৎকাৰত সুশান্ত সিং ৰাজপুতৰ ওপৰত বায়’পিক বনাব লাগে নেকি বুলি সোধাত সিন্হাই উত্তৰ দিয়ে, “সুশান্তক বায়’পিক নালাগে । তেওঁৰ জীৱন আৰু তেওঁৰ কৃতিত্বই তেওঁৰ ব্যক্তিত্বৰ সাক্ষ্য দিয়ে ।”
সুশান্ত সিং ৰাজপুতে টেলিভিছনৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । তেওঁৰ প্ৰথম টিভি শ্ব' আছিল- কিছ দেশ মে হে মেৰা দিল । অৱশ্যে অংকিতা লোখণ্ডেৰ সৈতে একতা কাপুৰৰ শ্ব’ পবিত্ৰ ৰিস্তাৰ পৰাহে তেওঁ স্বীকৃতি লাভ কৰে । ইয়াৰ পিছত তেওঁ কাই পো চেৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে আৰু পিছলৈ ঘূৰি চাবলগীয়া নহ’ল । পৰিচালক মুকেশ ছাব্ৰাৰ ছবি দিল বেচাৰাত সঞ্জনা সংঘীৰ সৈতে শেষবাৰৰ বাবে দেখা গৈছিল অভিনেতাগৰাকীক ।
১৪ জুন ২০২০ তাৰিখে হঠাৎ মৃত্যু হয় অভিনেতাজনৰ ৷ তেওঁৰ এপাৰ্টমেণ্টত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় ৷ তাৰ পিছত তেওঁক হত্যা কৰা বুলি সন্দেহ কৰা হয় আৰু গোচৰটো চিবিআইক দিয়া হয়, য’ত কেইমাহমান পূৰ্বে চিবিআইয়ে তেওঁৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক ক্লিন চিট দি কেছ বন্ধ কৰাৰ প্ৰতিবেদন দাখিল কৰে ।
লগতে পঢ়ক : আহমেদাবাদৰ বিমান দুৰ্ঘটনাত বিক্ৰান্ত মেছিয়ে হেৰুৱালে পৰিয়ালৰ ঘনিষ্ঠ বন্ধু

