মাজুলী: ৰঙালীৰ ৰঙত মতলীয়া হৈ আছে ৰাজ্যবাসী । সমগ্র ৰাজ্যৰ আকাশ-বতাহ এতিয়া মুখৰিত হৈ পৰিছে ঢোল-পেঁপা-গগনাৰ মাতেৰে । ঘৰে ঘৰে হুঁচৰি মৰাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ব’হাগী উৎসৱ ।
প্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ ভিৰ কৰিছে শ্ৰোতা-দৰ্শকেও ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে মাজুলীতো এক ৰঙীন পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷
‘সৃষ্টি- এক সমন্বয় যাত্ৰা’ৰ উদ্যোগত উজনি মাজুলীৰ ভকতিদুৱাৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ব’হাগী উৎসৱ ৷ দেওবাৰে নিশা এই ব’হাগী উৎসৱৰ সফল সামৰণি পৰে । ব’হাগী উৎসৱৰ শেষৰ দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিতুল দাধৰাৰ সংগীতানুষ্ঠান । কণ্ঠশিল্পীগৰাকীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক গোট খায় ৷ ইটোৰ পাছত সিটো গান গাই নিতুল দাধৰাই মুহিলে শ্ৰোতা-দৰ্শকক ৷ তেওঁৰ গানত হেঁপাহ পলুৱাই বিহু নাচিলে উপস্থিত ৰাইজে ।
পিছে বিহুৰ সময়ত জাতীয় সাজপাৰ পৰিধান কৰি মঞ্চত উঠা সন্দৰ্ভত চলি থকা আলোচনাৰ মাজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে নিতুল দাধৰাৰ সাজযোৰে ৷ মঞ্চত জাতীয় সাজপাৰ পিন্ধি গীত পৰিৱেশন কৰে নিতুল দাধৰাই । ধুতি আৰু কুৰ্তা পিন্ধি ডিঙিত গামোচা লৈ গীত পৰিৱেশন কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷
উল্লেখ্য যে, সৃষ্টি- এক সমন্বয় যাত্ৰাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ব’হাগী উৎসৱৰ আৰম্ভণি মাজুলীৰ বিভিন্ন প্ৰান্তৰ ৫০০ নাচনীৰ বিহুনাচেৰে হয় । প্ৰথমদিনা দিনৰ ভাগত সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা আৰু দ্বিতীয় দিনা জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
লগতে পঢ়ক : পাঁচশ নাচনীৰ গিৰিপনিত কঁপি উঠিল নদীদ্বীপ মাজুলী